কাহিনী মোৰ


ৰিতুৰাজ বৰুৱা

সপোন সপোন যেন লগা
সুখ-দুখ আনন্দেৰে ভৰা কাহিনী মোৰ।
কোনো কাল্পনিক গল্পৰ দৰে
তোমাৰ মায়াৰে সজালা কাহিনী মোৰ।
মৰম, ভালপোৱা, যতন, সন্মানৰ
তোমাৰ পৰশে জীপাল কৰিলা কাহিনী মোৰ।
প্ৰথম মিলনৰ সুবাসেৰে
সুগন্ধিময় কৰিলা কাহিনী মোৰ।
মৌ-মিঠা তোমাৰ কথাৰে
তুমিয়েই ৰচিলা কাহিনী মোৰ।
তোমাৰ ভালপোৱাৰে, 
তুমিয়েই বুজালা
এই প্ৰেমৰ কাহিনী মোৰ।
বন্ধ চকুৰে নিগৰা চকুলো ধৰি
হাঁহিময় কৰিলা কাহিনী মোৰ।
মৰমহনা ধীৰ গতিৰ তোমাৰ আগমনে
মৰম দি উপচালা কাহিনী মোৰ 
হৃদয়ত থিতাপি লৈ লাহে লাহে
মোৰ জীৱনক শিৰোনাম দিলা
কাহিনী মোৰ ...
Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব