তেওৰ অনুপস্থিতিত আজিকালি বৰষুণ ভাল নলগা হল


কবিতাৰ শিৰোনাম...
তেওৰ অনুপস্থিতিত
আজিকালি বৰষুণ ভাল নলগা হল ....


হঠাতে অহা বৰষুণজাকে 
মাজনিশাৰ কৃন্দুলীকৃত 
নিষিদ্ধ ধোৱাৰ মাজৰ পৰা 
মোক যেন ৰিঙিয়াই মাতিছে ,
আহ.......মই আহিছো.
তিতি জুৰুলী জুপুৰী হৈ...
আহ আমি সেই আগৰদৰেই একেলগে আওৰাম
ফাগুনৰ কবিতা ,প্ৰেমৰ কবিতা 
উটি যাম হৃদয়ৰ উপত্যকাৰ পৰা 
দূৰ দিগন্তলৈ
আৰে.....ফাগুন মানেইটো প্ৰেম....
হেপাহৰ ফাগুনৰ প্ৰথমজাক বৰষুণ....আজি মোৰ বাবে আপদীয়া বৰষুণ
আজিকালি কবিতা মোৰ প্ৰিয় নহয় 
নহয়....ফাগুনৰ ৰং...
সেইজাক বৰষুণত তিতাৰ এতিয়া 
কোনো অভিপ্ৰায় নাই
যৌৱনপ্ৰাপ্ত হৃদয়ৰ উপত্যকাৰ 
অনুভূতিবোৰত নিষিদ্ধ ধোৱাই চামনি বান্ধিলে 
অৱসাদগ্ৰস্ততাৰ সীমনাত
ধূসৰিত সোঁৱৰণিক উজ্বীবিত 
কৰিবলৈ মই আজি অপৰাগ 
মই এনেদৰেই কুশলে আছো 
নিষিদ্ধতাৰ ধোৱাৰ সৈতে....
তুমি এৰি যোৱা ঠিকনাত...

সঁচায়ে ! তেওৰ অনুপস্হিতিত আজিকালি 
বৰষুণ ভাল নলগা হল।

1 Comments

Post a Comment
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব