খেজুৰৰ উপকাৰিতা

খেজুৰৰ উপকাৰিতা



Embed from Getty Images

                 খেজুৰ আমাৰ শৰীৰৰ বাবে অতি লাগতিয়াল সুস্বাদু ফল। খেজুৰ সুস্বাদৰ লগতে শৰীৰৰ বাবে পুষ্টিকৰ। খেজুৰৰ উপকাৰিতাৰ সম্পৰ্কে অধ্যয়ন কৰিলে দেখা যায় যে খেজুৰ আমাৰ শৰীৰৰ বাবে অতি লাগতিয়াল আৰু ই আমাৰ শৰীৰৰ বহুতো উপকাৰ সাধন কৰে। খেজুৰ ফলক ইংৰাজীত Dates বুলি কোৱা হয়। খেজুৰ আটাইতকৈ সহজতে উপলব্ধ ঠাই হ'ল আৰৱ। আৰৱৰ আটাইতকৈ প্রিয় ফল বুলি কলেও নিশ্চয় বঢ়াই কোৱা নহব। খেজুৰৰ উৎপাদন সৰ্বাধিক উষ্ণতা ঠাইত হয়, ভাৰততো খেজুৰৰ উৎপাদন কৰা হয়। পৃথিৱীৰ বিভিন্ন দেশলৈ মূলতঃ আৰৱৰ পৰাই ৰপ্তানি কৰা হয় আৰু খেজুৰ শতকৰা ৬০ ভাগ আৰৱতে উৎপাদন কৰা হয়। খেজুৰৰ ভাগ বহুতো আছে, তাৰ ভিতৰত হানী, গল্ডেন প্ৰিন্সেছ, মেডজুল ইত্যাদি।

খেজুৰৰ উপকাৰিতা সমূহ :-


১/ খেজুৰে হাড়ৰ ভৰ বজায় ৰখাত সহায় কৰে।

২/ খেজুৰে মস্তিষ্কলৈ শক্তি যোগান ধৰে।

৩/ খেজুৰে তেজৰ শৰ্কৰাৰ ভাৰসাম্য ৰক্ষা কৰে।

৪/ খেজুৰে ৰক্তচাপ কমোৱাত সহায় কৰে।

৫/ খেজুৰ এন্টিঅক্সিডেণ্টৰ উৎস।

৬/ ১০০ গ্ৰাম খেজুৰত ভিটামিন B6 থাকে ১২ শতাংশ, মেংগানিজ থাকে ১৫ শতাংশ, আইৰণ থাকে ৫ শতাংশ, মেগনেছিয়াম থাকে ১৪ শতাংশ, কপাৰ থাকে ১৮ শতাংশ, প্ৰটিন থাকে ২ গ্ৰাম, পটাছিয়াম থাকে ২০ শতাংশ, কেলৰি থাকে ২৭৭, ফাইবাৰ থাকে ৭ গ্ৰাম, শৰ্কৰা থাকে ৭৫ গ্ৰাম।

৭/ খেজুৰত ভিটামিন থাকে A1, B1, B2, B3, B5, B6, C ।

৮/ খেজুৰে স্নায়ুতন্ত্ৰ শক্তিশালী কৰে।

৯/ খেজুৰে হজম প্ৰক্ৰিয়াত সহায় কৰে।

১০/ খেজুৰে চালৰ সৌন্দৰ্য্য অটুট ৰাখে আৰু চুলিৰ বাবে উপকাৰী।

১১/ খেজুৰে ওজন বঢ়োৱাত সহায় কৰে।

১২/ খেজুৰে হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে।

১৩/ খেজুৰে স্বাস্থ্যকৰ গৰ্ভাবস্থা আৰু প্ৰসৱ কৰাত উপকাৰ সাধন কৰে।

১৪/ খেজুৰে শৰীৰত শক্তি যোগান ধৰে।

১৫/ খেজুৰে যৌন দুৰ্বলতা দূৰ কৰে।

বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

_________________________________________________________________________________

External Links -


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব