কণীৰ উপকাৰিতা

Embed from Getty Images

কণী হৈছে জৈৱিক পাত্ৰৰ ভিতৰত থকা এক ভ্ৰূণকোষ। যি ভ্ৰূণ বিকাশ হোৱালৈকে কণীৰ ভিতৰত আবদ্ধ হৈ থাকে। কণী যেনে চৰাইৰ কণী, সৰীসৃপ প্ৰাণীৰ কণী ইত্যাদি। 
     কণী পানীৰে আৱৰা আৰু সুৰক্ষামূলক কণীৰ খোলা। কণী সাধাৰণতে ভালে থাকে গৰম আৰু অনুকূল উষ্ণতাৰ পৰিধিৰ ভিতৰত তেতিয়া ভ্ৰূণৰ বিকাশ হোৱাত অৰিহণা যোগাই সেয়ে চৰাই, সৰীসৃপ আদি প্ৰাণীয়ে কণী এনে পৰিবেশত পাৰে। 
       যেতিয়া ভ্ৰূণ ডাঙৰ হয় তেতিয়া ভ্ৰূণ পৰ্যাপ্তৰূপে বিকশিত হয় আৰু খোলাৰ পৰা জগে। কিছুমান ভ্ৰূণৰ অস্থায়ীভাৱে দাঁত গজি খোলা ফাট মেলি জগে।



কণীৰ উপকাৰিতা :-

◆ কণীত উন্নত মানদণ্ডৰ প্ৰটিন পোৱা যায়।
◆ কণী হৃদপিণ্ডৰ বাবে উপকাৰী।
◆ কণীত থকা প্ৰটিনে এক সুস্বাস্থ্য শৰীৰৰ গৰাকী হৈ থকাত সহায় কৰে। যি সূত্ৰৰ দ্বাৰা কোষ-কলা ঠিক কৰে আৰু শৰীৰৰ ক্ৰিয়ামূলক প্ৰক্ৰিয়া সমূহত অৰিহণা যোগায়। এটা ডাঙৰ কণীৰ ভিতৰত চাৰিওফালে ছয় গ্ৰাম প্ৰটিন পোৱা যায়। কণীৰ ভিতৰত পোৱা অত্যাৱশ্যকীয় এমিন এচিডে অতিৰিক্তভাৱে প্ৰটিনে শৰীৰত কাম কৰিবলৈ সহায় কৰে। প্ৰটিনে হাড় শক্তিশালী কৰি, মাংসপেশী বৃদ্ধি কৰি, ওজন কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
◆ প্ৰতিদিন কণী খোৱাটো চকুৰ বাবে উপকাৰী।
◆ কণী খালে হৃদপিণ্ডৰ ৰোগ হ্ৰাস কৰিবলৈ সমৰ্থ হয়।
◆ কণীয়ে ভাল কলেষ্টৰল বৃদ্ধি কৰে। কণী খালে উচ্চ ঘনত্ব লিপপ্ৰটিন (HDL) বৃদ্ধি হয় যিটো ভাল কলেষ্টৰল। HDL ৰ পৰিমাণ কমিলে হৃদৰোগ, চাপ আৰু অন্যান্য সমস্যাৰ সৃষ্টি হয়। অধ্যয়নত পোৱা গৈছে যে দুটা কণী নিতৌ ছয় সপ্তাহলৈ গ্ৰহণ কৰিলে HDL ৰ পৰিমাণ ১০ শতাংশলৈ উন্নত হোৱাত সহায় কৰে।
◆ কণী উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে উপকাৰী।
◆ কণী চকুৰ বাবে উপকাৰী। কণীত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায় যিটো অতি আৱশ্যকীয় স্বাস্থ্যবান দৃষ্টি শক্তিৰ বাবে।
◆ কণীত থকা ভিটামিন এ য়ে চুলি আৰু নখৰ বাবে উপকাৰী।
◆ কণীত থকা অমেগা ৩ এচিডে স্বাস্থ্যৰ উপকাৰী (HDL) কলেষ্টৰল বৃদ্ধি কৰে।
◆ কণীত আয়ডিন পোৱা যায় যি থাইৰয়ড হৰমন আৰু চেলেনিয়াম তৈয়াৰৰ বাবে প্রয়োজনীয়।

◆ কণীত অত্যাৱশ্যকীয় খনিজ পোৱা যায়। খনিজ পদাৰ্থ যেনে - আইৰণ, জিংক আৰু ফচফৰাচ প্ৰচুৰ পৰিমাণে আমাৰ শৰীৰক প্ৰদান কৰে যি অতি প্ৰয়োজনীয়।
◆ মগজুৰ বাবে কণী অতি উপকাৰী। কণীয়ে ভাল স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে। কণীৰ ভিতৰত অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায় যি দৈনিক ক্ৰিয়া-কলাপ, স্মৃতি শক্তি, কোষ, স্নায়বিক পদ্ধতি আদিৰ বাবে প্ৰয়োজনীয় ভূমিকা পালন কৰে।



বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব