মোৰ কবিতা নুবুজা ছোৱালী জনী


✍️ প্ৰাণদ্বীপ বৰগোহাঁই

মোৰ কবিতা নুবুজা ছোৱালী জনী
কাঁচিয়লি ৰদৰ পৰশত
মলয়াৰ ফাগুনী জনী হৈ
এদিন আহিছিলা মোৰ বুকুৰ উকা কেনভাচত
তোমাৰ মৌ পৰশা হৃদয়ৰ সমস্ত উজাৰি
ভালপোৱাৰ পৃথিৱীত মোৰ চিৰ লগৰী হৈ
মদাৰৰ ৰঙেৰে ৰঙীন কৰি তুলিবলৈ,
ঠিকনা বিহীন মোৰ জীৱন নদীৰ পাৰৰ
প্ৰতিটো ঘাটত বহি,
এতিয়া যে তোমাৰ নামত কবিতা ৰচো
তোমাৰ সান্নিধ্যত সাগৰৰ ঢৌবোৰে
কবিতাৰ মালাহৈ স্পন্দন হৈ পৰে বুকুৰ মাজত।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →