কবিতাৰ শিৰোনাম...
তেওৰ অনুপস্থিতিত
আজিকালি বৰষুণ ভাল নলগা হল ....
হঠাতে অহা বৰষুণজাকে
মাজনিশাৰ কৃন্দুলীকৃত
নিষিদ্ধ ধোৱাৰ মাজৰ পৰা
মোক যেন ৰিঙিয়াই মাতিছে ,
আহ.......মই আহিছো.
তিতি জুৰুলী জুপুৰী হৈ...
আহ আমি সেই আগৰদৰেই একেলগে আওৰাম
ফাগুনৰ কবিতা ,প্ৰেমৰ কবিতা
উটি যাম হৃদয়ৰ উপত্যকাৰ পৰা
দূৰ দিগন্তলৈ
আৰে.....ফাগুন মানেইটো প্ৰেম....
হেপাহৰ ফাগুনৰ প্ৰথমজাক বৰষুণ....আজি মোৰ বাবে আপদীয়া বৰষুণ
আজিকালি কবিতা মোৰ প্ৰিয় নহয়
নহয়....ফাগুনৰ ৰং...
সেইজাক বৰষুণত তিতাৰ এতিয়া
কোনো অভিপ্ৰায় নাই
যৌৱনপ্ৰাপ্ত হৃদয়ৰ উপত্যকাৰ
অনুভূতিবোৰত নিষিদ্ধ ধোৱাই চামনি বান্ধিলে
অৱসাদগ্ৰস্ততাৰ সীমনাত
ধূসৰিত সোঁৱৰণিক উজ্বীবিত
কৰিবলৈ মই আজি অপৰাগ
মই এনেদৰেই কুশলে আছো
নিষিদ্ধতাৰ ধোৱাৰ সৈতে....
তুমি এৰি যোৱা ঠিকনাত...
সঁচায়ে ! তেওৰ অনুপস্হিতিত আজিকালি
বৰষুণ ভাল নলগা হল।
Tags
কবিতা
Nice Bro
ReplyDelete