অসমীয়াত ডিজিটেল সোণৰ বিষয়ে About Digital Gold in Assamese


নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ব্লগলৈ স্বাগতম জনালোঁ। বৰ্তমান ইণ্টাৰনেটৰ ব্যাপক প্ৰসাৰে সমগ্র বিশ্বক এখন সৰু গাঁৱলৈ ৰূপান্তৰিত কৰিছে। সকলোৰে প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয়-বিক্ৰয় ইন্টাৰনেটৰ মাধ্যমেৰে কৰিবলৈ সক্ষম হৈছে, তাৰে ভিতৰত ডিজিটেল গোল্ড (Digital Gold) অন্যতম। সেয়ে আজি আমি ডিজিটেল সোণৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছো।


ডিজিটেল সোণ (Digital Gold) কি?


   ডিজিটেল সোণ হৈছে ইন্টাৰনেটৰ যোগেদি ডিজিটেল সোণৰ ৱেবচাইট, বিভিন্ন টকা আদান-প্ৰদান কৰা ৱালেট (Wallet) ৰ মাধ্যমেৰে টকাৰ বিনিময়ত সোণ ক্ৰয় কৰিব পৰা যায়। ডিজিটেল গোল্ডত বিনিয়োগ কৰা টকাৰ ওপৰত ভিত্তি কৰি সেই টকাৰ পৰিমাণৰ সোণ ডিজিটেল ৱালেটৰ ভল্ট বা ভঁড়ালত ক্ৰয় কৰি থব পাৰে। ডিজিটেল সোণৰ মূল্য নিৰ্ধাৰণ হয় সঠিক সময়ত এখন দেশত চলি থকা সোণৰ মূল্যক কেন্দ্ৰ কৰি।


ডিজিটেল সোণ বিনিয়োগ কি?

   
   ডিজিটেল সোণ বিনিয়োগ কৰিব পৰা ৱেবছাইটসমূহ আৰু টকা ডিজিটেল ৰূপত আদান-প্ৰদান কৰিব পৰা ৱালেটসমূহৰ পৰা সঠিক সময়ত নিৰ্ধাৰিত সোণৰ মূল্যত টকা বিনিয়োগ কৰি ডিজিটেল ভল্টত সোণ জমা কৰি ৰাখিব পাৰে। 

সোণৰ মূল্য যদি আমি চাওঁ দেখিম যে - কলিকতাত ১০ গ্ৰাম সোণৰ মূল্য - ৩০ ছেপ্টেম্বৰ, ২০১৬ চনত - ৩১,৫০০ টকা, ১৩ ছেপ্টেম্বৰ, ২০১৯ চনত - ৩৮,৬০০ টকা, ১৩ মাৰ্চ, ২০২০ চনত ৪২,৩৩০ টকা, ৭ আগষ্ট, ২০২০ চনত - ৫৬,৯৭৫ টকা, ২৬ ফেব্ৰুৱাৰী, ২০২১ চনত - ৪৭,৩০০ টকা।

৩০ ছেপ্টেম্বৰ, ২০১৬ চন

১৩ ছেপ্টেম্বৰ, ২০১৯ চন

৭ আগষ্ট, ২০২০ চন

২৬ ফেব্ৰুৱাৰী, ২০২১ চন

ওপৰত উল্লেখিত সোণৰ দামৰ পৰা দেখা গল যে - ক্ৰমান্বয়ে সোণৰ দাম বৃদ্ধি পাই আহিছে আৰু কৰ'ণা মহামাৰীৰ সময়ত অৰ্থাৎ ৭ আগষ্ট, ২০২০ চনত সোণৰ মূল্য ৫৬,৯৭৫ টকা পৰ্যন্ত বৃদ্ধি পাইছিল। প্ৰতি বছৰে ক্ৰমে সোণৰ মূল্য বৃদ্ধি পায়, ফলত ডিজিটেল সোণ বিনিয়োগ এক লাভজনক বুলিব পাৰি (ডিজিটেল সোণত টকা বিনিয়োগ কৰাটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব) আৰু ডিজিটেল সোণৰ বিনিয়োগৰ ক্ষেত্ৰত কিছু কথা আলোচনা কৰা হ'ব।

ডিজিটেল সোণ বিনিয়োগ কৰিলে - আপুনি যদি ১৫০০ টকাৰ ডিজিটেল সোণ ক্ৰয় কৰে, তেন্তে আপুনি পাব ১৪৫৫ টকাৰ ডিজিটেল সোণ (কম-বেছি হব পাৰে), কাৰণ GST ত পৰিশোধ কৰিব লাগিব। ডিজিটেল সোণ বিনিয়োগ কৰিব পাৰে নিম্নতম ১ টকাৰ পৰা।


ডিজিটেল সোণ বিনিয়োগৰ সময় সীমা :- 


   ভাৰতত ডিজিটেল সোণৰ ভল্ট বা ভঁড়াল তিনিটা। সেইকেইটা হ'ল - MMTC-PAMP, SAFEGOLD আৰু AUGMONT । এই ভল্ট কেইটাৰ বিষয়ে পিছলৈ আলোচনা কৰা হব। এইকেইটা ভাৰতৰ ডিজিটেল গোল্ডৰ ভল্ট বা ভঁড়াল। ভাৰতত ডিজিটেল সোণ বিনিয়োগ কৰিলে এই ভল্ট কেইটাৰ যিকোনো এটা বা আটাইকেইটা ব্যৱহাৰ কৰিব পাৰে নিজ ইচ্ছা অনুযায়ী।

ডিজিটেল সোণ SAFEGOLD ত ক্ৰয় কৰা সময়ৰ পৰা পাঁচ বছৰৰ বাবে থব পাৰিব তাৰ পিছত পুনৰ বিক্ৰী কৰিব পাৰিব বা বিতৰণ (Delivery) লব পাৰিব বা অতিৰিক্ত মাচুল পৰিশোধ কৰি থব পাৰিব। SAFEGOLD য়ে পাঁচ বছৰ থোৱাৰ পিছত আকৌ থবলৈ হলে পিছৰ প্ৰতি বছৰে আপোনাৰ জমা সোণৰ পৰিমাণৰ প্ৰায় ০.০৩ - ০.০৪ শতাংশ মাচুল পৰিশোধ কৰিব। SAFEGOLD ত সোণ বিতৰণ (Delivery) লবলৈ নিম্নতম ১ গ্ৰাম হ'ব লাগিব। DIGITAL GOLD INDIA PVT.LTD ৰ ব্ৰেণ্ড SAFEGOLD । World Gold Council (India) Private Limited ৰ কোম্পানীত কিছু অংশীদাৰিত্ব আছে। SafeGold - 24 Karat Gold of 9999 purity (99.99% pure).

ডিজিটেল সোণ MMTC-PAMP ত ক্ৰয় কৰা সময়ৰ পৰা পাঁচ বছৰৰ বাবে সোণ ক্ৰয় আৰু সংৰক্ষণ কৰি ৰাখিব পাৰে। পাঁচ বছৰৰ পিছত পুনৰ বিক্ৰী কৰিব পাৰিব, বিতৰণ (Delivery) লব পাৰিব নিম্নতম ১ গ্ৰাম হলে আৰু MMTC-PAMP ৰ নিৰ্দেশ অনুসৰি মাচুল পৰিশোধ কৰি ডিজিটেল সোণ বিনিয়োগৰ সময় বৃদ্ধি কৰিব পাৰে। MMTC ভাৰত চৰকাৰৰ উদ্যোগত আৰু চুইজাৰলেণ্ডৰ PAMP SA (বিশ্বৰ উচ্চস্তৰৰ বুলিয়ন ব্ৰেণ্ড), MKS PAMP GROUP ৰ যৌথ উদ্যোগত স্থাপন কৰা হৈছে। MMTC-PAMP - 24K 999.9 purity Gold.

Augmont ত ডিজিটেল সোণ পোৱাৰ লগতে ৰূপৰ মুদ্ৰাও যোগান ধৰে। Augmont ত ডিজিটেল সোণ ১ টকাৰ পৰা ১০,০০০০০ টকা পৰ্যন্ত ডিজিটেল সোণ বিনিয়োগ কৰিব পাৰে আৰু বিতৰণ (Delivery) লব পাৰে। (Augmont ত বৰ্তমান ১০,০০০০০ টকাত ২৯,১২৬.২১ টকা টেক্স আৰু ২০৮.৩২৮৫ গ্ৰাম সোণ পোৱা যাব। [ ০২/০৩/২০২১ তাৰিখ] ) AUGMONT এক সমন্বিত মূল্যবান ধাতু ব্যৱস্থাপনা কোম্পানী, যি অনলাইন মঞ্চ, সোণ শোধন আৰু টেম্পাৰ প্ৰুফ পেকেট গহনা নিৰ্মাণৰ জৰিয়তে সোণ আৰু ৰূপৰ মুদ্ৰা ব্যৱসায়ত কাম কৰে। Augmont Gold 24K 999.


ডিজিটেল সোণ কিনাটো উচিত নে?


   ডিজিটেল সোণ কিনাটো নিৰ্ভৰ কৰিব আপোনাৰ নিজ সিদ্ধান্তৰ ওপৰত। বৰ্তমান সময়ত সাম্প্ৰতিক প্ৰেক্ষাপটতলৈ চাই দিনক দিনে সোণৰ মূল্য বৃদ্ধি পাই আহিছে আৰু কৰ'ণা ভাইৰাছে সমগ্র বিশ্বতে স্থবিৰ কৰি তোলা সময়ত ভাৰতত ১০ গ্ৰাম 24K (99.5%) সোণৰ দাম হৈছিল - ৫৬,৯৭৫ টকা পৰ্যন্ত আৰু আপুনি ক্ৰয় কৰি থোৱা ভল্টত ডিজিটেল সোণৰ মূল্য বৰ্তমান সময়ত হৈ থকা সোণৰ মূল্যৰ সৈতে হৈ থাকিব কিন্তু আপুনি ঘৰত ব্যক্তিগতভাৱে থৈ দিয়া সোণ বিক্ৰী কৰিবলৈ দোকানলৈ গলে বৰ্তমান সোণৰ প্ৰকৃত মূল্য নাপাবও পাৰে। ডিজিটেল সোণ ১ টকাৰ পৰা কিনিব পাৰি ডিজিটেল সোণ ক্ৰয়-বিক্ৰয় কৰা ৱেবচাইট সমূহ যেনে - MMTC-PAMP, SAFEGOLD, AUGMONT আদিৰ পৰা আৰু Paytm, Phonepe, Google Pay আদিৰ পৰাও ক্ৰয় কৰিব পাৰি আৰু ডিজিটেল গোল্ডৰ ভল্ট সমূহে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট ডিজিটেল সোণ জমা হলে বিতৰণ (Delivery)ও লব পাৰি। 

   Paytm, Phonepe, Google Pay আদি সমূহ একো একোটা মঞ্চহে (Platform), তেওঁলোকে SAFEGOLD, MMTC-PAMP, AUGMONT আদি ডিজিটেল সোণৰ ভল্ট সংযোগ কৰে ডিজিটেল সোণ ক্ৰয় কৰিব বিচৰা গ্ৰাহকসকলৰ সৈতে।

ডিজিটেল সোণৰ সুবিধাসমূহ:- 


১/ ডিজিটেল সোণ ১০০% সুৰক্ষিত আৰু ডিজিটেল সোণ ক্ৰয় কৰিলে ডিজিটেল সোণৰ প্ৰতিষ্ঠান সমূহে গ্ৰাহকসকলক Invoice- customer copy প্ৰদান কৰে।

২/ ডিজিটেল সোণ বিশুদ্ধ আৰু ক্ৰয়ৰ ক্ষেত্ৰত সুবিধাজনক।

৩/ ডিজিটেল সোণ ১ গ্ৰামৰ পৰা আৰম্ভ কৰি ঘৰতে বিতৰণ (Delivery) লব পাৰে।

৪/ ডিজিটেল সোণ অনলাইনত ঋণৰ বাবে সমল হিচাপে ব্যৱহাৰ কৰিব পাৰে।

৫/ ডিজিটেল সোণ যেতিয়াই ইচ্ছা কৰে কিনিবও পাৰিব আৰু বিক্ৰী কৰিবও পাৰিব অনলাইনত।

৬/ বজাৰত সোণৰ মূল্যৰ যিকোনো পৰিৱৰ্তন হলে ডিজিটেল সোণৰ মঞ্চ (Platform) সমূহতো সঠিক সময়ত সোণৰ মূল্য দেখা যায়, ফলত ডিজিটেল সোণ বিনিয়োগকাৰীসকলে সঠিক সিদ্ধান্তত উপনীত হব পাৰে।


ডিজিটেল সোণৰ অসুবিধাসমূহ :- 


১/ ডিজিটেল সোণ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰখাৰ পিছত ভল্ট সমূহে ডিজিটেল সোণ সঞ্চয় কৰি থোৱাৰ বাবদ অতিৰিক্ত মাচুল সংগ্ৰহ কৰে আৰু অতিৰিক্ত মাচুল দিব নিবিচাৰিলে ঘৰত বিতৰণ (Delivery) লব লাগিব বা ডিজিটেল সোণ বিক্ৰী কৰিব লাগিব।

২/ ডিজিটেল সোণ বেছিভাগ মঞ্চত (Platform) ত বিনিয়োগৰ সীমা ২ লাখ টকা।

৩/ ডিজিটেল সোণ ঘৰত বিতৰণ (Delivery) কৰিবলৈ অতিৰিক্ত মাচুল সংগ্ৰহ কৰে।

সামৰণি :-


   আজি ডিজিটেল সোণ (Digital Gold) ৰ সম্পৰ্কে কিছুমান তথ্য এই puhorbisarijau.in ব্লগৰ মাধ্যমেৰে আপোনালোকৰ সৈতে ভাগ-বতৰা কৰিবলৈ চেষ্টা কৰিলোঁ। আশাকৰোঁ আপোনালোকে ডিজিটেল সোণৰ সম্পৰ্কে এই লিখনিৰ পৰা কিছু তথ্য জানিব পাৰিছে। ডিজিটেল সোণত টকা বিনিয়োগ কৰাটো আপোনাৰ নিজৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে ডিজিটেল সোণ বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে চাবলৈ অনুৰোধ জনালোঁ, ধন্যবাদ।

লগতে চাওক - 

2 Comments

  1. জানিবলৈ পাই ভাল লাগিল । নজনা কথা শিকিলোঁ

    ReplyDelete
Previous Post Next Post