গাখীৰৰ উপকাৰিতা

গাখীৰৰ উপকাৰিতা
Embed from Getty Images

◆ গাখীৰত যথেষ্ট পৰিমাণে প্ৰটিন, ভিটামিন, কেলচিয়াম আদি পোৱা যায়।

◆ গাখীৰত থকা কেলচিয়ামে দাঁত আৰু হাড় স্বাস্থ্যৱান কৰি কৰি ৰাখে আৰু হাড়ৰ ভৰ বৰ্তাই ৰাখে।

◆ গাখীৰত থকা পটেছিয়ামে স্বাস্থ্যৱান ৰক্তচাপ বৰ্তাই ৰখাত সহায় কৰে।

◆ গাখীৰত থকা ফচফৰাছয়ে হাড় শক্তিশালী কৰি তোলে আৰু শক্তি উৎপাদন কৰে।

◆ গাখীৰত থকা প্ৰটিনে শক্তি প্ৰদান কৰি মাংসপেশী কোষ মেৰামতি কৰে।

◆ গাখীৰত থকা ভিটামিন A য়ে ৰোগ প্ৰতিৰোধ ব্যৱস্থাপনা বৰ্তাই ৰাখে, ছাল আৰু স্বাভাৱিক দৃষ্টি বৰ্তাই ৰখাত সহায় কৰে।

◆ গাখীৰত থকা ভিটামিন D য়ে হাড় বৰ্তাই ৰখাত সহায় কৰে।

◆ গাখীৰত থকা ভিটামিন B12 য়ে ৰঙা তেজৰ কোষ আৰু নাৰ্ভ বৰ্তাই ৰাখি স্বাস্থ্যৱান কৰি তোলে।

◆ গাখীৰ স্মৃতি শক্তিৰ বাবে অতি উপকাৰী।

◆ গাখীৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।

◆ গাখীৰে শৰীৰত শক্তি প্ৰদান কৰে।

◆ একাপ গাখীৰত কেলৰি থাকে ১৪৬, ফেট ৮ গ্ৰাম, প্ৰটিন ৮ গ্ৰাম, কেলচিয়াম ২৮ শতাংশ অনুমোদিত পৰিমাণ, ৰিবফ্লাভিন(B2) ২৬ শতাংশ অনুমোদিত পৰিমাণ, ভিটামিন D ২৪ শতাংশ অনুমোদিত পৰিমাণ, ভিটামিন B12 ১৮ শতাংশ অনুমোদিত পৰিমাণ, পটেছিয়াম ১০ শতাংশ অনুমোদিত পৰিমাণ, ফচফৰাছ ২২ শতাংশ অনুমোদিত পৰিমাণ, চেলিনিউম ১৩ শতাংশ অনুমোদিত পৰিমাণ।

বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 

Post a Comment

Previous Post Next Post