কাকচাং

অভিজিত মাৰ্ঘেৰিটা

প্ৰকৃতিৰ কি মায়া
সুউচ্চ  শিলাময় পাহাৰেদি
নিগৰি নিগৰি বৈ আহে
নিজৰাৰ শীতল ফতিক পানী
একবিংশ শতিকাৰ
মানবীয় ধৱংসকো
প্ৰত্যাহবান জনাই 
প্ৰকৃতিয়ে
জীৱশ্ৰেষ্ঠ মানবকো
ৰিঙিয়াই মাতে
জুৰিতিৰ শীতল পানীৰ সৈতে
এখন্তেক খেলিবলৈ
দুখৰ বোজাবোৰ কোনোৱা ক্ষণত  পেলাই
সেউজীয়াৰ বুকুত বিলীন হবলৈ
প্ৰকৃতিৰ এক অন্যতম
মনোমোহা ৰূপ    কাকচাং পাহাৰ
আঘোণৰ ধাননিৰ সিপাৰে
সেউজীয়াৰে আৱৰা
অলেখ  পাহাৰ
তীব্ৰবেগী জুৰিৰ পানীৰ সৈতে
বতাহৰ সমাহাৰ
আজানিতে  প্ৰফুল্লিত হৈ উঠে দেহ  আৰু মন
কাকচাঙে প্ৰতিজন  কংক্ৰিটবাসী মানবক
লৈ যায় মূহুত্বৰ বাবে
বৰ্তমান সময়ৰ
এখন প্ৰদূষণবিহীন
দুল্লভ পূথিবীলৈ
পৰোক্ষ্য ভাবে বুজাই পঠিয়াই
মানবৰূপী ধৰ্মৰ প্ৰতিটো কৰ্ম
হে মহান সূষ্টিকৰ্তা 
আধুনিক মানবৰ
সেই বুজনশক্তি উদয় হওক
কাকচাঙৰ সৌন্দৰ্য্য দীৰ্ঘায়ু হওক...


Post a Comment (0)
Previous Post Next Post