ঐতিহাসিক বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা :-
ঐতিহাসিক বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা শিৱসাগৰ জিলাৰ বকতা মৌজাত অবস্থিত। বৈজ্ঞানিক নাম CATUNAREGAM ULIGINOSA । শিৱসাগৰ জিলাৰ পৰা দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। এই বিস্ময়কৰ বৃক্ষ আহোম ৰজাৰ শাসন কালৰ ছশ বছৰীয়া সাক্ষী। বাখৰ বেঙেনা গছজোপা বকতা মৌজাৰ জৱলাটিং আৰু চুহুংমুং গাঁৱৰ মধ্যভাগত অৱস্থিত। বাখৰ বেঙেনা গছজোপাৰ চাৰিসীমা হৈছে - পূবে জৱলাটিং, পশ্চিমে শলঙনি, উত্তৰে চেতিয়া গাওঁ আৰু দক্ষিণে দিহিঙীয়া গাওঁ।
 |
| Bakhar Bengena Tree |
বাখৰ বেঙেনা গছৰ বিৱৰণ :-
এই বিস্ময়কৰ বৃক্ষ ৩০ ফুট ওখ আৰু ৩ ফুট বহল। বৃক্ষজোপা মূল গুৰিৰ পৰা সাতডাল গা-গছ মূল গছৰ পৰা ফেৰেঙনি মেলি বিস্তাৰিত হৈছে। গছজোপাৰ পাতবোৰ তগৰ ফুলৰ পাতৰ সৈতে কিছু সাদৃশ্য দেখা যায়। গছজোপাৰ ফলৰ সাদৃশ্য মধুৰী আমৰ দৰে বেঙেনা আকাৰৰ আৰু গছৰ ডালবোৰ লিকটা। এই গছৰ কাঁইটবোৰ তিনি ফেৰেঙনীয়া আৰু ছালবোৰ খহটা। এই বিস্ময়কৰ বৃক্ষৰ বয়স ৫৮০ বছৰ বৰ্তমানলৈকে, বৈজ্ঞানিক ভাৱে পৰীক্ষা কৰিছিল ২০১৪ চনত লক্ষ্মৌৰ বিৰবল ছাহানী ইনষ্টিটিউট অৱ পেলিঅ'বটানিয়ে।
 |
| Bakhar Bengena Fruit |
বাখৰ বেঙেনা বৃক্ষৰ ইতিহাস :-
এই বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনাৰ সম্পৰ্কে স্থানীয় বয়োবৃদ্ধ সকলে বহুতো মন্তব্য দিয়ে।
কিছুলোকৰ মতে এই বৃক্ষ ১৪শ খ্ৰীষ্টাব্দত বৰাহী ৰজা মহামণিক্যৰ দিনত ৰোপণ কৰা হৈছিল। বৰাহী বা কছাৰী ৰজাৰ শাসন কাল দ্বাদশ শতিকাৰ পৰা ১৪ শতিকালৈকে আছিল আৰু কছাৰী ৰজাৰ শ্ৰেষ্ঠ ৰজাজন আছিল বৰাহী ৰজা মহামাণিক্য। বৰাহী ৰজা মহামাণিক্যৰ গুণ-গৰিমাই চাৰিওফালে বিৰাজমান কৰিছিল আৰু সেই সময়তে চীনা সম্ৰাটে ৰজা মহামাণিক্যলৈ এই বাখৰ বেঙেনা পুলিটো উপঢৌকন হিচাপে পঠাইছিল। বৰাহী ৰজা আৰু চুতীয়া ৰজাৰ মিত্ৰতাৰ চীনস্বৰূপে দুয়োখন ৰাজ্যৰ সীমাত এই বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনাৰ পুলি ৰোপণ কৰা হৈছিল।
আনহাতে আন একাংশৰ মতে এই বাখৰ বেঙেনা বৃক্ষ আহোম ৰজা চুহুংমুং দিহিঙীয়া ৰজা (১৪৯৭ চনত) ৰাজপাতত বহিছিল আৰু ৰাজপাতত বহিয়েই প্ৰথম তেওঁ দিহিং নদীৰ দাতিত চৰগুৱাত ৰাজধানী পাতিছিল। সেই চৰগুৱাত কিছুবছৰ থকাৰ পাছত বানপানীৰ প্ৰকোপত থাউকিব নোৱাৰি দিচাংৰ পাৰত বকতাত ৰাজধানী পাতে। চুহুংমুং দিহিঙীয়া ৰজাৰ দিনত ওচৰতে থকা চুতীয়া সকলৰ লগত যুদ্ধ হয় সেই সময়ত চুতীয়া ৰজা আছিল ৰত্নধ্বজ পাল। চুতীয়া সকলে যুদ্ধত পৰাজিত হৈ মিত্ৰতা কৰি আহোম ৰজালৈ সাত নাওঁ সোণ, সাত নাওঁ ৰূপ আৰু নানান মণি-মুকুতা অৰ্পণ কৰে। মিত্ৰতা স্থাপনৰ চিন স্বৰূপে এই অদ্ভুত বৃক্ষ ৰোপণ কৰে। তেওঁলোকৰ বিশ্বাস যে চুতীয়া জাতি পৃথিৱীত যিদিনালৈকে থাকিব সেইদিনালৈকে এই গছজোপাওঁ থাকিব।
 |
| Bakhar Bengena Tree |
 |
| Bakhar Bengena Tree |
 |
| Bakhar Bengena Tree |