দশম শ্ৰেণীৰ পৰিৱেশ আৰু পৰিবেশৰ সমস্যা কিছু অতিৰিক্ত প্ৰশ্নোত্তৰ | SEBA

১/ পৰিবেশ বুলিলে কি বুজা?

উত্তৰ:-   পৰিবেশ শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয়। এই উপাদানসমূহ জৈৱ আৰু অজৈৱ দুয়ো প্ৰকাৰৰ হ'ব পাৰে। জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা। বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। আনহাতে, মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন উপদানবোৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে। এই জৈৱ আৰু অজৈৱ উপাদানসমূহে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা বা পৰিবেশৰ সৃষ্টি কৰে। প্ৰতিটো জীৱ বা জীৱ-সম্প্ৰদায় তাৰ কেওকাষৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। সেই অৰ্থত জীৱবোৰো সিহঁতৰ পৰিবেশৰে একো-একোটা অংগ। মানুহো এক প্ৰকাৰৰ জীৱ। বৰ্তি থকাৰ বাবে মানুহেও চাৰিওফালৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে।


২/ স্থলমণ্ডল বুলিলে কি বুজা?

উত্তৰ:-   শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে। ই ভূ-পৃষ্ঠৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে। স্থলমণ্ডলে পৃথিৱীৰ পাহাৰ-পৰ্বত, মালভূমি, সমভূমি, নদী-উপত্যকা, উপকূল আদি থাকে। স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ পৰিবেশতন্ত্ৰৰ অন্য তিনিটা মণ্ডল (জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল)ৰ ওপৰত নিৰ্ভৰশীল।


৩/ জলমণ্ডল বুলিলে কি বুজা?

উত্তৰ:-   পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ আগুৰি আছে। স্থলমণ্ডলত থকা নদ-নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত। জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল।


৪/ বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰ:-   ভূ-পৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰ'জেন, হাইড্ৰ'জেন, কাৰ্বন-ডাই-অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোকে বায়ুমণ্ডল বোলে। ভূ-পৃষ্ঠৰ পৰা ১০০০০ কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি ক'ব পাৰি। বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৰিবেশতন্ত্ৰৰ অন্য তিনিওটা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল।


৫/ জীৱমণ্ডল বুলিলে কি বুজা?

উত্তৰ:-   জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰক সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে - স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ (Homo Sapiens) হৈছে এটা মাত্ৰ প্ৰজাতি।


৬/ পাৰিবেশিক সমস্যা বুলিলে কি বুজা?

উত্তৰ:-   পৰিবেশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ মাজত ভাৰসাম্য থকালৈকে বিশেষ কোনো ধৰণৰ সমস্যা গা কৰি নুঠে। পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ অগণন উপাদানৰ মাজত সম্পৰ্ক যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত আছিল, তেতিয়ালৈকে পৰিবেশৰ কোনো সমস্যাই মানুহক আজিৰ দৰে জুৰুলা কৰা নাছিল। পিছে যোৱা তিনিটামান শতিকাৰ ভিতৰত মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদৰ প্ৰয়োজন ইমানেই হ'ল যে পৰিবেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হৈ নাথাকিল। পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়া-কলাপৰ চাপ পৰিল। এহাতে অৰণ্যভূমি হ্ৰাস পালে আৰু আনহাতে, বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। পৰিণতিস্বৰূপে ন ন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। মূলতঃ পৰিবেশৰ লগত জড়িত কাৰণেই এই সমস্যাবোৰক পাৰিবেশিক সমস্যা আখ্যা দিয়া হয়।


৭/ ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যা সমূহক কিমান ধৰণেৰে বিবেচনা কৰিব পাৰি আৰু কি কি?

উত্তৰ:-   ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাসমূহক তিনিধৰণেৰে বিবেচনা কৰিব পাৰি। সেইসমূহ হৈছে - ১/ স্থানীয় সমস্যা, ২/ আঞ্চলিক সমস্যা, ৩/ গোলকীয় সমস্যা।


৮/ স্থানীয় সমস্যা বুলিলে কি বুজা?

উত্তৰ:-   স্থানীয় সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা স্থানীয় সমস্যাসমূহ একো-একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে। উদাহৰণস্বৰূপে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি স্থানীয় সমস্যাৰ অন্তৰ্গত।


৯/ আঞ্চলিক সমস্যা বুলিলে কি বুজা?

উত্তৰ:-   আঞ্চলিক সমস্যা একো-একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে আৰু একোটা আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাষ্ট্ৰকো সামৰি ল'ব পাৰে। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী-অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ।


১০/ গোলকীয় সমস্যা বুলিলে কি বুজা?

উত্তৰ:-   কিছুমান পাৰিবেশিক সমস্যাই সমগ্র পৃথিৱীকে সামৰি লয়। তেনে সমস্যাৰ বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে, এনে সমস্যাবোৰকে গোলকীয় সমস্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে - গোলকীয় উত্তাপ বৃদ্ধি।


১১/ প্ৰদূষক কাক বোলে?

উত্তৰ:-   মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিবেশত সংযোজিত হ'লে জীৱজগতৰ ক্ষতিসাধন কৰিব পাৰে। এনে দ্ৰব্যক প্ৰদূষক বুলি কোৱা হয়। প্ৰদূষকৰ উদাহৰণ - ছাঁই, সীহ, ধূলি, ধোঁৱা, দুৰ্গন্ধ, ছালফাৰ ডাই-অক্সাইড, কাৰ্বন-মন'ক্সাইড আদি।


১২/ প্ৰদূষিত মাটি বুলিলে কি বুজা?

উত্তৰ:-   মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে ই এক অপৰিহাৰ্য্য সম্পদ। মানৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে। কিন্তু পৰিতাপৰ বিষয় যে মূলতঃ মানৱজনিত কাৰণতেই মাটি সম্পদ প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজষ্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্ৰাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগক প্ৰদূষিত মাটি বুলি বিবেচনা কৰা হয়।


১৩/ বায়ু প্ৰদূষণ বুলিলে কি বুজা?

উত্তৰ:- পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। জুলীয়া আৰু গোটা পদাৰ্থও কিছু পৰিমাণে বিভিন্ন অৱস্থাত বায়ুমণ্ডলত থাকে। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰ'জেন (৭৮.০৮ শতাংশ), অক্সিজেন (২০.৯৪ শতাংশ), কাৰ্বন-ডাই-অক্সাইড (০.০৩৫ শতাংশ) আদিয়েই প্ৰধান। এক নিৰ্দিষ্ট অনুপাতত থাকি এই পদাৰ্থবোৰে বায়ুমণ্ডলক ভাৰসাম্য অৱস্থাত ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্য বিনষ্ট হ'লে, বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাটো নিশ্চিত। প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে, বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে, বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়।


১৪/ বায়ু প্ৰদূষণৰ কাৰণ সমূহ উল্লেখ কৰা।

উত্তৰ:-   বায়ু দুষিতকাৰী প্ৰধান প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয়গিৰী উদ্গিৰণেই প্ৰধান। আগ্নেয়গিৰী উদ্গিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাঁই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে। বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যাৱলীয়ে প্ৰদূষিত কৰিছে। শিল্প-উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্য পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰক। দৰাচলতে ইউৰোপত আৰম্ভ হোৱা শিল্প-বিপ্লৱৰ পিছৰেপৰা বায়ুমণ্ডল দূষিত হ'বলৈ ধৰে। ক্ৰমবৰ্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই বায়ুমণ্ডলত কাৰ্বন-মন'অক্সাইড (CO), নাইট্ৰ'জেন ডাই-অক্সাইড (NO2), হাইড্ৰ'কাৰ্বন, ছালফাৰ ডাই-অক্সাইড (SO2) আদি বিষাক্ত গেছ সংযোগ কৰে। এইবোৰ গেছে বায়ুমণ্ডল প্ৰদূষিত কৰে।


১৫/ পানী প্ৰদূষণ কাক বোলে?

উত্তৰ:-   পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, অণুজীৱ, পদাৰ্থকণা, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বুলি কোৱা হয়।


১৬/ পানী কি কি কাৰণত প্ৰদূষণ হয় লিখা।

উত্তৰ:-   পানী প্ৰদূষণৰ বহুতো কাৰণ আছে তাৰে ভিতৰত বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়। বায়ুমণ্ডলত জমা হোৱা ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰে। জলাশয়ৰ পানীত এচিডৰ মাত্ৰা বৃদ্ধি পালে জলজ উদ্ভিদ আৰু জীৱৰ বহুতৰে বিলুপ্তি ঘটে। আনহাতে, সাম্প্ৰতিক কালত নানা কাৰণত সাগৰ-মহাসাগৰৰ পানীভাগো ঠাই বিশেষে প্ৰদূষিত হোৱাটো পৰিলক্ষিত হৈছে। উদ্যোগৰ পেলনীয়া নিক্ষেপ কৰাৰ উপৰি তেলবাহী জাহাজ দুৰ্ঘটনাগ্ৰস্থ হ'লেও সাগৰৰ পানী দূষিত হয়।


১৭/ শীতল মৰুভূমি বুলিলে কি বুজা?

উত্তৰ:-   পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰাকৃতিকভাৱে মৰুভূমিবোৰ অৱস্থিত। মৰুভূমিত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি। সেয়ে মৰুভূমিৰ পৰিবেশ শুকান। গছ-গছনি কম। মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ প্ৰায় ২০ শতাংশ সামৰি আছে। ইয়াৰ বিপৰীতে মেৰু অঞ্চলৰ বৰফাবৃত্ত এলেকাবোৰক শীতল মৰুভূমি হিচাপে গণ্য কৰা হয়।


১৮/ মৰুকৰণ বুলিলে কি বুজা?

উত্তৰ:-   মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়।


১৯/ মৰুকৰণৰ কাৰণ দৰ্শোৱা।

উত্তৰ:-   সাধাৰণতে নানা ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্টকাৰকে মৰুকৰণ প্ৰক্ৰিয়াক সহায় কৰে। প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধিয়েই প্ৰধান। বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্ৰায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়া ত্বৰাম্বিত কৰে। কিন্তু সাম্প্ৰতিক কালত সকলোকে চিন্তিত কৰা গোলকীয় উত্তাপ বৃদ্ধিয়ে মৰুকৰণ প্ৰক্ৰিয়াক ভয়াবহ ৰূপ দিব বুলি বহুতো বিজ্ঞানীয়ে আশংকা কৰিছে। মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংসই প্ৰধান। 


২০/ মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?

উত্তৰ:-   মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সন্মুখত এতিয়া এটা জটিল প্ৰত্যাহ্বান। আন্তৰ্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মৰুকৰণ সমস্যা ক্ৰমে জটিল হৈ আহিছে। মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হ'লে ভৱিষ্যতে এই সমস্যা আৰু অধিক জটিল হৈ পৰিব। সেয়েহে মৰুকৰণ ৰোধৰ প্ৰচেষ্টাও মানুহে হাতত ল'ব লাগিব।


২১/ সেউজগৃহ গেছ কাক বোলে?

উত্তৰ:-   বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পাৰে। এনে গেছবোৰৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইড, মিথেন, জলীয় বাষ্প আদিয়েই প্ৰধান। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে কাৰণে এইবোৰ গেছক সেউজগৃহ গেছ বোলা হয়।


২২/ গোলকীয় উত্তাপ বৃদ্ধিৰ সম্পৰ্কে লিখা।

উত্তৰ:-   ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পৰা সেউজগৃহ গেছ মিথেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদি এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ ০.১ শতাংশ মাথোন। এনে ধৰণে স্বাভাৱিকভাৱে থকা এইবোৰ গেছে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠতো উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু যিকোনো কাৰণ যেনে জীৱাশ্ম ইন্ধনৰ সৰ্বাধিক ব্যৱহাৰ, কিছুমান উদ্যোগৰ চাহিদা পূৰণ কৰিবলৈ গছ-গছনি ধ্বংস, আগ্নেয়গিৰী উদ্গিৰণ আদি সমূহৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। এনেদৰে মানুহৰ কাৰ্যাৱলীৰ লগতে প্ৰাকৃতিক কাৰণত সৃষ্টি হোৱা কাৰকেও সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰিছে। এইদৰে যোৱা প্ৰায় ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্ৰায় ৩০ শতাংশ বাঢ়িছে। তদুপৰি বায়ুমণ্ডলত মিথেন, ক্লৰ'ফ্লুৰ' কাৰ্বন, নাইট্ৰাছ অক্সাইড আদি গেছৰ পৰিমাণো বাঢ়িছে। এই আটাইবোৰ গেছে ক্ৰমে অধিক মাত্ৰাত শক্তি ধৰি ৰাখি বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠৰো উত্তাপ কিছু হ'লেও বৃদ্ধি কৰিছে। শিল্প-বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ প্ৰায় ০.৭৬ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে আৰু বিজ্ঞানীমহলে অনুমান কৰিছে যে চলিত শতিকাৰ শেষলৈ ভূ-পৃষ্ঠৰ উত্তাপ প্ৰায় ৫.৮ ডিগ্ৰী চেলছিয়াছ বাঢ়িব। এনে ধৰণৰ উত্তাপ বৃদ্ধিয়ে পৃথিৱীৰ পৰিবেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰি প্ৰাণীজগতৰ কাৰণে ভয়াবহ সমস্যাৰ সৃষ্টি কৰিব। এনেদৰে পৃথিৱী পৃষ্ঠৰ উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিয়েই হ'ল গোলকীয় উত্তাপ বৃদ্ধি।


২৩/ গোলকীয় উত্তাপ বৃদ্ধিয়ে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।

উত্তৰ:-   গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদি প্ৰধান সমস্যাৰ সৃষ্টি হব।

2 Comments

  1. ব্রাজিলত পোৱা ঘাঁহনি অঞছলক কি বুলি জনা যায় ?

    ReplyDelete
    Replies
    1. কেম্পাছ (campos) নামেৰে জনা যায়।

      Delete
Previous Post Next Post