কাহিনী মোৰ


ৰিতুৰাজ বৰুৱা

সপোন সপোন যেন লগা
সুখ-দুখ আনন্দেৰে ভৰা কাহিনী মোৰ।
কোনো কাল্পনিক গল্পৰ দৰে
তোমাৰ মায়াৰে সজালা কাহিনী মোৰ।
মৰম, ভালপোৱা, যতন, সন্মানৰ
তোমাৰ পৰশে জীপাল কৰিলা কাহিনী মোৰ।
প্ৰথম মিলনৰ সুবাসেৰে
সুগন্ধিময় কৰিলা কাহিনী মোৰ।
মৌ-মিঠা তোমাৰ কথাৰে
তুমিয়েই ৰচিলা কাহিনী মোৰ।
তোমাৰ ভালপোৱাৰে, 
তুমিয়েই বুজালা
এই প্ৰেমৰ কাহিনী মোৰ।
বন্ধ চকুৰে নিগৰা চকুলো ধৰি
হাঁহিময় কৰিলা কাহিনী মোৰ।
মৰমহনা ধীৰ গতিৰ তোমাৰ আগমনে
মৰম দি উপচালা কাহিনী মোৰ 
হৃদয়ত থিতাপি লৈ লাহে লাহে
মোৰ জীৱনক শিৰোনাম দিলা
কাহিনী মোৰ ...
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
নতুন আপডেট

ভোগৰ উৎসৱ ভোগালী: শৈশৱৰ মাঘ বিহুৰ সোঁৱৰণি আৰু পৰম্পৰা

মাঘ বিহুৰ বিষয়ে ভোগালী বিহু অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ।

সম্পূৰ্ণ পঢ়ক →