যান্ত্ৰনা, সুখ আৰু অনুভূতিৰ স্তৱক

 ৰাজশ্রী বৰগোহাঁই

সুন্দৰ ধৰণীত খোজ কাঢ়িবলৈ তুমিয়ে শিকাইছিলা
যিসময়ত মই নাজানিছিলো প্ৰাণে মোৰ বিচাৰে কি?
ল'ৰালিৰ সোঁৱৰণিৰ দলিচাত বহিবলৈ তুমি শিকালা
যিসময়ত মই নাজানিছিলো মই কোন পথেদি আহি এইখিনি পালোহি।
সুখৰ বৰষুণত তিতিবলৈ তুমি শিকালা
য'ত মই অজ্ঞ আছিলো হৃদয়ৰ প্ৰয়োজনীয়তা কেনে?
অবুজ হাঁহাকাৰৰ বন্যাত উটিবলৈ তুমি শিকালা
যেতিয়া মই নুবুজিছিলো যন্ত্ৰনাৰ মন্ত্ৰ কি?
নিষ্ঠুৰ বাস্তৱৰ লগত দন্দ কৰিবলৈ তুমিয়ে শিকালা
যিসময়ত মই ভাবিছিলো পৃথিৱীখন মোৰ দৰে সৰল।
সপোন দেখিবলৈ তুমিয়ে শিকাইছিলা
যেতিয়া আছিলো মই পৰমার্থৰ সন্ধানত।
সেই পৰীৰ বাবে মই আছো জীয়াই
নাম তাইৰ "আশা" ।
হওঁক তাই পাপীয়সী আশাইতো জীৱনৰ সঞ্জীৱনী সুধা।
Post a Comment (0)
Previous Post Next Post