অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আগন্তুক অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশনত সভাপতিত্ব কৰিব কুলধৰ শইকীয়াই। ভোটগণনা অনুষ্ঠিত হৈছিল হোজাইৰ বাণীকান্ত কাকতি ক্ষেত্ৰৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত। সভাপতিৰ আসনত ৭ জন প্ৰাৰ্থীৰ ভিতৰত জয়ী কুলধৰ শইকীয়া। কুলধৰ শইকীয়াই লাভ কৰা ভোটৰ সংখ্যা সৰ্বমুঠ ২৬৯ টা। কুলধৰ শইকীয়া এগৰাকী সু-সাহিত্যিক, গল্পকাৰ। ২০১৫ চনত সাহিত্য অকাডেমিৰ সন্মান লাভ কৰিছিল। আকাশৰ ছবি আৰু বিভিন্ন গল্পৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমিৰ সন্মান। কুলধৰ শইকীয়া নাট্যকাৰো আছিল। ১৯৮৮ চনত মুনিন বৰকটকী বঁটা, ২০০০ চনত কথা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কুলধৰ শইকীয়া অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপেও দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰে। অসম সাহিত্য সভাৰ ২০২০ বর্ষৰ নৱ নিৰ্বাচিত উপ সভাপতিৰ পদত জয়ী হোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে লাভ কৰে সৰ্বমুঠ ৩০৮ টা ভোট।
- Home
- শিতানসমূহ
- _কুইজ
- _শিক্ষাৰ্থী
- __দশম শ্ৰেণী
- _কবিতা
- _জ্ঞান-বিজ্ঞান
- _জানিবলগীয়া কিছু কথা
- _স্বাস্থ্য
- _ইতিহাস আৰু ইতিহাস সম্পৰ্কীয় কিছু কথা
- Website
- _About Us
- _Contact Us
- _Privacy Policy
- _Terms and Conditions
- _Disclaimer
- _DMCA
- _Sitemap
- Assam Exam Prev.Papers
- _Guwahati High Court JAA 2012 previous year question paper
- _Guwahati High Court JAA 2014 previous year question paper
- _Guwahati High Court JAA 2018 previous year question paper
- _Guwahati High Court JAA 2023 previous year question paper pdf
- _অসম আৰক্ষী উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্ন উত্তৰ Paper–I 2025
- _Assam Police Constable (AB & UB) 2025 Paper
- _ASTEC JAA Previous Year Question Papers
- MCQ Test Online
- _Computer Exam CBT Mock Test Online
- _HSSLC Level Posts 2024 ADRE MCQ Test Online
- Tools
- _Age Calculator
- _Percentage Calculator
- _GST / Tax Calculator
- _Simple / Compound Interest Calculator
- _Loan / EMI Calculator
- _Image Compressor
- _Image Converter
- _Image to PDF converter
- _Universal Unit Conversion Tool
- _Typing Speed Test Tool
