অনুভৱ


ৰিতুৰাজ বৰুৱা

চিপ  চিপকৈ পৰিছে
বাৰিষাৰ বৰষুণ
টিক টিককৈ বাজিছে
ৰুমৰ ঘড়ীবোৰ।
নিজান-নিস্তব্ধ এই পৰিবেশত
যেতিয়াই চকু মুদিছোঁ,
মনলৈ আহিছে তোমাৰ প্ৰতিচ্ছবি মাথোঁ।
এটি মিঠা হাঁহি,
উজ্জ্বল চকু মণিৰ চমকনি 
আৰু সুন্দৰ মুখমণ্ডলে
বাৰুকৈ আপ্লুত কৰিছে মোক।
যিদৰে বৰ্ষাৰ শিহৰণ বাহিৰত
সকলোতে পৰিছে,
সেইদৰে, তোমাৰ ভাৱনাই মোৰ দেহত
তোমাৰ শিহৰণ অনুভৱ কৰাইছে।
উফফ... অতুলনীয় তোমাৰ এই প্ৰেমৰ সুখ।
Post a Comment (0)
Previous Post Next Post