জেৰেঙাৰ সতী

( প্ৰকাশিত )


লাইথেপেনা বৰগোহাঁই জীয়ৰী
গোবৰ ৰজাৰ বোৱাৰী ,
মহাসতী জয়মতী ।
তুংখুঙীয়া ফৈদৰ গদাপানীয়ে
নিছিল চকলং কৰি ।
দেশৰ বাবে স্বামীক পলুৱাই পঠাই
তুমি দিলা জীৱন দান ।
লালুকসোলা বৰফুকনৰ উচতনিত
ল'ৰাৰজাই চাউদাঙৰ হতুৱাই
দিলে অমানুষিক অত্যাচাৰ ।
দেশৰ বাবে নকলা তুমি স্বামীৰ বতৰা ....
গৰম পানী , চমতাৰ কোব , চোৱাত পাত,
আমলৰি গৰম লোৰ .....
কি অমানুষিক অত্যাচাৰ সহ্য কৰিলা ।
তুমি মহাসতী জয়মতী ।
দুটি বুকুৰ বাছা এৰি
জেৰেঙা পথাৰ ৰাঙলী কৰিলা ।
১৪ দিন শাস্তি খাই
মুখত এটুপি পানী নাই...
তুমি গুচি গলা
কিন্তু তুমি আজিও অমৰ হৈ আছা ।
জেৰেঙা পথাৰে আজিও কান্দিছে
তোমাৰ কথাকে কৈ....!
তোমাৰ স্মৃতি জীয়াই ৰাখিবলৈ
শিৱ সিংহই সাজিলে শিৱদ'ল আৰু শিৱসাগৰ পুখুৰী ।
ৰুদ্ৰ সিংহই সাজিলে জয়দ'ল আৰু জয়সাগৰ পুখুৰী ।
তোমাৰ স্মৃতিৰ জিলিকি আছে আজিও
চিৰযুগমীয়া হৈ॥॥

Post a Comment

Previous Post Next Post