১/ শেহতীয়াকৈ ৰচন উপাধ্যায়ে অৰুণাচলৰ ঘন অৰণ্যত আৱিষ্কাৰ কৰা পখিলাবিধৰ নাম কি আছিল?
উত্তৰ:- ইউথেলিয়া (লিম্বুচা) জুবিন গাৰ্গী। (Common Name- Basar Duke)
২/ শেহতীয়াকৈ চন্দ্ৰৰ বুকুলৈ যোৱা আমেৰিকাৰ Artemis 2 Mission ত কেইজন মহাকাশচাৰীয়ে যাত্ৰা আৰম্ভ কৰিছে আৰু কেতিয়া এই যাত্ৰা আৰম্ভ কৰিছিল?
উত্তৰ:- এই আৰ্টেমিছ 2 অভিযান NASA ই আৰম্ভ কৰিছে। আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডী স্পেচ চেণ্টাৰৰ পৰা ৪ গৰাকী মহাকাশচাৰী চন্দ্ৰৰ অভিমুখে যাত্ৰা কৰিছে।
তেওঁলোক হ’ল — Reid Wiseman, Victor Glover, Christina Koch, Jeremy Hansen.
উৎক্ষেপণ কৰাৰ সময় — ১ এপ্ৰিল, ২০২৬ - সন্ধিয়া ৬:৩৪:১২ PM ভাৰতীয় সময়।
৩/ শেহতীয়াকৈ ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা তৃতীয়খন পাৰমাণৱিক শক্তিশালী চাবমেৰিনৰ নাম কি?
উত্তৰ:- INS ARIDHAMAN
৪/ বেদক প্ৰণালীবদ্ধভাৱে চাৰিটা সুকীয়া ভাগত বিভক্ত কৰা হৈছে। এই চাৰিটা ভাগ কি কি?
উত্তৰ:- সংহিতা, ব্ৰাহ্মণ, অৰণ্যক, উপনিষদ।
৫/ কোনখন উপন্যাসত "বন্দে মাতৰম" প্ৰকাশ পাইছিল?
উত্তৰ:- আনন্দমঠ (১৮৮২ চনত প্ৰকাশ পাইছিল)
৬/ ২০২৬ বৰ্ষত অস্কাৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ:- One Battle After Another
৭/ ২০২৬ বৰ্ষত অস্কাৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ পৰিচালক জনৰ নাম কি?
উত্তৰ:- Paul Thomas Anderson - One Battle After Another.
৮/ ২০২৬ বৰ্ষত অস্কাৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ অভিনেতা জনৰ নাম কি?
উত্তৰ:- Michael B. Jordan — Sinners চলচ্চিত্ৰৰ বাবে।
৯/ ২০২৬ বৰ্ষত অস্কাৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ অভিনেত্ৰী গৰাকীৰ নাম কি?
উত্তৰ:- Jessie Buckley — Hamnet ছবিৰ বাবে।
১০/ ২০২৬ বৰ্ষত অস্কাৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী গৰাকীৰ নাম কি?
উত্তৰ:- Autumn Durald Arkapaw — তেওঁ Sinners চলচ্চিত্ৰৰ বাবে Best Cinematography বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। Autumn Durald Arkapaw য়ে হৈছে Best Cinematography বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা।
১১/ অস্কাৰ বঁটাক আন কি নামেৰে জনা যায়?
উত্তৰ:- Academy Awards
১২/ ২০২৬ বৰ্ষত কিমান সংখ্যক অস্কাৰ বঁটা (Academy Awards) প্ৰদান কৰা হৈছে?
উত্তৰ:- ৯৮ সংখ্যক।
১৩/ গংগা নদীক বাংলাদেশত কি বুলি জনা যায়?
A) Jamuna / যমুনা
B) Padma / পদ্মা ✅
C) Meghna / মেঘনা
D) Hooghly / হুগলী
১৪/ হৰমুজ প্ৰণালী কোন দুখন ঠাইৰ মাজত অৱস্থিত?
উত্তৰ:- হৰমুজ প্ৰণালী (Strait of Hormuz) হৈছে ইৰাণ আৰু ওমানৰ মাজত অৱস্থিত এক অত্যন্ত গুৰুত্বপূৰ্ণ সমুদ্ৰিক জলপথ। হৰমুজ প্ৰণালীয়ে (Strait of Hormuz) পাৰস্য উপসাগৰ (Persian Gulf) আৰু ওমান উপসাগৰক (Gulf of Oman) সংযোগ কৰে।
১৫/ Amazon এ অলপতে মুকলি কৰা AI চালিত শ্বপিং এচিষ্টেণ্ট (AI shopping assistant) টোৰ নাম কি?
(ক) Alexa
(খ) Rufus
(গ) Amazon Q
(ঘ) Bedrock
উত্তৰ:- (খ) Rufus
১৬/ শেহতীয়াকৈ 'ভাৰতীয় ভাষা পৰিষদ বঁটা ২০২৬' (Bharatiya Bhasha Parishad Award 2026) অসমৰ কোন গৰাকী বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে?
(ক) ড০ নগেন শইকীয়া
(খ) য়েছে দৰজে ঠংচি
(গ) ড০ অৰূপা পটংগীয়া কলিতা
(ঘ) ড০ দীপক কুমাৰ বৰকাকতী
উত্তৰ:- (ঘ) ড০ দীপক কুমাৰ বৰকাকতী
১৭/ শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ হোৱা গেকোৰ (Gecko) নতুন প্ৰজাতিটোৰ নাম কি? (২০২৬)
(ক) Cyrtodactylus assamensis
(খ) Cyrtodactylus raimonaensis
(গ) Gekko raimona
(ঘ) Cyrtodactylus kachuga
উত্তৰ:- (খ) Cyrtodactylus raimonaensis
১৮/ অসম প্ৰদেশক পূৰ্ব বংগৰ পৰা পৃথক কৰি সুকীয়া প্ৰদেশ হিচাপে কিমান চনত ঘোষণা কৰা হৈছিল?
উত্তৰ:- ১৯১২ চনত।
১৯/ Claude AI ৰ গৰাকী বা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ নাম কি?
(ক) Google
(খ) Microsoft
(গ) Anthropic
(ঘ) Meta
উত্তৰ:- (গ) Anthropic
২০/ বৰ্তমান বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰা ChatGPT নিৰ্মাণ কৰা প্ৰতিষ্ঠান OpenAI ৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) কোন?
(ক) Elon Musk
(খ) Sam Altman
(গ) Bill Gates
(ঘ) Sundar Pichai
উত্তৰ:- (খ) Sam Altman
২১/ শেহতীয়াকৈ ২০২৬ চনত উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰাত আৱিষ্কাৰ হোৱা Cyrtodactylus jayadityai তলৰ কোনটো শ্ৰেণীৰ প্ৰাণী?
(ক) ভেকুলী
(খ) জেঠী
(গ) সাপ
(ঘ) পখিলা
উত্তৰ:- (খ) জেঠী
২২/ প্ৰতি বছৰে কোনটো তাৰিখে 'বিশ্ব ধৰিত্ৰী দিৱস' (Earth Day) পালন কৰা হয়?
(ক) ২২ এপ্ৰিল
(খ) ৫ জুন
(গ) ২২ মাৰ্চ
(ঘ) ২৫ এপ্ৰিল
উত্তৰ:- (ক) ২২ এপ্ৰিল
২৩/ ২০২৬ চনৰ বিশ্ব ধৰিত্ৰী দিৱসৰ মূল বিষয়বস্তু (Theme) কি আছিল?
(ক) Invest in Our Planet
(খ) Our Power, Our Planet
(গ) Planet vs. Plastics
(ঘ) Restore Our Earth
উত্তৰ:- (খ) Our Power, Our Planet
২৪/ বিশ্ব জল দিৱস (World Water Day) প্ৰতি বছৰে কোনটো তাৰিখে পালন কৰা হয়?
(ক) ২২ এপ্ৰিল
(খ) ১৬ ছেপ্টেম্বৰ
(গ) ৫ জুন
(ঘ) ২২ মাৰ্চ
উত্তৰ:- (ঘ) ২২ মাৰ্চ
২৫/২০২৬ চনৰ বিশ্ব জল দিৱসৰ মূল বিষয়বস্তু (Theme) কি?
(ক) Water and Climate Change
(খ) Valuing Water
(গ) Groundwater: Making the Invisible Visible
(ঘ) Water and Gender
উত্তৰ:- (ঘ) Water and Gender
২৬/প্ৰতি বছৰে কোনটো তাৰিখে 'আন্তৰ্জাতিক নাৰী দিৱস' (International Women's Day) পালন কৰা হয়?
(ক) ১৩ ফেব্ৰুৱাৰী
(খ) ৫ ছেপ্টেম্বৰ
(গ) ১০ ডিচেম্বৰ
(ঘ) ৮ মাৰ্চ
উত্তৰ:- (ঘ) ৮ মাৰ্চ
২৭/ ২০২৬ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে ৰাষ্ট্ৰসংঘই (United Nations) নিৰ্ধাৰণ কৰা মূল বিষয়বস্তু (Theme) কি আছিল?
(ক) Rights. Justice. Action. For ALL Women and Girls
(খ) Choose to Challenge
(গ) Invest in Women: Accelerate Progress
(ঘ) Gender equality today for a sustainable tomorrow
উত্তৰ:- (ক) Rights. Justice. Action. For ALL Women and Girls
২৮/ ২০২৬ চনৰ কোনটো অভিযানে (Campaign) মহিলাৰ প্ৰগতিৰ বাবে সামূহিক সমৰ্থন, পৰামৰ্শ আৰু সম্পদৰ বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে?
(ক) Rights and Justice
(খ) Action for All
(গ) Give To Gain
(ঘ) Legal Gaps Awareness
উত্তৰ:- (গ) Give To Gain
২৯/ 'বিশ্ব গ্ৰন্থ দিৱস' (World Book and Copyright Day) প্ৰতি বছৰে কোন তাৰিখে উদযাপন কৰা হয়?
(ক) ১৫ জুন
(খ) ২৩ এপ্ৰিল
(গ) ২২ অক্টোবৰ
(ঘ) ৭ ডিচেম্বৰ
উত্তৰ:- (খ) ২৩ এপ্ৰিল
৩০/ নলবাৰীৰ টিহু মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক, যিয়ে শেহতীয়াকৈ ১১ জন ভাৰতীয়ৰ লগতে বিশ্বৰ ৩৭৬ গৰাকী বিজ্ঞানীৰ সৈতে "বিজ্ঞানৰ অস্কাৰ" বুলি পৰিচিত 'বেকথ্ৰু প্ৰাইজ-২০২৬' (Breakthrough Prize-2026) সন্মান লাভ কৰিছে, তেওঁৰ নাম কি?
ক) ড° জিতেন্দ্ৰ নাথ গোস্বামী
খ) ড° ৰমেন্দ্ৰ কুমাৰ কলিতা
গ) ড° অতনু নাথ
ঘ) ড° কিশোৰ কুমাৰ বৰুৱা
উত্তৰ:- গ) ড° অতনু নাথ
৩১/ শেহতীয়াকৈ আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ ডালাছ চহৰত টেক্সাছ ইন'ভেচন কনফাৰেন্স এণ্ড এৱাৰ্ডছ, ২০২৬ (Texas Innovation Conference & Awards 2026) অনুষ্ঠানৰ পৰা 'ইউনিভাৰ্চিটী ইন'ভেটৰ এৱাৰ্ড' (University Innovator Award) লাভ কৰা অসমৰ যুৱ বিজ্ঞানীগৰাকী কোন?
(ক) ড° মাধৱ ৰঞ্জন বৰুৱা
(খ) ড° শেখৰ সুমন বৰা
(গ) ড° উদ্ধৱ ভৰালী
(ঘ) ড° বিনয় কুমাৰ শইকীয়া
উত্তৰ:- (খ) ড° শেখৰ সুমন বৰা
৩২/ 'গজপতি' বুলি কোনজন ৰজাক জনা যায়?
(ক) প্ৰতাপ সিংহ
(খ) চুখ্ৰাম্ফা
(গ) নৰনাৰায়ণ
(ঘ) বিশ্ব সিংহ
উত্তৰ:- (ক) প্ৰতাপ সিংহ
৩৩/ শেহতীয়াকৈ ২০২৬ চনৰ ২২ এপ্ৰিল তাৰিখে উত্তৰ প্ৰদেশৰ আলিগড়ত অৱস্থিত কোনখন বিলক ভাৰতৰ ৯৯ তম 'ৰামচাৰ ছাইট' (Ramsar Site) হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে?
(ক) সুৰ সৰোবৰ (Sur Sarovar)
(খ) শেখা ঝীল (Shekha Jheel)
(গ) হাইদৰপুৰ সিমলাভূমি (Haiderpur Wetland)
(ঘ) ওপৰ গংগা নদী (Upper Ganga River)
উত্তৰ:- (খ) শেখা ঝীল (Shekha Jheel)
৩৪/ ভাৰতৰ প্ৰথমটো মাল্টি-চেন্সৰ পৃথিৱী নিৰীক্ষণ উপগ্ৰহ 'মিছন দৃষ্টি' (Mission Drishti) কেতিয়া উৎক্ষেপণ কৰা হৈছিল?
ক) ৫ মে’, ২০২৬
খ) ৩ মে’, ২০২৬
গ) ৩ এপ্ৰিল, ২০২৬
ঘ) ৪ মে’, ২০২৬
উত্তৰ:- খ) ৩ মে’, ২০২৬
৩৫/ 'মিছন দৃষ্টি' উপগ্ৰহটো কোনখন ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল?
ক) PSLV-C58
খ) LVM3
গ) SpaceX Falcon 9
ঘ) Falcon Heavy
উত্তৰ:- গ) SpaceX Falcon 9
৩৬/ 'মিছন দৃষ্টি' উপগ্ৰহত ব্যৱহাৰ কৰা অপ্টো-সাৰ (Opto-SAR) প্ৰযুক্তিয়ে কি কি চেন্সৰ একেলগে ব্যৱহাৰ কৰে?
ক) কেৱল অপ্টিকেল চেন্সৰ
খ) কেৱল ৰাডাৰ চেন্সৰ
গ) ইনফ্ৰাৰেড আৰু আল্ট্ৰাভায়োলেট চেন্সৰ
ঘ) অপ্টিকেল আৰু ছিন্থেটিক এপাৰ্চাৰ ৰাডাৰ (SAR)
উত্তৰ:- ঘ) অপ্টিকেল আৰু ছিন্থেটিক এপাৰ্চাৰ ৰাডাৰ (SAR)
৩৭/ ক্ৰান্তীয় অঞ্চলৰ ডাৱৰৰ সমস্যা সমাধান কৰি স্পষ্ট ছবি প্ৰদান কৰিবলৈ 'মিছন দৃষ্টি'য়ে কোনটো প্ৰযুক্তিৰ সহায় লয়?
ক) মেচিন লাৰ্ণিং (ML)
খ) কৃত্ৰিম বুদ্ধিমত্তা (AI)
গ) থ্ৰী-ডি প্ৰিন্টিং (3D Printing)
ঘ) ভাৰ্চুৱেল ৰিয়েলিটি (VR)
উত্তৰ:- খ) কৃত্ৰিম বুদ্ধিমত্তা (AI)
৩৮/ ১৯০ কিলোগ্ৰাম ওজনৰ 'মিছন দৃষ্টি' নামৰ এই উপগ্ৰহটো বেচৰকাৰীভাৱে কোনটো ভাৰতীয় মহাকাশ ষ্টাৰ্ট-আপ কোম্পানীয়ে নিৰ্মাণ কৰিছে?
ক) Skyroot Aerospace
খ) Agnikul Cosmos
গ) GalaxEye
ঘ) Pixxel
উত্তৰ:- গ) GalaxEye
৩৯/ GalaxEye ৰ 'মিছন দৃষ্টি' উপগ্ৰহক কিয় "বিশ্বৰ প্ৰথমটো অপ্টো-সাৰ (Opto-SAR) উপগ্ৰহ" বুলি স্বীকৃতি দিয়া হৈছে?
ক) ই পৃথিৱীৰ আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰিব পৰা পৃথিৱী নিৰীক্ষণ উপগ্ৰহ।
খ) ই কেৱল নিশাৰ ভাগত আৰু ডাৱৰীয়া বতৰত ছবি তুলিবলৈ নিৰ্মাণ কৰা হৈছে।
গ) ই প্ৰথমটো উপগ্ৰহ যিয়ে সৌৰশক্তিৰ সলনি কেৱল কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) দ্বাৰা নিয়ন্ত্ৰিত হয়।
ঘ) ই একে সময়তে একেটা স্থানৰ অপ্টিকেল (মাল্টি-স্পেকট্ৰেল) আৰু ৰাডাৰ (SAR) দুয়োবিধ ছবি একেলগে সংগ্ৰহ কৰিব পাৰে।
উত্তৰ:- ঘ) ই একে সময়তে একেটা স্থানৰ অপ্টিকেল (মাল্টি-স্পেকট্ৰেল) আৰু ৰাডাৰ (SAR) দুয়োবিধ ছবি একেলগে সংগ্ৰহ কৰিব পাৰে।
৪০/ 'মিছন দৃষ্টি' (Mission Drishti) উপগ্ৰহত কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰচেছিঙৰ বাবে কোনটো কম্পিউটিং প্লেটফৰ্ম ব্যৱহাৰ কৰা হৈছে?
ক) গুগলৰ টেনছৰ (Google Tensor)
খ) এনভিডিয়াৰ জেটছন অৰিন (NVIDIA Jetson Orin)
গ) এপলৰ এম চিপ (Apple M-Chip)
ঘ) কোৱালকম স্ন্যাপড্ৰেগন (Qualcomm Snapdragon)
উত্তৰ:- খ) এনভিডিয়াৰ জেটছন অৰিন (NVIDIA Jetson Orin)
৪১/ ভাৰত চৰকাৰে কাক 'লোকপিয়ল ২০২৭' (Census 2027) ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি দিছে?
ক) বিৰাট কোহলী
খ) সুদৰ্শন পাটনায়ক
গ) শ্বাহৰুখ খান
ঘ) অমিতাভ বচ্চন
উত্তৰ:- খ) সুদৰ্শন পাটনায়ক
৪২/ ২০২৬ বৰ্ষৰ বাবে গ্ৰহ বিজ্ঞান আৰু উল্কাপিণ্ড বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম সন্মানীয় সন্মান The Meteoritical Society ফেলো নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা বিজ্ঞানী কোন?
(ক) টেছি থমাছ
(খ) কুলজিৎ কৌৰ মাৰহাছ
(গ) ঋতু কাৰিধাল
(ঘ) কল্পনা চাওলা
উত্তৰ:- (খ) কুলজিৎ কৌৰ মাৰহাছ
৪৩/ কোনটো অনুচ্ছেদৰ (Article) অধীনত উচ্চতম ন্যায়ালয়ে পথ সুৰক্ষাক নাগৰিকৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ (Protection of Life and Personal Liberty) চমুকৈ 'জীৱনৰ অধিকাৰ' (Right to Life) ৰ এক অংশ হিচাপে গণ্য কৰিছে?
ক) অনুচ্ছেদ ১৪ (Article 14)
খ) অনুচ্ছেদ ১৯ (Article 19)
গ) অনুচ্ছেদ ২০ (Article 20)
ঘ) অনুচ্ছেদ ২১ (Article 21)
উত্তৰ:- ঘ) অনুচ্ছেদ ২১ (Article 21)
৪৪/ বিত্তীয় বৰ্ষ ২০২৫-২৬ (FY 2025-26) ত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি (defense exports) সৰ্বকালৰ সৰ্বোচ্চ স্তৰ ______ লৈ বৃদ্ধি পাইছে?
ক) ২৮,৪৪৫ কোটি টকা
খ) ৩৮,৪২৪ কোটি টকা
গ) ৪৮,৫৫৩ কোটি টকা
ঘ) ৪৭,৮২৪ কোটি টকা
উত্তৰ:- খ) ৩৮,৪২৪ কোটি টকা
৪৫/ ভাৰতৰ আটাইতকৈ ব্যয়বহুল চিত্ৰকৰ্ম "Yashoda & Krishna" কোনে নিৰ্মাণ কৰিছিল?
ক) এম. এফ. হুছেইন
খ) এছ. এইচ. ৰাজা
গ) অমৃতা শ্বেৰগিল
ঘ) ৰাজা ৰবি বৰ্মা
উত্তৰ:- ঘ) ৰাজা ৰবি বৰ্মা
৪৬/ ১৭ মে', ২০২৬ তাৰিখে চুইডেনৰ ক্ৰাউন প্ৰিন্সেছ ভিক্টোৰিয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনটো সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে, যিটো তেওঁৰ ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান?
(ক) অৰ্ডাৰ অৱ দ্য নাইল
(খ) ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ
(গ) গ্ৰেণ্ড ক্ৰছ অৱ দ্য লিজিয়ন অৱ অনাৰ
(ঘ) কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ লজিয়ন
উত্তৰ:- (খ) ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ
৪৭/ 'শ্বেপ অৱ মম'' (Shape of Momo) নামৰ ছবি/তথ্যচিত্ৰখনৰ নিৰ্মাতা কোন আছিল?
(ক) ৰিমা দাস
(খ) ভাস্কৰ হাজৰিকা
(গ) ত্ৰিবেণী ৰায়
(ঘ) মুণিন বৰুৱা
উত্তৰ:- (গ) ত্ৰিবেণী ৰায়
৪৮/ উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়ক উত্থাপন কৰা ভাৰতৰ তৃতীয়খন ৰাজ্য কোনখন হ'ব?
(ক) উত্তৰ প্ৰদেশ
(খ) অসম
(গ) মধ্য প্ৰদেশ
(ঘ) মহাৰাষ্ট্ৰ
উত্তৰ:- (খ) অসম
৪৯/ কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়?
(A) মনিটৰ (Monitor)
(B) ৰেম (RAM)
(C) চি. পি. ইউ. (CPU)
(D) কীব'ৰ্ড (Keyboard)
উত্তৰ:- (C) চি. পি. ইউ. (CPU)
৫০/ অসম বিধানসভাত 'সমৰূপ নাগৰিক সংহিতা, অসম, বিধেয়ক ২০২৬' (Uniform Civil Code Assam Bill, 2026) কেতিয়া আনুষ্ঠানিকভাৱে গৃহীত হয়?
(A) ২৭ মে', ২০২৬
(B) ১ জানুৱাৰী, ২০২৬
(C) ১৫ মে', ২০২৬
(D) ১৫ এপ্ৰিল, ২০২৬
উত্তৰ:- (A) ২৭ মে', ২০২৬
৫১/ ভাৰতে শেহতীয়াকৈ মুকলি কৰা একত্ৰিত জৰুৰীকালীন সতৰ্কতা প্ৰণালীটোৰ নাম কি?
(a) সুৰক্ষা (SURAKSHA)
(b) সচেত (SACHET)
(c) এলাৰ্ট ইণ্ডিয়া (ALERT INDIA)
(d) ৰক্ষা (RAKSHA)
উত্তৰ:- (b) সচেত (SACHET)
৫২/ অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ
ৰাজ্যখনৰ নাম কি?
(A) মণিপুৰ
(B) ছিকিম
(C) নাগালেণ্ড
(D) মেঘালয়
উত্তৰ:- (C) নাগালেণ্ড
৫৩/ শেহতীয়াকৈ ড'নাৰ (DoNER) মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শুভাৰম্ভ কৰা 'মিছন চেনেহজৰী' (Mission Senehjori) প্ৰধানকৈ কিহৰ সৈতে জড়িত?
(A) অসমৰ চাহ উদ্যোগৰ আধুনিকীকৰণ
(B) উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন খণ্ডৰ বিকাশ
(C) অসমৰ বানপানী নিয়ন্ত্ৰণ ব্যৱস্থা
(D) অসমৰ মুগা ৰেচম অৰ্থনীতিক পুনৰুজ্জীৱিত কৰা
উত্তৰ:- (D) অসমৰ মুগা ৰেচম অৰ্থনীতিক পুনৰুজ্জীৱিত কৰা
৫৪/ অসমৰ মুগা ৰেচমৰ মূল্য শৃংখল (value chain) ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা 'মিছন চেনেহজৰী' প্ৰকল্পটোৰ বাবে কিমান টকাৰ মুঠ ব্যয় নিৰ্ধাৰণ কৰা হৈছে?
(A) ৪১১ কোটি টকা
(B) ৩১১ কোটি টকা
(C) ৫১১ কোটি টকা
(D) ৬১১ কোটি টকা
উত্তৰ:- (A) ৪১১ কোটি টকা
৫৫/ 'মিছন চেনেহজৰী'ৰ অধীনত মুগা ৰেচম উৎপাদনৰ বাবে ক্লাষ্টাৰ-ভিত্তিক পদ্ধতিত সামৰি লোৱা প্ৰধান ঠাইসমূহৰ সঠিক তালিকাখন বাছনি কৰক।
(A) যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, কাৰ্বি আংলং, মাজুলী আৰু শুৱালকুছি
(B) শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, বৰপেটা আৰু শুৱালকুছি
(C) যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী আৰু শুৱালকুছি
(D) যোৰহাট, শিৱসাগৰ, নগাঁও, ধেমাজি, কামৰূপ মেট্ৰ', তিনিচুকীয়া, মাজুলী আৰু ধুবুৰী
উত্তৰ:- (C) যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী আৰু শুৱালকুছি
৫৬/ শেহতীয়াকৈ ২০২৬ চনৰ ৫ জুন তাৰিখে (বিশ্ব পৰিৱেশ দিৱসৰ দিনা) উত্তৰ প্ৰদেশৰ বালিয়া জিলাত অৱস্থিত, গংগা নদীৰ দ্বাৰা সৃষ্ট কোনখন অশ্বখুৰাকৃতিৰ হ্ৰদক (Oxbow lake) ভাৰতৰ ১০০ তম 'ৰামচাৰ ছাইট' (Ramsar Site) হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা হৈছে?
A) শ্বেইখা ঝিল (Shekha Jheel)
B) জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্য বা সুৰহা তাল (Jayprakash Narayan Bird Sanctuary / Surha Taal) ✅
C) বখিৰা পক্ষী অভয়াৰণ্য (Bakhira Bird Sanctuary)
D) সুৰ সৰোবৰ (Sur Sarovar)
৫৭/ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈসমূহৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ?
১. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈখন হ'ল সোৱণশিৰি।
২. কপিলী হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন প্ৰধান বিশাল উপনৈ।
(A) কেৱল ১ শুদ্ধ
(B) কেৱল ২ শুদ্ধ
(C) ১ আৰু ২ দুয়োটা শুদ্ধ
(D) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ:- (C) ১ আৰু ২ দুয়োটা শুদ্ধ
৫৮/ নৈলৈ হালিলে ন ডালি ঐ ভলুকা
হালে পথাৰলৈ কাক মোৰে বহনা
কুলিয়ে মতে বসন্তত
জান জুৰি নৈৰ সিপাৰত... এই গীতটি কোনে লিখিছিল?
(A) সমীৰণ মলয়
(B) পাপলু চেতিয়া
(C) আঁচুৰ্য বৰপাত্ৰ গোহাঁই
(D) অভি শইকীয়া
উত্তৰ:- (A) সমীৰণ মলয়
৫৯/ ২০২৫ বৰ্ষৰ 'ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা'ত অসমৰ কোনখন গাঁও পঞ্চায়তে 'শ্ৰেষ্ঠ গাঁও পঞ্চায়ত'ৰ সন্মান লাভ কৰিছে?
(A) জুমৰমূৰ গাঁও পঞ্চায়ত (নগাঁও)
(B) নিউ নপাম গাঁও পঞ্চায়ত (শোণিতপুৰ)
(C) হুগ্ৰীজান গাঁও পঞ্চায়ত (ডিব্ৰুগড়)
(D) বৰদোৱা গাঁও পঞ্চায়ত (নগাঁও)
উত্তৰ:- (B) নিউ নপাম গাঁও পঞ্চায়ত (শোণিতপুৰ)
৬০/ 'স্বচ্ছ আৰু সেউজ পঞ্চায়ত' শিতানত ২০২৫ চনত অসমৰ কোনখন গাঁও পঞ্চায়তক পুৰস্কৃত কৰা হৈছে?
(A) নিউ নপাম গাঁও পঞ্চায়ত (শোণিতপুৰ)
(B) হুগ্ৰীজান গাঁও পঞ্চায়ত (ডিব্ৰুগড়)
(C) জুমৰমূৰ গাঁও পঞ্চায়ত (নগাঁও)
(D) দক্ষিণপাট গাঁও পঞ্চায়ত (মাজুলী)
উত্তৰ:- (C) জুমৰমূৰ গাঁও পঞ্চায়ত (নগাঁও)
৬১/ ২০২৫ চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাত 'স্বনিৰ্ভৰশীল আন্তঃগাঁথনি'ৰ (Self-Sufficient Infrastructure) বাবে তলৰ কোনখন গাঁও পঞ্চায়তে সন্মান লাভ কৰিছে?
(A) হুগ্ৰীজান গাঁও পঞ্চায়ত (ডিব্ৰুগড়)
(B) জুমৰমূৰ গাঁও পঞ্চায়ত (নগাঁও)
(C) নিউ নপাম গাঁও পঞ্চায়ত (শোণিতপুৰ)
(D) তিতাবৰ গাঁও পঞ্চায়ত (যোৰহাট)
উত্তৰ:- (A) হুগ্ৰীজান গাঁও পঞ্চায়ত (ডিব্ৰুগড়)
৬২/ G20 কেতিয়া গঠন কৰা হৈছিল?
(A) 1999
(B) 1995
(C) 1991
(D) 1992
উত্তৰ:- (A) 1999
৬৩/ ভাৰতত বৰ্তমান মুঠ কেইখন উচ্চ ন্যায়ালয় (High Courts) আছে?
(A) ২২ খন
(B) ২৪ খন
(C) ২৫ খন
(D) ২৬ খন
উত্তৰ:- (C) ২৫ খন
৬৪/ ভাৰতৰ প্ৰথম বা আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়খনৰ নাম কি?
(A) বম্বে উচ্চ ন্যায়ালয় (Bombay High Court)
(B) কলিকতা উচ্চ ন্যায়ালয় (Calcutta High Court)
(C) মাদ্ৰাজ উচ্চ ন্যায়ালয় (Madras High Court)
(D) এলাহাবাদ উচ্চ ন্যায়ালয় (Allahabad High Court)
উত্তৰ:- (B) কলিকতা উচ্চ ন্যায়ালয় (Calcutta High Court)
৬৫/ ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হয়?
A) ১৫ আগষ্ট ১৯৪৭
B) ২৬ জানুৱাৰী ১৯৫০
C) ২ অক্টোবৰ ১৯৪৯
D) ১ জানুৱাৰী ১৯৫০
উত্তৰ:- B) ২৬ জানুৱাৰী ১৯৫০
৬৬/ ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?
A) ড° বি. আৰ. আম্বেদকাৰ
B) জৱাহৰলাল নেহৰু
C) ড° ৰাজেন্দ্ৰ প্ৰসাদ
D) সৰ্বপল্লী ৰাধাকৃষ্ণণ
উত্তৰ:- C) ড° ৰাজেন্দ্ৰ প্ৰসাদ
৬৭/ ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন বৈঠকৰ বাবে অস্থায়ী সভাপতি (Pro-tem President) হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল?
A) ড° বি. আৰ. আম্বেদকাৰ
B) ড° ৰাজেন্দ্ৰ প্ৰসাদ
C) ড° সচ্চিদানন্দ সিনহা
D) জৱাহৰলাল নেহৰু
উত্তৰ:- C) ড° সচ্চিদানন্দ সিনহা
৬৮/ চুতীয়া সাম্ৰাজ্য কোনে স্থাপন কৰিছিল?
A. সত্যনাৰায়ণ
B. নীতিপাল
C. ৰত্নপাল
D. বীৰপাল
উত্তৰ:- D. বীৰপাল
৬৯/ চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজা কোন আছিল?
A. বীৰপাল
B. নীতিপাল
C. ৰত্নধ্বজপাল
D. বিজয়পাল
উত্তৰ:- B. নীতিপাল
৭০/ প্ৰথম 'স্বৰ্গদেউ' উপাধি কোনজন আহোম ৰজাই ব্যৱহাৰ কৰিছিল?
A. প্ৰতাপ সিংহ
B. গদাধৰ সিংহ
C. চুহুংমুং
D. ৰুদ্ৰ সিংহ
উত্তৰ:- C. চুহুংমুং
৭১/ ঐতিহাসিক ইটাখুলিৰ ৰণ কেতিয়া হৈছিল?
A. ১৬৬২ খ্ৰীষ্টাব্দত
B. ১৬৭১ খ্ৰীষ্টাব্দত
C. ১৮২৬ খ্ৰীষ্টাব্দত
D. ১৬৮২ খ্ৰীষ্টাব্দত
উত্তৰ:- D. ১৬৮২ খ্ৰীষ্টাব্দত
৭২/ ভাৰত চৰকাৰ আৰু ইছৰোৱে (ISRO) প্ৰথম মানৱ মহাকাশ অভিযান "গগণযান" (Gaganyaan) যি অভিযান ২০২৭ চনৰ প্ৰথম ত্ৰৈমাসিকত আৰম্ভ কৰাৰ কথা আছে, তাৰ বাবে নিৰ্বাচিত মহাকাশচাৰীৰ তালিকাত তলৰ কোনগৰাকী ব্যক্তি অন্তৰ্ভুক্ত নহয়?
