তুমি নাহিলে


১৯/০২/২০২০

তুমি নাহিলেও
আজি বুকুৰ বিষাদ লুকুৱাই
পালশৰ ৰং মোৰ কলিজাত সানিব

তুমি নাহিলেও 
আজি মাতাল পছোৱাজাক বলিব
ধুলিয়ৰি বাটত সোঁৱৰণীৰ শিমলুতুলা উৰিব

তুমি নাহিলেও আজি মদাৰৰ লঠঙা
ডালবোৰ ভৰুণ হ’ব 
সৰাপাতবোৰ বিননিহৈ সৰিব । 

প্ৰতিশ্ৰুতিতো নাছিল অহাৰ, 
চিনাকি চহৰখন উচুপি উঠিলেও
নালাগে আহিব,

তুমি নাহিলেও আজি ফাগুণ আহিব ।


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →