দিঠক


অভিজিত মাৰ্ঘেৰিটা

হাঁহিয়ে উৰুৱালে অপেক্ষাৰ ধূলিজাকক ...
উজ্বীবিত হৈ উজ্বলিল
শলঠেকত নিশ্চুপ,নিস্তব্ধ হৈ থকা হাঁহিৰ শলিতা...
আবদ্ধবিহীন সপোনৰ সৈতে এতিয়া মই মুক্ত. .
সপোনৰ ভাজে ভাজে আজি নিৰ্মল বতাহৰ লহৰ
সুখৰ পৰশে পৰশে ধন্য জীৱন
ধন্য মোৰ প্ৰতি ক্ষণ......
উতনুৱা সপোনজাক আজি মৌন
বুকুৰ চহৰত আজি ভবিৰ্ষ্যতৰ
কৰ্মশৈলীৰ কুচকাৱাজ ...
কিন্তুু এইয়া কি....
মাজ নিশা খেদি ফুৰা সপোন জাক
সৌ তাহানিৰ হুমুনিয়াহৰ লগতে ব্যস্ত..
অপ্ৰিয় সত্য কিছুমান তেজাল দাগ
যি অনাদিৰ পৰা অনন্তলৈ
বৈ যাবলৈ অপৰাগ
যাৰ নাই কোনো স্হায়ী প্ৰাপ্তি...
সত্য আৰু মৰ্ত্ত...
অমিল হলেও বাস্তৱত
ইয়েই ধৰাৰ মায়া...
মূহুত্বতে হেৰাল.....সকলো...
সুখ দুখ....অনুভূতি
ৱাহ....কি জীৱন পৰিক্ৰমা...
নাই.....নাই....সচাই নাই কোনো স্হায়ী প্ৰাপ্তি...
উহ......
আকৌ শুভ্ৰমালাৰে আলৌকিত যমৰ নগৰ
আকৌ উজ্বলিল...
যমৰ অগ্নিশিখা...
নিৰবিছিন্নভাবে বৈ আহিব
কাল অমানিশা...
পিছে মই বাটচাম...
প্ৰভাতি পূৱাৰ....
কাৰণ....মই কোৱঁৰ সপোন পথৰ ..
....মোৰ জীৱন..সফল বাটৰ ..
.....মোৰ সপোন...সেউজী ধৰাৰ..
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →