জাতিলাউৰ উপকাৰিতা

Embed from Getty Images

◆ জাতিলাউ পুষ্টিদায়ক পাচলি। জাতিলাউৰ বৈজ্ঞানিক নাম Lagemaria Siceraria ।

◆ জাতিলাউত ভিটামিন এ (১৬ আই ইউ), বি১ (০.০৩ মিলিগ্ৰাম), চি (৬.০ মিলিগ্ৰাম) থাকে।



◆ জাতিলাউ ঔষধি গুণ থকা পাচলি। জাতিলাউৰ ৰস পদিনা পাত আৰু ধনিয়া পাতৰ ৰসৰ লগত মিহলাই খালে মধুমেহ ৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়।

◆ জাতিলাউত ভাইৰাছ প্ৰতিৰোধৰ ক্ষমতা থকা বুলি গৱেষকসকলে মতপোষণ কৰিছে।

◆ ১০০ গ্ৰাম জাতিলাউত পোৱা পুষ্টিৰ উপাদানবোৰ হ'ল - পানী (৯৬ গ্ৰাম), চৰ্বি (০.১ গ্ৰাম), আঁহ (০.৬ গ্ৰাম), মেগনেছিয়াম (৫.০ মিলিগ্ৰাম), কেলচিয়ামৰ পৰিমাণ (২০ মিলিগ্ৰাম), পটাছিয়াম (৮৭ মিলিগ্ৰাম), চডিয়াম (১.৮ মিলিগ্ৰাম), আইৰণ (০.৭ মিলিগ্ৰাম), কপাৰ (০.৫ মিলিগ্ৰাম), প্ৰটিন (০.২ গ্ৰাম)।

◆ জাতিলাউ খালে মানসিক চাপ উপশম ঘটে বুলি কোৱা হয়।


◆ জাতিলাউ খালে দেহ শীতল কৰি ৰাখে।


◆ হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি কৰি ৰখাত সহায় কৰে।


◆ পেটৰ সমস্যা দূৰ কৰি আৰোগ্য হৈ থকাত সহায় কৰে।


◆ মুত্ৰাশয়ৰ নলী আদিৰ ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা কৰা হয় বুলি গণ্য কৰা হয়।


বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 


---–-------------------------------------------------------


জাতিলাউক  👉 হিন্দীত - লাউকী / কাড্ডু

                    👉 গুজৰাটী - দধী
                    👉 মাৰাঠী - পাঁন্ধাৰা ভপলা
                    👉 মালায়ালাম - চাৰাঙ্গা
                    👉 পাঞ্জাৱী - ঘিয়া
                    👉 বেংগলী - লাউ
                    👉 তামিল - চুৰাই কাই
                    👉 তেলেগু - চৰ্ৰাকায়ে

Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
নতুন আপডেট

ভোগৰ উৎসৱ ভোগালী: শৈশৱৰ মাঘ বিহুৰ সোঁৱৰণি আৰু পৰম্পৰা

মাঘ বিহুৰ বিষয়ে ভোগালী বিহু অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ।

সম্পূৰ্ণ পঢ়ক →