উন্মাদ দীঘলঠেঙীয়া

✍অভিজিত মাৰ্ঘেৰিটা
দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে
ভিৰাৰ ভৰ পোৱা
কান্ধ দুখনে অবশেষত
শাওনৰ প্ৰখৰ ৰদৰ কৰ্মফলকো
নৎস্বাদ কৰি পেলালে
ব্যস্ত আবেলিৰ  ভাগৰুৱা শৰীৰ
পিছে সোণালী দলিছাৰ আগত
অক্লান্ত মন
সময়ে শিকাই গল
মন কৰিলেই চন
কথাষাৰেও কেতিয়াবা
সত্যক প্ৰত্যাহবান জনাই
ইফালে আকাশত এচমকা কলা ডাৱৰ
শিতানৰ পৰা দেখি থকা তৰাবোৰ আজি নাই
মাথো কলা ডাৱৰ বোৰে
মোক দেখি খিল খিলাই হাহি বাগৰি ফুৰিছে
নিৰবে সহি গৈছো সকলো
নিৰবতাৰ পম খেদি সোমালোগৈ সপোনৰ ৰাজ্যত
তাত আকৌ আকাল এটুপাল পানীৰ
মাটিবোৰ চিৰাল ফাট দিলে
ঘৰৰ ওচৰৰ দানববাম হাবিখন কংক্ৰিটেৰে ভৰি পৰিল
পানীৰ অভাবত চিয়ৰি চিয়ৰি
কন্দা এটি শিশুৰ অশ্ৰু মোৰ মুখত পৰিল
আহ হিমৰ দৰেই যেন চেচা
কিন্তুু এইয়া কি ....?
উন্মাদ দীঘলঠেঙীয়াৰ সেনাপতীৰ প্ৰৱেশ ধৰাত
তৰা নৰা চিঙি চোতালৰ ডাঙৰিবোৰ
কোনোমতে বাৰান্দাত জাপিলো
মুখত ৰিৰিঙি উঠিল হেৰুৱাৰ মাজত প্ৰাপ্যৰ হাহি ...
ইতিমধ্য দীঘলঠেঙীয়াৰ আৰ্বিৰভাবে শীত নমাইছে ধৰালো
মইয়ো ফতা কেঠা খন লৈ চাঙত উঠিল
পিছমুহূৰ্তত মনত পৰিল
যোৱাকালিৰ এৰি অহা ডাঙৰি কেইটা
কান্ধ দুখনে মাত লগালে এতিয়া পৰা হব আনিবলৈ
পিছে মনটোৱে কলে কালিয়ে নানিলি এতিয়া তিতাৰ পিছত আনিব পাৰিবি তই....
শৰীৰৰ ভিতৰতে আত্মকন্দল হোৱা দেখি নয়নেদি আকষ্মিকভাবে বৈ গল এধাৰি অশ্ৰুমালা
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব