শিৱসাগৰ জিলাৰ গেলেকীৰ হাতীপট্টি পূজা মন্দিৰত গুপ্ত সুৰংগ উদ্ধাৰ


শিৱসাগৰ জিলাৰ গেলেকীৰ হাতীপট্টি পূজা মন্দিৰত ৩১ অক্টোবৰ, ২০১৯ তাৰিখে ৰাতি মাটি খহি ওলোৱা এটা গুপ্ত সুৰংগকলৈ ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজৰ মতে, দুৰ্গা পূজাত মণ্ডপটোৰ সন্মুখত কলপুলি দুটা ৰোৱা হৈছিল, পূজাৰ শেষত কলপুলি দুটা উভালি দিয়াত সেই ঠাইত এটা গাতৰ সৃষ্টি হয় আৰু ভিতৰলৈ দ দেখিবলৈ পোৱা গৈছিল। এই ঠাইত আগতে ব্ৰিটিছৰ বাংলা আছিল বুলি স্থানীয় ৰাইজে কয়। এই ঠাইতে তিনিটাকৈ সুৰংগ আছিল আৰু ওপৰত বাংলা আছিল। সেইদিনা কণ কণ শিশু কেইজনমানে বল খেলি থাকোতে বল সেই কলপুলি পুতা গাতত সোমাই গৈছিল আৰু বলটো উদ্ধাৰ কৰিবলৈ গাতটো খুচৰি দিয়াত ব্ৰিটিছৰ দিনৰ সুৰংগটো উদ্ধাৰ হয়।

প্ৰশাসনৰ লোক এই স্থানত উপস্থিত হৈ উদ্ধাৰ হোৱা সুৰংগটোৰ সন্মুখভাগ বন্ধ কৰি দিয়ে।


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →