আৰোগ্য সেতু এপ্লিকেচন কি ? আৰোগ্য সেতু এপ্লিকেচনে আপোনাক কৰ'ণা ভাইৰাছৰ পৰা বচাব, কিন্তু কেনেকৈ ?

আৰোগ্য সেতু এপ্লিকেচন কি ? আৰোগ্য সেতু এপ্লিকেচনে আপোনাক কৰ'ণা ভাইৰাছৰ পৰা বচাব, কিন্তু কেনেকৈ ?


আৰোগ্য সেতু এপ্লিকেচন কি ?


আৰোগ্য সেতু এপ্লিকেচন ভাৰত চৰকাৰে কৰ'ণা ভাইৰাছৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ নিমিত্তে নিৰ্মাণ কৰা এক মোবাইল এপ্লিকেচন। এই আৰোগ্য সেতু এপ্লিকেচন ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে। NIC eGov Mobile Apps য়ে ২০২০ বৰ্ষৰ ৮ এপ্ৰিলত Google Play Store ত Update কৰিছিল আৰু এই Application টো Apple App Store টো উপলব্ধ। আৰোগ্য সেতু এপ্লিকেচনৰ Size 2.8 MB, Android ৰ 5.0 আৰু ওপৰৰ Version ৰ Device ৰ বাবে উপলব্ধ। বৰ্তমানলৈকে আৰোগ্য সেতু এপ্লিকেচনৰ Version 1.0.4 আৰু ভাৰত চৰকাৰে ৰাইজলৈ জনোৱা অনুৰোধৰ পৰিপ্ৰেক্ষিতত ১০ কোটিতকৈ অধিক লোকে এই আৰোগ্য সেতু এপ্লিকেচন ডাউনলোড কৰিছে Google Play Store ৰ পৰা।



আৰোগ্য সেতু এপ্লিকেচনে আপোনাক কৰ'ণা ভাইৰাছৰ পৰা বচাব, কিন্তু কেনেকৈ ?

আৰোগ্য সেতু এপ্লিকেচন Install কৰি Open কৰিলে প্ৰথমে ভাষা নিৰ্বাচন কৰিব লাগিব, আৰু পিছৰ Step ত Bluetooth Open ৰ বাবে Allow Permission বিচাৰিব, Allow Click কৰিব তাৰ পিছত ওলাব চৰকাৰে আপোনাৰ মোবাইলৰ পৰা যিবোৰ Data লব সেইবোৰ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব আৰু চৰকাৰে সেই Data সম্পূৰ্ণ গোপনে ৰাখিব, তাৰ পিছত Location Allow আহিব, সেইটো Allow কৰিব, তাৰ পিছত প্ৰক্ৰিয়াত মোবাইল নম্বৰ দি Register কৰিব। ফোন নম্বৰ এই কাৰণেই লোৱা হয়, ধৰি লোৱা হ'ল আপুনি এখন Meeting ত অংশগ্ৰহণ কৰিলে আৰু তাত ভিন্ন মানুহ লগ পালে, সেই সকলো তথ্য আৰোগ্য সেতু এপ্লিকেচনত সংগ্ৰহ থাকিব আৰু আপুনি সেই Meeting ত লগপোৱা, মানে আৰোগ্য সেতু এপ্লিকেচনয়ে নিৰ্ধাৰণ কৰি দিয়া ৬ মিটাৰৰ আশে-পাশে থকা এজন ব্যক্তি কৰ'ণা Positive ধৰা পৰিলে তেতিয়া আপোনালৈ সতৰ্ক কৰি দিব যে তাৰ পিছত আপুনি কি কৰিব লাগিব। এই পদ্ধতিত কাম কৰিবলৈ সেয়ে আৰোগ্য সেতু এপ্লিকেচন সকলোৱে Install কৰাটো জৰুৰী। ফোন নম্বৰ Registration কৰা পিছত OTP আহিব, আপুনি Registration কৰা সেই বিশেষ ফোন নম্বৰত, সেইটো স্বয়ংক্ৰিয়ভাৱে Fill up হৈ যায় আৰোগ্য সেতু এপ্লিকেচন Open কৰা মোবাইলতে ফোন নম্বৰ থাকিলে অন্যথা OTP অহা মেছেজ চাই OTP fill up কৰি লব লাগিব, তাৰ পিছত আপোনাৰ নাম, বয়স, কি কাম কৰে, পিছৰ ৩০ দিনত কিবা দেশ ভ্ৰমণ কৰিছিল নেকি ?, তাৰ পিছত অন্য কিছু প্ৰশ্ন সুধিব ..., আপোনাৰ কিবা ৰোগ হৈছিল নেকি ? এনেধৰণৰ কিছু প্ৰশ্ন সোধাৰ পিছত আপোনাৰ উত্তৰ অনুসৰি কৰ'ণা ৰোগৰ কিবা লক্ষণ আছে নেকি আভাষ লোৱাৰ পিছত Menu খোল খাব আৰু Setup সম্পূৰ্ণ হব। Menu ত কৰিবলগীয়া, নকৰিবলগীয়া আদিৰ বিষয়ে থাকিব, আৰু আপোনাৰ ফুৰা-চকা কৰা অনুসৰি Menu ত নিৰাপদ হয়নে নহয় সেইয়া থাকিব। সেয়ে দৈনিক আৰোগ্য সেতু এপ্লিকেচন নিৰীক্ষণ কৰিব, Bluetooth আৰু Location on কৰি ৰাখিব। ধন্যবাদ। 



Permission - This app has access to:
Location
approximate location (network-based)
precise location (GPS and network-based)

Other
receive data from Internet
view network connections
pair with Bluetooth devices
access Bluetooth settings
full network access
run at startup
prevent device from sleeping

Post a Comment

Previous Post Next Post