মলম

 ৰাজশ্রী বৰগোহাঁই

অজান, ব্যাখাহীন বিষাদ, বেদনা ঢাকিব বিচাৰিছা ?
চিনাকি, অচিনাকি দুখবোৰ পাহৰিব বিচাৰিছা ?
ক্ষণিক সময় নিজৰ পৰা পলাব বিচাৰিছা ?
বেদনাৰ অশ্রুবোৰৰ তীব্রবেগী নৈখন ভেটা দিব বিচাৰিছা ?
তেন্তে কিহৰ আশ্রয় ল'বা ?
দুখ পাহৰিবলৈ হাতত কেতিয়াও তুলি নলবা ৰঙীন অমৃতক,
নিজক হেৰুৱাই পেলাবলৈ মাতাল নহবা দ্বিতীয় ভুলৰ ৰাগিৰে,
কাৰণ শুনিবা বিবেকৰ ককর্থনা,
নুশুনিবা ভগ্ন, আহত ঘাঁৰ শুকনিৰ বাবে বিৰহী সুৰৰ দৰদী গীত,
মহাপাপীৰ আসন কলংকিত নকৰিবা জীৱন যাত্ৰাৰ পথ
অৱৰুদ্ধ হোৱাকৈ সেই সহজলভ্য অক্ষমনীয় পথৰ পথিক হৈ,
তিলতিলকৈ হেৰুৱাই নেপেলাবা স্ব-আত্মাক,
বিস্ফোৰণৰ সময়তে মষিমূৰ কৰি নিদিবা
ইশ্বৰপ্ৰদত্ত দুর্লভ ৰঙৰ যাত্ৰাবোৰ, যি পথেৰে তুমি নিজৰ চিনাকি পাবা......
সংগ নলবা বিজ্ঞানৰ পুত্ৰবোৰৰ, যিবোৰে ধ্বংস কৰিব পাৰে তোমাৰ সৃষ্টিশীল কোষবোৰ।
(Someone said, "Music is the best medicine of broken heart". But according to me affection of Lord Krishna or God is the best medicine of broken heart. No one is better than that.)
ভগ্ন হৃদয়ৰ বাবে ভগৱৎ প্ৰীতিয়েই মহৌষধস্বৰূপ।
তোমালোকৰ বাবে মোৰ এই মেচেজ, পবিত্ৰ আত্মাৰ জ্ঞাতার্থে ।
কীর্তনৰ সুৰৰ মাজত বিচাৰি পাবা নিজক ।
ভাগৱত, গীতাৰ তত্বগধুৰ পাৰিজাত পাহিত পাবা বিচাৰি জীৱনৰ সৌন্দর্য্য,
বাইবেলৰ শ্বামৰ মাজত বিচাৰি পাবা জীৱনৰ ৰং,
কর্মব্যস্ততাক জীৱনৰ চিৰসহচৰ কৰি লোৱা।
অজান দুখবোৰক প্ৰশ্রয় নিদিবা
ঘাঁবোৰত আধ্যাত্মিক আয়ডিন লগোৱা সম্পূর্ণৰূপে শুকাই যাব সময়ত..........।
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব