কোনো কবিয়ে লেখিছিল, "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি!"

  ৰূপজ্যোতি চাংমাই

কোনো কবিয়ে লেখিছিল,
"বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি!"
হয়, ৰাভাদেউ! এতিয়া যে আমাৰ গভীৰ ৰাতি।
ভোগবাদ,বস্তবাদ,মালীক হোৱাৰ বিলাসী সপোনে ভিৰ কৰিছে আমাৰ মন আৰু মগজু।
যি ঢাকি থৈছে প্রগতিৰ নৱ-প্রভাতৰ সূয্যটো।
এতিয়াটো মন গলেই গাব নোৱাৰো মানুহৰ গান,
আনো বুলিলেই আনিব নোৱাৰো জন জীৱনৰ বুকুত মুক্তি সংগ্রামৰ বলিয়া বান!
এতিয়া যে বহুত ৰাতি!
ৰাজনৈতিক আদর্শ,সামাজিক দর্শন আৰু মতাদর্শৰগত সংঘাটেৰে বহুধা বিভক্ত অসমীয়া সমাজ।
তাতে সুবিধাবাদৰো ভয়ংকৰ উত্থান!
ৰাভাদেউ! তুমিযে সজাইছিলা সোনসেৰীয়া সংস্কৃতিৰ আকাশ,
তাত এতিয়া পশ্চিমীয়া নেজাল তৰাই মেৰিয়াই ৰোধ কৰিছে
গণ দেৱতা অর্চনাৰ মাত।
আজি কোনে আহি এহাতে কলম আনহাতে ষ্ট্রেইন গানলৈ গণ সমাজৰ
মুক্তিৰ স্বপ্ন দেখুৱাব!
ৰাভাদেউ, তুমিতো নাছিলা কেৱল এটা নাম,
তুমি আছিলা এটা সংগ্রাম।
সংস্কৃতিৰ মঞ্চৰ পৰা খেলপথাৰলৈ
সশস্ত্র সংগ্রামৰ পৰা সদনৰ মজিয়ালৈ-
কি যে এক বৰ্ণিল জীৱন পৰিক্রমা তোমাৰ!!
ৰাভাদেউ!
আজিও মুক্তিৰ স্বপ্ন আৰু আশাৰ চাকিগচি জ্বলাই ৰাখিছো
হৃদয়ৰ এক র্নিভৃত কোনত।
আজিৰ প্রবিত্র দিনটোত তোমাক গভীৰ শ্রদ্ধাৰে সোঁৱৰীছো।
তুমি দি যোৱা পথেৰে আগবাঢ়ি যোৱাৰ দিঢ় সংকল্পৰে কমৰেড
তোমালৈ 'লাল চালাম!'
তোমালৈ 'লাল চালাম!'

Post a Comment

Previous Post Next Post