আপোনাৰ ম'বাইললৈ ছৌদি আৰৱৰ পৰা ফোন আহিছে নেকি? সাৱধান


 বহুতৰে ম'বাইললৈ ছৌদি আৰৱৰ পৰা ফোন আহিছে বুলি ফেচবুকত দেখা পাইছোঁ। আচলতে এয়া এক scam call অৰ্থাৎ আপোনাৰ পৰা তথ্য আৰু অৰ্থ সৰকোৱাৰ ফন্দি। আচলতে (ভাৰতৰো হ’ব পাৰে) কিছুমান অপৰাধীয়ে কম্পিউটাৰৰ সহায়ত কিছুমান আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ যোগেদি কল ৰুটিং কৰি এই কামটো কৰে। সাধাৰণতে যিঠাইত বিদেশত কৰ্মৰত মানুহ বেছি আছে তেনে ঠাইলৈ এইধৰণৰ কল বেছিকৈ অহা পৰিলক্ষিত হৈছে। scam টো মূলতঃ এনেধৰণৰ — অপৰাধীয়ে একোটা system generated call ৰ সহায়ত আপোনালৈ ফোন কৰি কলটো এবাৰ ৰিং কৰাৰ পাছত কাটি দিয়ে। এতিয়া যাৰ ঘৰৰ সদস্য বিদেশত থাকে তেনে ঘৰৰ লোকে নিশ্চয় কল বেক কৰিব। কল বেক কৰিলে যিহেতু কলটো আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ(international premium rate number (IPRN) যোগেদি হয় আপোনাৰ ম'বাইলৰ বেলেন্স scamster জনে লাভ কৰে(যেনেদৰে আপুনি কিছুমান নম্বৰলৈ মেছেজ কৰিলে আপোনাৰ বেলেন্স সৰহকৈ কটা যায় প্ৰায় তেনেদৰেই)। বহুসময়ত social engineering নামৰ এক কৌশলৰ যোগেদি আপোনাৰ গোপনীয় তথ্য যেনে বেংক একাউণ্টৰ সবিশেষ, ক্ৰেডিট কাৰ্ডৰ তথ্যও সৰকাব পাৰে। scammer বোৰে আপোনাৰ নম্বৰ সাধাৰণতে TrueCaller বা বহু ব্যৱসায়িক প্ৰতিষ্ঠান য'ত আপুনি আপোনাৰ নম্বৰ দি থৈছিল তাৰ পৰা সংগ্ৰহ কৰে। সংগ্ৰহ মানে আচলতে প্ৰতিষ্ঠানবোৰে আপোনাৰ তথ্য বিক্ৰী কৰে। এনেকুৱা system generated call ৰ উৎস ধৰা পেলোৱাটো কঠিন। সেইবাবে ইয়াৰ পৰা হাত সাৰি থাকিবলৈ ভুলতো এনেধৰণৰ ফোন কলৰ কলবেক নকৰিব। 
এই ধৰণৰ scam ৰ আৰম্ভণি জাপানত হৈছিল বুলি জনা যায়, যাক কোৱা হৈছিল Wangiri যাৰ অৰ্থ হৈছে One ring and cut ।
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব