তুমি নাহিলে


১৯/০২/২০২০

তুমি নাহিলেও
আজি বুকুৰ বিষাদ লুকুৱাই
পালশৰ ৰং মোৰ কলিজাত সানিব

তুমি নাহিলেও 
আজি মাতাল পছোৱাজাক বলিব
ধুলিয়ৰি বাটত সোঁৱৰণীৰ শিমলুতুলা উৰিব

তুমি নাহিলেও আজি মদাৰৰ লঠঙা
ডালবোৰ ভৰুণ হ’ব 
সৰাপাতবোৰ বিননিহৈ সৰিব । 

প্ৰতিশ্ৰুতিতো নাছিল অহাৰ, 
চিনাকি চহৰখন উচুপি উঠিলেও
নালাগে আহিব,

তুমি নাহিলেও আজি ফাগুণ আহিব ।


Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব