✍ ৰিতুৰাজ বৰুৱা
যেতিয়া তুমি আছিলা
সকলো ঠিকেই আছিল।
ভাল লাগিছিল কৃষ্ণচূড়াৰ গোন্ধ,
ভাল লাগিছিল মলয়া বতাহৰ স্পৰ্শ,
ভাল লাগিছিল সকলো।
সেই সময়ত সুখৰ বজ্ৰপাত পৰিছিল।
তোমাৰ মৰম, তোমাৰ প্ৰেমৰ
মাথোঁ মুকুতা-মণি সৰিছিল।
এতিয়া হয়তো পাহৰিলা,
তোমাৰ অবিহনে আধৰুৱা মই, মোৰ জীৱন।
এতিয়া নিজান ৰজনীৰ 'নিসংগতা'
মাথোঁ লগৰী মনৰ ... ।
Tags:
কবিতা
Very good step...go ahead ..m glad to seee ..
ReplyDeleteThanks Sir
Delete