অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ ৰ সময়সূচী প্ৰকাশ | HSLC Exam Routine 2027 Assam (ASSEB)

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (Assam State School Education Board - Div-I), গুৱাহাটী-২১-এ ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Examination, 2027) আনুষ্ঠানিক সময়সূচী প্ৰকাশ কৰিছে।

পৰীক্ষাৰ চমু আভাস (HSLC 2027 Highlights):
  • ব্যৱহাৰিক পৰীক্ষা: ২৭ জানুৱাৰী – ২ ফেব্ৰুৱাৰী, ২০২৭
  • লিখিত পৰীক্ষা আৰম্ভ: ২৫ ফেব্ৰুৱাৰী, ২০২৭ (বৃহস্পতিবাৰ)
  • লিখিত পৰীক্ষা সমাপ্ত: ১৬ মাৰ্চ, ২০২৭ (মঙলবাৰ)
  • পৰীক্ষাৰ সময়: ৰাতিপুৱা ৯:০০ বজাৰ পৰা ১২:০০ বজালৈ আৰু দুপৰীয়া ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ

হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২৭-ৰ সম্পূৰ্ণ সময়সূচী (HSLC Exam Routine 2027)

তলৰ তালিকাত তাৰিখ, বাৰ আৰু পৰীক্ষাৰ ভাগ (ৰাতিপুৱা আৰু আবেলি) অনুসৰি সকলো বিষয়ৰ সূচী দিয়া হৈছে:-

তাৰিখ আৰু বাৰDate & Day ৰাতিপুৱাপুৱা ৯:০০ – দুপৰীয়া ১২:০০ বজা আবেলিদুপৰীয়া ১:৩০ – বিয়লি ৪:৩০ বজা
২৫ ফেব্ৰুৱাৰী, ২০২৭বৃহস্পতিবাৰ (Thursday) হিন্দী (ঐচ্ছিক) / Hindi (E) পৰীক্ষা নাই (X)
২৬ ফেব্ৰুৱাৰী, ২০২৭শুক্ৰবাৰ (Friday)
  • উচ্চ গণিত / Advanced Mathematics (E)
  • ভূগোল / Geography (E)
  • বুৰঞ্জী / History (E)
  • সংস্কৃত / Sanskrit (E)
  • কম্পিউটাৰ বিজ্ঞান / Computer Science (E)
  • বাণিজ্য / Commerce (E)
  • নেপালী / Nepali (E)
  • আৰবী / Arabic (E)
  • পাৰ্চী / Persian (E)
পৰীক্ষা নাই (X)
১ মাৰ্চ, ২০২৭সোমবাৰ (Monday) আধুনিক ভাৰতীয় ভাষা (MIL) / *ইংৰাজী (IL) পৰীক্ষা নাই (X)
২ মাৰ্চ, ২০২৭মঙলবাৰ (Tuesday)
  • *ৰিটেইল ট্ৰেড NSQF (E)
  • *আই.টি./আই.টি.ই.এছ. NSQF (E)
  • *হেল্থ কেয়াৰ NSQF (E)
  • *কৃষি আৰু উদ্যান শস্য (Agriculture & Horticulture) NSQF (E)
  • *পৰ্যটন আৰু আতিথ্য (Tourism & Hospitality) NSQF (E)
  • *বিউটি এণ্ড ৱেলনেছ NSQF (E)
  • *অট’মটিভ (Automotive) NSQF (E)
  • *ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ NSQF (E)
  • *এগ্ৰিকালচাৰ এণ্ড ডেইৰী ৱৰ্কাৰ NSQF (E)
  • মণিপুৰী / Manipuri (E)
  • চাওতালী / Santhali (E)
৫ মাৰ্চ, ২০২৭শুক্ৰবাৰ (Friday)
  • *এপাৰেল, মেড-আপছ এণ্ড হোম ফাৰ্নিচিং NSQF (E)
  • *যোগ আৰু শাৰীৰিক শিক্ষা (Yoga & Physical Education) (E)
  • *কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স (Artificial Intelligence & Robotics) (E)
  • *টেলিকম (Telecom) NSQF (E)
  • *ফুড প্ৰচেছিং (Food Processing) NSQF (E)
  • *মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট NSQF (E)
  • *পাৱাৰ (Power) NSQF (E)
পৰীক্ষা নাই (X)
৮ মাৰ্চ, ২০২৭সোমবাৰ (Monday) সমাজ বিজ্ঞান (Social Science) পৰীক্ষা নাই (X)
৯ মাৰ্চ, ২০২৭মঙলবাৰ (Tuesday)
  • *সংগীত / Music (E)
  • *নৃত্য / Dance (E)
  • *কাঠৰ কাম / Wood Craft (E)
  • *গৃহ বিজ্ঞান / Home Science (E)
  • *চাৰুকলা / Fine Art (E)
  • *গাৰ্মেণ্ট ডিজাইনিং / Garment Designing (E)
১২ মাৰ্চ, ২০২৭শুক্ৰবাৰ (Friday) বিজ্ঞান (Science) পৰীক্ষা নাই (X)
১৩ মাৰ্চ, ২০২৭শনিবাৰ (Saturday) ইংৰাজী (English) অসমীয়া (ঐচ্ছিক) / Assamese (E)
১৬ মাৰ্চ, ২০২৭মঙলবাৰ (Tuesday) সাধাৰণ গণিত (General Mathematics) পৰীক্ষা নাই (X)
টোকা (* চিহ্নিত বিষয়সমূহৰ সময়): যিবোৰ বিষয়ত তাৰকা চিহ্ন (*) দিয়া আছে, সেই বিষয়সমূহৰ পৰীক্ষাৰ সময় ২ ঘণ্টা হ’ব— অৰ্থাৎ ৰাতিপুৱাৰ ভাগত পুৱা ৯:০০ বজাৰ পৰা ১১:০০ বজালৈ আৰু আবেলিৰ ভাগত দুপৰীয়া ১:৩০ বজাৰ পৰা বিয়লি ৩:৩০ বজালৈ অনুষ্ঠিত হ’ব।

পৰীক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ

  1. পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ সময়: ৰাতিপুৱাৰ ভাগৰ পৰীক্ষাৰ বাবে পুৱা ৮:১৫ বজাত আৰু আবেলিৰ ভাগৰ বাবে দুপৰীয়া ১২:৪৫ বজাত পৰীক্ষাৰ্থীসকল কেন্দ্ৰত উপস্থিত হ’ব লাগিব।
  2. প্ৰশ্নকাকত পঢ়াৰ অতিৰিক্ত সময়: পৰীক্ষাৰ্থীসকলে কেৱল প্ৰশ্নকাকতখন পঢ়িবলৈ ১০ মিনিট অতিৰিক্ত সময় লাভ কৰিব। ৰাতিপুৱাৰ ভাগত পুৱা ৮:৫০ বজাৰ পৰা ৯:০০ বজালৈ আৰু আবেলিৰ ভাগত দুপৰীয়া ১:২০ বজাৰ পৰা ১:৩০ বজালৈ প্ৰশ্নকাকত বিতৰণ কৰা হ’ব।
  3. ঐচ্ছিক ভাষাৰ প্ৰশ্নকাকত (সময় ৩ ঘণ্টা): অসমীয়া (E), হিন্দী (E), চাওতালী (E) আৰু মণিপুৰী (E) বিষয়ৰ বাবে 'ক' (Group A) আৰু 'খ' (Group B) শাখা থকা এখন উমৈহতীয়া প্ৰশ্নকাকত থাকিব। ইয়াৰে 'ক' শাখাটো ভাৰতীয় ভাষা (IL) হিচাপে গণ্য কৰা হ’ব।
  4. বস্তুনিষ্ঠ আৰু বৰ্ণনামূলক অংশত উত্তীৰ্ণৰ নিয়ম: ইংৰাজী, সাধাৰণ গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান— এই চাৰিটা বিষয়ত পৰীক্ষাৰ্থীসকলে বস্তুনিষ্ঠ (Objective) আৰু বৰ্ণনামূলক (Descriptive) দুয়োটা অংশৰ উত্তৰ লিখিব লাগিব আৰু দুয়োটা অংশতে পৃথকে পৃথকে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক।
  5. ব্যৱহাৰিক পৰীক্ষা (Practical Exam): ২০২৭ বৰ্ষৰ ব্যৱহাৰিক পৰীক্ষাসমূহ ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰী, ২০২৭ তাৰিখৰ ভিতৰত অনুষ্ঠিত হ’ব। নিযুক্ত সমল ব্যক্তি (Resource Person) বা বহিঃপৰীক্ষকৰ সৈতে আলোচনা কৰি বিদ্যালয়ৰ মুৰব্বীয়ে বিষয় অনুসৰি পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰিব।

FAQ

১/ ২০২৭ চনৰ অসম মেট্ৰিক (HSLC) পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ’ব?

২০২৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লিখিত পৰীক্ষাসমূহ ২৫ ফেব্ৰুৱাৰী, ২০২৭ তাৰিখৰ পৰা আৰম্ভ হৈ ১৬ মাৰ্চ, ২০২৭ তাৰিখত সমাপ্ত হ’ব।

২/ HSLC ২০২৭-ৰ ব্যৱহাৰিক পৰীক্ষা (Practical) কেতিয়া অনুষ্ঠিত হ’ব?

ব্যৱহাৰিক পৰীক্ষাসমূহ ২৭ জানুৱাৰী, ২০২৭ তাৰিখৰ পৰা ২ ফেব্ৰুৱাৰী, ২০২৭ তাৰিখৰ ভিতৰত নিজ নিজ বিদ্যালয় বা নিৰ্ধাৰিত কেন্দ্ৰত অনুষ্ঠিত হ’ব।

৩/ মূল বিষয়সমূহত Objective আৰু Descriptive দুয়োটাতে পৃথকে পাছ কৰিব লাগিবনে?

হয়, ইংৰাজী, সাধাৰণ গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত বস্তুনিষ্ঠ (Objective) আৰু বৰ্ণনামূলক (Descriptive) দুয়োটা অংশতে পৃথকে পৃথকে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক।

Post a Comment (0)
Previous Post Next Post
Live Online
কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
★ ★ ★ ★ ★
Loading rating...


Live Quiz 0
Live Quiz Checking status...
✖

Loading...