ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে কিছু তথ্য


◆ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়।

◆ জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে।

◆ শিলচৰ জেলত টাইফয়েড ৰোগত ভোগা সত্বেও তেখেতে কাৰাবাস সম্পূৰ্ণ কৰে।

◆ ১৯২৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে স্কটলেণ্ডৰ এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে।

◆ তেওঁ জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।

◆ তেখেতৰ পূৰ্বপুৰুষ ১৮১১ চনত ৰাজস্থানৰ পৰা অসমলৈ আহিছিল।

◆ ১৯৫১ চনৰ ১৭ জানুৱাৰীত ৪৮ বছৰ বয়সতে তেওঁৰ মৃত্যু হয়।

◆ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতী ভাৰতৰ চতুৰ্থখন সবাক বোলছবি।

◆ ছবিৰ কাৰিকৰী কামৰ বাবে লাহোৰৰ পৰা কলা-কুশলী আহিছিল।

◆ ডাবিং আৰু পুনঃ ৰেকৰ্ডিং পদ্ধতি ব্যৱহাৰ কৰা ভাৰতৰ প্ৰথমখন বোলছবি জয়মতী।

◆ ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে জয়মতী মুক্তি দিয়া হয় কলকাতাৰ 'ৰৌণক মহল'ত।

◆ ছবিখনৰ উদঘাটন কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। পৃথ্বীৰাজ কাপুৰ, প্ৰমথেশ বৰুৱা আদিক জয়মতী দেখুৱাইছিল।

◆ ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু বহুত লোকচান ভৰিবলগীয়া হয়।

◆ ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে শিল্পীজনাক সোঁৱৰি 'জ্যোতি দিৱস' উদযাপন কৰা হৈছিল।

◆ ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ।

◆ 'ইন্দ্ৰমালতী' চলচ্চিত্ৰ ব্যৱসায়িক ভাৱে সফল হৈছিল।

◆ 'জ্যোতি দিৱস' ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ প্ৰচেষ্টাত গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল।

◆ পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামাকৰণ কৰা হয়।

© Assamese Colours (Like & Share)

Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব