ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে কিছু তথ্য


◆ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়।

◆ জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে।

◆ শিলচৰ জেলত টাইফয়েড ৰোগত ভোগা সত্বেও তেখেতে কাৰাবাস সম্পূৰ্ণ কৰে।

◆ ১৯২৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে স্কটলেণ্ডৰ এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে।

◆ তেওঁ জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।

◆ তেখেতৰ পূৰ্বপুৰুষ ১৮১১ চনত ৰাজস্থানৰ পৰা অসমলৈ আহিছিল।

◆ ১৯৫১ চনৰ ১৭ জানুৱাৰীত ৪৮ বছৰ বয়সতে তেওঁৰ মৃত্যু হয়।

◆ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতী ভাৰতৰ চতুৰ্থখন সবাক বোলছবি।

◆ ছবিৰ কাৰিকৰী কামৰ বাবে লাহোৰৰ পৰা কলা-কুশলী আহিছিল।

◆ ডাবিং আৰু পুনঃ ৰেকৰ্ডিং পদ্ধতি ব্যৱহাৰ কৰা ভাৰতৰ প্ৰথমখন বোলছবি জয়মতী।

◆ ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে জয়মতী মুক্তি দিয়া হয় কলকাতাৰ 'ৰৌণক মহল'ত।

◆ ছবিখনৰ উদঘাটন কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। পৃথ্বীৰাজ কাপুৰ, প্ৰমথেশ বৰুৱা আদিক জয়মতী দেখুৱাইছিল।

◆ ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু বহুত লোকচান ভৰিবলগীয়া হয়।

◆ ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে শিল্পীজনাক সোঁৱৰি 'জ্যোতি দিৱস' উদযাপন কৰা হৈছিল।

◆ ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ।

◆ 'ইন্দ্ৰমালতী' চলচ্চিত্ৰ ব্যৱসায়িক ভাৱে সফল হৈছিল।

◆ 'জ্যোতি দিৱস' ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ প্ৰচেষ্টাত গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল।

◆ পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামাকৰণ কৰা হয়।

© Assamese Colours (Like & Share)

Post a Comment

Previous Post Next Post