হয়! এইয়াইতো শীত



বৰণহীন বতাহৰ বুকুত
এচমকা হিমসিক্ত নিয়ৰৰ দলিচা
সূৰ্য্যাদয়ৰ ৰঙা বেলিৰ পৰশত
শুভ্ৰ চামনিৰ মাজেৰে
জাতিস্মান ধৰা ।
লঠঙা গছ বন লতাৰো
নিৰ্দিষ্ট পৰিসৰলৈ
অনা অংকুৰিত বিদ্ৰোহ ঘোষণা
মাথোঁ টুপ টুপ জলকণাৰ
পৰশত উজ্বীবিত
একো একোটা তেজাল বেৰা
হয়! এইয়াইটো শীতৰ অৱস্থিতি ।।
হয়! এইয়াইটো শীতৰ পৰিণতি ।।
Post a Comment (0)
Previous Post Next Post