(a) গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন
(b) উইং কমাণ্ডাৰ শুভাংশু শুক্লা
(c) গ্ৰুপ কেপ্টেইন ৰবীশ মালহোত্ৰা
(d) গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ
(e) গ্ৰুপ কেপ্টেইন অংগদ প্ৰতাপ
উত্তৰ:- (c) গ্ৰুপ কেপ্টেইন ৰবীশ মালহোত্ৰা
৭৩/ শেহতীয়াকৈ ২০২৬ বৰ্ষত ভাৰত চৰকাৰৰ দ্বাৰা 'শৌৰ্য চক্ৰ' (Shaurya Chakra) বঁটাৰে সন্মানিত হোৱা অসমৰ বীৰ সন্তান দুগৰাকী কোন?
(a) মেজৰ বিক্ৰম সিং আৰু ৰাইফলমেন সুৰেশ শৰ্মা
(b) মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্ত
(c) মেজৰ অৰুণ কুমাৰ আৰু ৰাইফলমেন ৰাজেন দাস
(d) মেজৰ ৰাহুল বৰুৱা আৰু ৰাইফলমেন নৱজ্যোতি শইকীয়া
উত্তৰ:- (b) মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্ত
৭৪/ শেহতীয়াকৈ ২০২৬ বৰ্ষত অসমৰ দুগৰাকী বীৰ সন্তান মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্তক ভাৰত চৰকাৰে 'শৌৰ্য চক্ৰ' (Shaurya Chakra) বঁটাৰে সন্মানিত কৰিছে। ভাৰতৰ শান্তিকালীন বীৰত্বৰ বঁটা (Peacetime Gallantry Awards) সমূহৰ ক্ৰম অনুসৰি 'শৌৰ্য চক্ৰ'ৰ স্থান কিমান?
A) প্ৰথম
B) দ্বিতীয়
C) তৃতীয়
D) চতুৰ্থ
উত্তৰ:- C) তৃতীয়
৭৫/ 'ROM' কি ধৰণৰ মেম'ৰী?
A) অস্থায়ী (Temporary)
B) ভাৰ্চুৱেল মেম'ৰী (Virtual memory)
C) স্থায়ী (Permanent)
D) কেছ মেম'ৰী (Cache memory)
উত্তৰ:- C) স্থায়ী (Permanent)
৭৬/ 'RAM' কি ধৰণৰ মেম'ৰী?
A) কেছ মেম'ৰী (Cache memory)
B) স্থায়ী (Permanent)
C) ভাৰ্চুৱেল মেম'ৰী (Virtual memory)
D) অস্থায়ী (Temporary)
উত্তৰ:- D) অস্থায়ী (Temporary)
৭৭/ কাজিৰঙা এলিভেটেড কৰিডৰ (Elevated Corridor) প্ৰকল্প কোনটো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে প্ৰস্তাৱিত কৰা হৈছে?
A) NH-15
B) NH-17
C) NH-37
D) NH-715
উত্তৰ:- D) NH-715
৭৮/ শেহতীয়াকৈ ২০২৬ বৰ্ষত অসমৰ তলত উল্লেখ কৰা কোনবিধ পৰম্পৰাগত সামগ্ৰীয়ে ভৌগোলিক সূচক (GI Tag) লাভ কৰিছে?
A) অসমৰ বিহু পেঁপা (Assam Bihu Pepa)
B) অসমৰ বাঁহৰ শিল্প (Assam Bamboo Crafts)
C) কাৰ্বি আংলং হস্ততাঁত সামগ্ৰী আৰু দেউৰী হস্ততাঁত সামগ্ৰী (Handloom Products)
D) ওপৰৰ আটাইকেইটা
উত্তৰ:- D) ওপৰৰ আটাইকেইটা
৭৯/ শ্লোভাকিয়াৰ ৰাজধানী কি?
ক) ব্ৰাটিস্লাভা
খ) প্ৰাগ
গ) বুদাপেষ্ট
ঘ) ভিয়েনা
উত্তৰ:- ক) ব্ৰাটিস্লাভা
৮০/ বৰ্তমান অসমৰ বিত্ত মন্ত্ৰী কোন?
A) ড° হিমন্ত বিশ্ব শৰ্মা
B) অজন্তা নেওগ
C) জয়ন্ত মল্ল বৰুৱা
D) অতুল বৰা
উত্তৰ:- C) জয়ন্ত মল্ল বৰুৱা
৮১/ বিশ্বৰ প্ৰথমটো ডিজিটেল লোকপিয়ল কোনখন দেশত আৰম্ভ কৰা হৈছে?
A) ভাৰত
B) ফ্ৰান্স
C) জাপান
D) জাৰ্মানী
উত্তৰ:- A) ভাৰত
৮২/ কোনখন দেশে বিশ্বৰ ভিতৰতে পোনপ্ৰথমে GST (সামগ্ৰী আৰু সেৱা কৰ) প্ৰৱৰ্তন কৰিছিল?
A) ফ্ৰান্স
B) কানাডা
C) আমেৰিকা যুক্তৰাষ্ট্ৰ
D) জাৰ্মানী
উত্তৰ:- A) ফ্ৰান্স
৮৩/ বায়ুমণ্ডলীয় চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
A) বেৰ'মিটাৰ
B) লেক্ট'মিটাৰ
C) হাইগ্ৰ'মিটাৰ
D) এনিমোমিটাৰ
উত্তৰ:- A) বেৰ'মিটাৰ
৮৪/ মানুহৰ শৰীৰৰ উত্তাপ বা উষ্ণতা জুখিবলৈ তলৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
A) বেৰ'মিটাৰ
B) থাৰ্ম'মিটাৰ
C) এনিমোমিটাৰ
D) হাইড্ৰ'মিটাৰ
উত্তৰ:- B) থাৰ্ম'মিটাৰ
৮৫/ অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল?
(A) বল বৰ্মন
(B) কল্যাণ বৰ্মন
(C) ভাস্কৰ বৰ্মন
(D) ভূতি বৰ্মন
উত্তৰ:- (A) বল বৰ্মন
৮৬/ বৈদ্যুতিক বিভব (Electric potential), বিভবভেদ (Potential difference) আৰু বিদ্যুৎবাহক বলৰ (Electromotive force) SI একক কি?
A) এম্পিয়াৰ (Ampere)
B) ওম (Ohm)
C) ভল্ট (Volt)
D) ৱাট (Watt)
উত্তৰ:- C) ভল্ট (Volt)
৮৭/ স্কাৰ্ভি ৰোগ কোনবিধ ভিটামিনৰ অভাৱত হয়?
(ক) ভিটামিন A
(খ) ভিটামিন B
(গ) ভিটামিন C
(ঘ) ভিটামিন D
উত্তৰ:- (গ) ভিটামিন C
৮৮/ মানৱ শৰীৰত তেজ গোট মৰাত কোনে সহায় কৰে?
(ক) লোহিত ৰক্ত কণিকা
(খ) শ্বেত ৰক্ত কণিকা
(গ) প্লাজমা
(ঘ) অণুচক্ৰিকা (প্লেটলেট)
উত্তৰ:- (ঘ) অণুচক্ৰিকা (প্লেটলেট)
৮৯/ 'ত্বৰণ'ৰ (Acceleration) SI একক কি?
(ক) m/s
(খ) m/s²
(গ) নিউটন
(ঘ) পাছকেল
উত্তৰ:- (খ) m/s²
৯০/ 'Cu' কোনটো মৌলৰ প্ৰতীক?
(ক) কেলচিয়াম
(খ) কাৰ্বন
(গ) তাম
(ঘ) ক্ল'ৰিন
উত্তৰ:- (গ) তাম
৯১/ 'বিদ্যুৎ প্ৰবাহ'ৰ SI একক কি?
(ক) ভল্ট
(খ) ওম
(গ) এম্পিয়াৰ
(ঘ) ৱাট
উত্তৰ:- (গ) এম্পিয়াৰ
৯২/ ভিটামিন D ৰ অভাৱত কি ৰোগ হয়?
(ক) স্কাৰ্ভি
(খ) ৰিকেটচ
(গ) বেৰী-বেৰী
(ঘ) কুকুৰীকণা
উত্তৰ:- (খ) ৰিকেটচ
৯৩/ 'NaOH' ৰ সাধাৰণ নাম কি?
(ক) বেকিং চ'ডা
(খ) কাষ্টিক চ'ডা
(গ) কাপোৰ ধোৱা চ'ডা
(ঘ) চূনশিল
উত্তৰ:- (খ) কাষ্টিক চ'ডা
৯৪/ পোহৰৰ বেগ সৰ্বাধিক ক'ত হয়?
(ক) পানীত
(খ) কাঁচত
(গ) বায়ুত
(ঘ) শূন্যস্থানত
উত্তৰ:- (ঘ) শূন্যস্থানত
৯৫/ তলৰ কোনটো 'ব্ৰাউজাৰ'ৰ উদাহৰণ?
(ক) উইণ্ড'জ
(খ) এক্সেল
(গ) ক্ৰ'ম
(ঘ) এম এছ ৱৰ্ড
উত্তৰ:- (গ) ক্ৰ'ম
৯৬/ তলৰ কোনটো 'অপাৰেটিং ছিষ্টেম'ৰ উদাহৰণ?
(ক) উইণ্ড'জ
(খ) ক্ৰ'ম
(গ) এম এছ ৱৰ্ড
(ঘ) এক্সেল
উত্তৰ:- (ক) উইণ্ড'জ
৯৭/ পাছকেল তলৰ কোনটো ভৌতিক ৰাশিৰ SI একক?
A) চাপ
B) কাৰ্য্য
C) ক্ষমতা
D) বল
উত্তৰ:- A) চাপ
৯৮/ ক্ষমতাৰ SI একক তলৰ কোনটো?
A) জুল
B) পাছকেল
C) ৱাট
D) কেলভিন
উত্তৰ:- C) ৱাট
৯৯/ কাৰ্য্য আৰু শক্তিৰ SI একক কি?
A) ৱাট
B) জুল
C) পাছকেল
D) নিউটন
উত্তৰ:- B) জুল
১০০/ 'বল'ৰ SI একক কি?
(ক) জুল
(খ) ৱাট
(গ) নিউটন
ঘ) পাছকেল
উত্তৰ:- (গ) নিউটন
১০১/ 'JPEG' কিহৰ সৈতে সম্পৰ্কিত?
(ক) অডিঅ' ফাইল ফৰ্মেট
(খ) ভিডিঅ' ফাইল ফৰ্মেট
(গ) প্ৰগ্ৰেমিং ভাষা
(ঘ) চিত্ৰ ফাইল ফৰ্মেট
উত্তৰ:- (ঘ) চিত্ৰ ফাইল ফৰ্মেট
১০২/ বায়ুমণ্ডলত 'অক্সিজেন' প্ৰায় কিমান শতাংশ পোৱা যায়?
(ক) ৭৮%
(খ) ২১%
(গ) ৭১%
(ঘ) ০.০৩%
উত্তৰ:- (খ) ২১%
১০৩/ RAM ৰ সম্পূৰ্ণ ৰূপ কি?
A) Random Access Memory
B) Read Access Memory
C) Random Accepted Memory
D) Real Access Memory
উত্তৰ:- A) Random Access Memory
১০৪/ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো?
(ক) যকৃত
(খ) থাইৰয়ড গ্ৰন্থি
(গ) পিটুইটাৰী গ্ৰন্থি
(ঘ) অগ্ন্যাশয়
উত্তৰ:- (ক) যকৃত
১০৫/ মানৱ শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থি কোনটো?
(ক) থাইৰয়ড গ্ৰন্থি
(খ) এড্ৰিনেল গ্ৰন্থি
(গ) পিটুইটাৰী গ্ৰন্থি
(ঘ) যকৃত
উত্তৰ:- (গ) পিটুইটাৰী গ্ৰন্থি
*(পিটুইটাৰী গ্ৰন্থিৰ ওজন প্ৰায় ০.৫ গ্ৰাম আৰু পিনিয়েল গ্ৰন্থিৰ ওজন প্ৰায় ০.১ গ্ৰাম। যদি পৰীক্ষাৰ প্ৰশ্নকাকতত আটাইতকৈ সৰু গ্ৰন্থি কোনটো বুলি সোধা হয় তেতিয়া বিকল্পত যদি পিটুইটাৰী গ্ৰন্থি থাকে তেতিয়া পিটুইটাৰী গ্ৰন্থিয়েই হ'ব আৰু যদি পিনিয়েল গ্ৰন্থি থাকে তেন্তে পিনিয়েল গ্ৰন্থিয়েই হ'ব।)
১০৬/ 'ওম' (Ohm) কিহৰ একক?
(ক) বিদ্যুৎ প্ৰবাহ
(খ) বিভৱান্তৰ
(গ) শক্তি
(ঘ) প্ৰতিৰোধ
উত্তৰ:- (ঘ) প্ৰতিৰোধ
১০৭/ 'CNG' ৰ মুখ্য উপাদান কোনটো?
(ক) ইথেন
(খ) প্ৰপেন
(গ) মিথেন
(ঘ) বিউটেন
উত্তৰ:- (গ) মিথেন
১০৮/ মানৱ শৰীৰত লোহিত ৰক্ত কণিকাৰ জীৱনকাল প্ৰায় কিমান দিন?
(ক) ৬০ দিন
(খ) ৯০ দিন
(গ) ১২০ দিন
(ঘ) ১৫০ দিন
উত্তৰ:- (গ) ১২০ দিন
১০৯/ মানৱ শৰীৰত 'ইউৰিয়া' ক'ত উৎপন্ন হয়?
(ক) বৃক্ক
(খ) যকৃত
(গ) অগ্ন্যাশয়
(ঘ) পাকস্থলী
উত্তৰ:- (খ) যকৃত
১১০/ 'কুলম্ব' কিহৰ SI একক?
(ক) বৈদ্যুতিক আধান
(খ) বিদ্যুৎ প্ৰবাহ
(গ) শক্তি
(ঘ) ক্ষমতা
উত্তৰ:- (ক) বৈদ্যুতিক আধান
১১১/ 'Hg' কোনটো মৌলৰ প্ৰতীক?
(ক) সোণ
(খ) ৰূপ
(গ) পাৰা
(ঘ) সীহ
উত্তৰ:- (গ) পাৰা
১১২/ 'USB' ৰ সম্পূৰ্ণ নাম কি?
(A) Universal System Bus
(B) Universal Serial Bus
(C) United Serial Bus
(D) Unique Serial Bus
উত্তৰ:- (B) Universal Serial Bus
১১৩/ BIOS-ৰ সম্পূৰ্ণ ৰূপ কি?
(A) Basic Internal Output System
(B) Broad Input Output System
(C) Basic Input Output System
(D) Base Input Output System
উত্তৰ:- (C) Basic Input Output System
১১৪/ ১৫ মিনিটত ১২ কিলোমিটাৰ (km) দূৰত্বৰ গন্তব্যস্থান পাবলৈ এখন গাড়ী ঘাইপথেৰে কিমান বেগত (speed) চলিব লাগিব?
(a) 64 kmph
(b) 84 kmph
(c) 48 kmph
(d) 36 kmph
উত্তৰ:- (c) 48 kmph
১১৫/ কোনো এখন সভাত পাঁচগৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তিয়েই আন প্ৰতিগৰাকী ব্যক্তিৰ সৈতে ঠিক একোবাৰকৈ কৰমৰ্দন কৰিছিল। সভাখনত কৰা মুঠ কৰমৰ্দনৰ সংখ্যা হৈছে -
(A) 10
(B) 25
(C) 15
(D) 5
উত্তৰ:- (A) 10
১১৬/ কোনো এখন সভাত দহগৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তিয়েই আন প্ৰতিগৰাকী ব্যক্তিৰ সৈতে ঠিক একোবাৰকৈ কৰমৰ্দন কৰিছিল। সভাখনত কৰা মুঠ কৰমৰ্দনৰ সংখ্যা হৈছে -
(A) 20
(B) 67
(C) 48
(D) 45
উত্তৰ:- (D) 45
১১৭/ ১৯৪২ চনৰ আন্দোলনৰ সময়ত অসমত কাৰ নেতৃত্বত 'মৃত্যু বাহিনী' (Mrityu Bahini) গঠন কৰা হৈছিল?
(A) কনকলতা বৰুৱা
(B) পুষ্পলতা দাস
(C) চন্দ্ৰপ্ৰভা শইকীয়ানী
(D) অমলপ্ৰভা দাস
উত্তৰ:- (B) পুষ্পলতা দাস
১১৮/ ভাৰতত 'মোগল সাম্ৰাজ্য'ৰ ভেটি কোনখন যুদ্ধৰ জৰিয়তে স্থাপন হৈছিল?
(A) তৰাইনৰ দ্বিতীয় যুদ্ধ
(B) পানিপথৰ প্ৰথম যুদ্ধ
(C) পলাচীৰ যুদ্ধ
(D) বক্সাৰৰ যুদ্ধ
উত্তৰ:- (B) পানিপথৰ প্ৰথম যুদ্ধ
১১৯/ ১৬৮২ চনত হোৱা কোনখন যুদ্ধৰ পিছত মোগলক অসমৰ পৰা স্থায়ীভাৱে খেদি পঠিওৱা হৈছিল আৰু গুৱাহাটী আহোমৰ হাতলৈ আহিছিল?
(A) আলাবৈৰ ৰণ
(B) ভৰলীৰ যুদ্ধ
(C) শৰাইঘাটৰ যুদ্ধ
(D) ইটাখুলিৰ যুদ্ধ
উত্তৰ:- (D) ইটাখুলিৰ যুদ্ধ
১২০/ ১৯২২ চনৰ কোনটো ঘটনাৰ বাবে মহাত্মা গান্ধীয়ে 'অসহযোগ আন্দোলন' (Non-Cooperation Movement) মাজতে প্ৰত্যাহাৰ কৰিছিল?
(A) জালিয়ানৱালাবাগৰ হত্যাকাণ্ড
(B) চৌৰী-চৌৰা ঘটনা
(C) দাণ্ডী যাত্ৰা
(D) কানিংহাম চাৰ্কুলাৰ
উত্তৰ:- (B) চৌৰী-চৌৰা ঘটনা
১২১/ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা 'নাইটহূদ' (Knighthood) উপাধি ঘূৰাই দিছিল?
(A) মহাত্মা গান্ধী
(B) জৱাহৰলাল নেহৰু
(C) ৰবীন্দ্ৰনাথ ঠাকুৰ
(D) লালা লাজপত ৰায়
উত্তৰ:- (C) ৰবীন্দ্ৰনাথ ঠাকুৰ
১২২/ অসমত 'গঁড় দিৱস' কোন দিনা পালন কৰা হয়?
(A) 22 অক্টোবৰ
(B) 22 চেপ্তেম্বৰ
(C) 21 নৱেম্বৰ
(D) 20 চেপ্তেম্বৰ
উত্তৰ:- (B) 22 চেপ্তেম্বৰ
১২৩/ তলৰ কোনগৰাকী অসমীয়া গায়িকা 'নাইটিংগেল অৱ আচাম' নামেৰে জনা যায়?
(A) দীপালি বৰঠাকুৰ
(B) প্রতিমা বৰুৱা পাণ্ডে
(C) অনিমা চৌধুৰী
(D) ইয়াৰ এগৰাকীও নহয়
উত্তৰ:- (A) দীপালি বৰঠাকুৰ
১২৪/ চানডুবি হ্রদ ভূঁইকপৰ কাৰণে কেতিয়া সৃষ্টি হৈছিল?
(A) 12 জুন, 1897
(B) 12 জুন, 1987
(C) 9 চেপ্তেম্বৰ, 1923
(D) 3 জুলাই, 1930
উত্তৰ:- (A) 12 জুন, 1897
১২৫/ ক্রান্তীয় চিৰসেউজ বননী অসমৰ কোন জিলাত আছে?
(A) গোলাঘাট
(B) যোৰহাট
(C) শিৱসাগৰ
(D) ইয়াৰ সকলোবোৰ
উত্তৰ:- (D) ইয়াৰ সকলোবোৰ
১২৬/ ওড়িছাৰ 'বাঘ নাচ' কোন মাহত পৰিৱেশন কৰা হয়?
(A) ফাগুন
(B) ব'হাগ
(C) চ'ত
(D) ইয়াৰ কোনোটোৱেই নহয়
উত্তৰ:- (C) চ'ত
১২৭/ 58তম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল?
(A) গুলজাৰ
(B) জাভেদ আখতাৰ
(C) নগেন শইকীয়া
(D) চেলিম খান
উত্তৰ:- (A) গুলজাৰ
১২৮/ টোকলাই চাহ গৱেষণা কেন্দ্র কেতিয়া স্থাপিত হৈছিল?
(A) 1905
(B) 1911
(C) 1900
(D) 1912
উত্তৰ:- (B) 1911
১২৯/ মামণি ৰয়ছম গোস্বামীৰ প্ৰথমখন চুটিগল্প-সংকলনৰ নাম কি?
(A) 'চেনাবৰ সোঁত'
(B) 'যাত্রা'
(C) 'নীলকণ্ঠী ব্রজ'
(D) 'চিনাকি মৰম'
উত্তৰ:- (D) 'চিনাকি মৰম'
১৩০/ 'পিয়লি ফুকন' নামৰ অসমীয়া বোলছবিখনৰ পৰিচালক কোন আছিল?
(A) ফণি শর্মা
(B) জাহ্নু বৰুৱা
(C) বিষ্ণু ৰাভা
(D) জ্যোতিপ্রসাদ আগৰৱালা
উত্তৰ:- (A) ফণি শর্মা
১৩১/ বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কাৰ শাসনৰ সময়ত বিকশিত হৈছিল?
(A) ধৰ্মনাৰায়ণ
(B) নৰনাৰায়ণ
(C) দুর্লভনাৰায়ণ
(D) বৈদ্যদেৱ
উত্তৰ:- (C) দুর্লভনাৰায়ণ
১৩২/ ২০২৪ চনৰ ৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা "ধ্ৰুপদী ভাষা" (Classical Language) ৰ মৰ্যাদাৰ সন্দৰ্ভত তলৰ কোনটো/কোনবোৰ মন্তব্য শুদ্ধ?
১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে নতুনকৈ ৫টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰে।
২. এই নতুনকৈ স্বীকৃতি প্ৰাপ্ত ৫টা ভাষা হৈছে- অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা।
৩. এই নতুন ৫টা ভাষাক স্বীকৃতি দিয়াৰ পাছত ভাৰতত বৰ্তমান মুঠ ধ্ৰুপদী ভাষাৰ সংখ্যা ১১ টালৈ বৃদ্ধি পালে।
বিকল্পসমূহ:-
A. কেৱল ১ আৰু ২
B. কেৱল ২ আৰু ৩
C. কেৱল ১ আৰু ৩
D. ১, ২ আৰু ৩ আটাইকেইটা শুদ্ধ
উত্তৰ:- D. ১, ২ আৰু ৩ আটাইকেইটা শুদ্ধ
১৩৩/ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে গানটো প্ৰথম কেতিয়া মুক্তি পাইছিল আৰু এলবামৰ নাম কি আছিল?
উত্তৰ:- ৩১ অক্টোবৰ, ২০২৫ চনত মুক্তি লাভ কৰা ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ নামটো জুবিন গাৰ্গৰ ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত ‘শব্দ’ এলবামৰ “ৰৈ ৰৈ বিনালে” শীৰ্ষক গীতটিৰ পৰা অনুপ্ৰাণিত।
১৩৪/ প্ৰতি বছৰে 'আন্তৰ্জাতিক অলিম্পিক দিৱস' (International Olympic Day) কোন তাৰিখে পালন কৰা হয়?
A. ২১ জুন
B. ২৩ জুন
C. ২৯ আগষ্ট
D. ৬ এপ্ৰিল
উত্তৰ:- B. ২৩ জুন
১৩৫/ তেজপুৰৰ অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল?
A) বীৰ চিলাৰায়
B) স্বৰ্গদেউ প্ৰমত্ত সিংহ
C) গড়গঞা ৰজা
D) বাণ ৰজা
উত্তৰ:- D) বাণ ৰজা
১৩৬/ অসমীয়া সাহিত্যত 'জোনাকী যুগ'ৰ সূচনা কৰা প্ৰসিদ্ধ 'ত্ৰিমূৰ্তি' বুলি তলৰ কোন তিনিগৰাকী সাহিত্যিকক একেলগে বুজোৱা হয়?
A) আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা
B) চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী
C) লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁইবৰুৱা আৰু ৰজনীকান্ত বৰদলৈ
D) চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা
উত্তৰ:- B) চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী
১৩৭/ এটা সংখ্যাক প্ৰথমে ৩০% বৃদ্ধি কৰা হ'ল আৰু তাৰ পিছত পোৱা সংখ্যাটোক ৩০% হ্ৰাস কৰা হ'ল, তেন্তে মুঠতে কিমান বৃদ্ধি বা হ্ৰাস হ'ব?
A) 9% বৃদ্ধি
B) 9% হ্ৰাস
C) কোনো পৰিৱৰ্তন নহয়
D) 6% হ্ৰাস
উত্তৰ:- B) 9% হ্ৰাস
১৩৮/ কোনো এটা সংখ্যাক প্ৰথমে ৫০% বৃদ্ধি কৰা হ'ল আৰু তাৰ পিছত পোৱা সংখ্যাটোক ৫০% হ্ৰাস কৰা হ'ল। তেন্তে মুঠতে কিমান বৃদ্ধি বা হ্ৰাস হ'ব?
A) 25% বৃদ্ধি
B) 25% হ্ৰাস
C) 10% হ্ৰাস
D) 0%
উত্তৰ:- B) 25% হ্ৰাস
১৩৯/ ৩:৩০ বজাত ঘড়ী এটাৰ ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাৰ মাজৰ কোণটো হ'ল -
(A) 90°
(B) 70°
(C) 55°
(D) 75°
উত্তৰ:- (D) 75°
১৪০/ প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণি আৰু সমাপ্তিৰ সঠিক তাৰিখ কোনটো?
A) আৰম্ভ: ২৮ জুলাই ১৯১৪, সমাপ্তি: ১১ নৱেম্বৰ ১৯১৮
B) আৰম্ভ: ২৮ জুলাই ১৯১৪, সমাপ্তি: ২ ছেপ্তেম্বৰ ১৯৪৫
C) আৰম্ভ: ১ ছেপ্তেম্বৰ ১৯৩৯, সমাপ্তি: ১১ নৱেম্বৰ ১৯১৮
D) আৰম্ভ: ১১ নৱেম্বৰ ১৯১৪, সমাপ্তি: ২৮ জুলাই ১৯১৮
উত্তৰ:- A) আৰম্ভ: ২৮ জুলাই ১৯১৪, সমাপ্তি: ১১ নৱেম্বৰ ১৯১৮
১৪১/ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া অন্ত পৰিছিল?
A) আৰম্ভ: ১ ছেপ্তেম্বৰ ১৯৩৯, অন্ত: ১৫ আগষ্ট ১৯৪৫
B) আৰম্ভ: ১ ছেপ্তেম্বৰ ১৯৩৯, অন্ত: ২ ছেপ্তেম্বৰ ১৯৪৫
C) আৰম্ভ: ২ ছেপ্তেম্বৰ ১৯৩৯, অন্ত: ১ ছেপ্তেম্বৰ ১৯৪৫
D) আৰম্ভ: ২৮ জুলাই ১৯১৪, অন্ত: ২ ছেপ্তেম্বৰ ১৯৪৫
উত্তৰ:- B) আৰম্ভ: ১ ছেপ্তেম্বৰ ১৯৩৯, অন্ত: ২ ছেপ্তেম্বৰ ১৯৪৫
১৪২/ যদি ২০২৪ চনৰ ১ জানুৱাৰী সোমবাৰ আছিল, তেন্তে ২০২৫ চনৰ ১ জানুৱাৰী কি বাৰ আছিল?
(A) সোমবাৰ
(B) মঙলবাৰ
(C) বুধবাৰ
(D) বৃহস্পতিবাৰ
উত্তৰ:- (C) বুধবাৰ
১৪৩/ কিমান চনত তেজপুৰৰ লিচুয়ে GI Tag লাভ কৰিছিল?
(A) 2012
(B) 2013
(C) 2014
(D) 2015
উত্তৰ:- (D) 2015
১৪৪/ অসমৰ পৰা জি.আই. টেগ (GI Tag) লাভ কৰা প্ৰথম সামগ্ৰীবিধ আৰু ই স্বীকৃতি পোৱা বৰ্ষটো কি?
A) জহা চাউল, ২০০৫
B) মুগা সূতা, ২০০৭
C) তেজপুৰৰ লিচু, ২০১৫
D) গামোচা, ২০০৯
উত্তৰ:- B) মুগা সূতা, ২০০৭
১৪৫/ অসমৰ মুগা ৰেচমৰ 'ল'গ' বা প্ৰতীক চিহ্নই (Muga Silk Logo) কিমান তাৰিখে ভৌগোলিক সূচক বা GI Tag লাভ কৰিছিল?
A) ৩ মাৰ্চ, ২০০৭
B) ৩ মাৰ্চ, ২০১৪
C) ৩ মাৰ্চ, ২০১৫
D) ৩ মাৰ্চ, ২০০৯
উত্তৰ:- B) ৩ মাৰ্চ, ২০১৪
১৪৬/ GI Tag' (জি. আই. টেগ) ৰ সম্পূৰ্ণ অৰ্থ কি?
A) General Indication
B) Geographical Information
C) Geographical Indication
D) Global Indication
উত্তৰ:- C) Geographical Indication
১৪৭/ ভাৰতত নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত অনন্য গুণ বা খ্যাতি থকা সামগ্ৰীক আইনী সুৰক্ষা প্ৰদান কৰা 'GI টেগ' (GI Tag) কোনখন আইনৰ অধীনত আৰু কোনটো কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা হয়?
A) Trade Marks Act, 1999; নতুন দিল্লীৰ পেটেণ্ট কাৰ্যালয়ৰ দ্বাৰা
B) Geographical Indications of Goods (Registration and Protection) Act, 1999; DPIIT/CGPDTM-ৰ অধীনস্থ চেন্নাইৰ GI ৰেজিস্ট্ৰিৰ দ্বাৰা
C) Essential Commodities Act, 1955; DPIIT-ৰ অধীনস্থ মুম্বাইৰ GI ৰেজিস্ট্ৰিৰ দ্বাৰা
D) Geographical Indications Act, 2005; CGPDTM-ৰ অধীনস্থ কলকাতাৰ GI ৰেজিস্ট্ৰিৰ দ্বাৰা
উত্তৰ:- B) Geographical Indications of Goods (Registration and Protection) Act, 1999; DPIIT/CGPDTM-ৰ অধীনস্থ চেন্নাইৰ GI ৰেজিস্ট্ৰিৰ দ্বাৰা
১৪৮/ "Garden City of India" বুলি ভাৰতৰ কোনখন চহৰক কোৱা হয়?
A) জয়পুৰ
B) বেংগালুৰু
C) গুৱাহাটী
D) কলকাতা
উত্তৰ:- B) বেংগালুৰু
১৪৯/ "City of Joy" বুলি ভাৰতৰ কোনখন চহৰক কোৱা হয়?
A) আহমেদাবাদ
B) লক্ষ্ণৌ
C) কলকাতা
D) কোচি
উত্তৰ:- C) কলকাতা
১৫০/ "Diamond City of India" বুলি ভাৰতৰ কোনখন চহৰক কোৱা হয়?
A) হায়দৰাবাদ
B) মহীশূৰ
C) চুৰাট
D) কোচি
উত্তৰ:- C) চুৰাট
১৫১/ "City of Pearls" বুলি ভাৰতৰ কোনখন চহৰক জনা যায়?
A) মহীশূৰ
B) চুৰাট
C) হায়দৰাবাদ
D) কোচি
উত্তৰ:- C) হায়দৰাবাদ
১৫২/ "Sandalwood City" বুলি তলৰ কোনখন চহৰক কোৱা হয়?
A) বেংগালুৰু
B) মহীশূৰ
C) চেন্নাই
D) হায়দৰাবাদ
উত্তৰ:- B) মহীশূৰ
১৫৩/ "Queen of the Arabian Sea" বুলি কোনখন চহৰক জনা যায়?
A) মুম্বাই
B) গোৱা
C) মাংগালোৰ
D) কোচি
উত্তৰ:- D) কোচি
১৫৪/ ভাৰতৰ কোনখন চহৰক 'গোলাপী চহৰ' (Pink City) বুলি কোৱা হয়?
A) উদয়পুৰ
B) জয়পুৰ
C) যোধপুৰ
D) নাগপুৰ
উত্তৰ:- B) জয়পুৰ
১৫৫/ যদি A ৰ দৰমহা B তকৈ 25% বেছি, তেন্তে B ৰ দৰমহা A তকৈ কিমান শতাংশ কম?
A) 25%
B) 20%
C) 43%
D) 42.99%
Ans:- B) 20%
১৫৬/ যদি A ৰ দৰমহা B তকৈ 50% বেছি, তেন্তে B ৰ দৰমহা A তকৈ কিমান শতাংশ কম?
A) 50%
B) 55%
C) 33.33%
D) 40%
Ans:- C) 33.33%
১৫৭/ 5 জনী কুকুৰাই 5 দিনত মুঠ 250 টা কণী পাৰে। তেন্তে 10 জনী কুকুৰাই 10 দিনত কিমানটা কণী পাৰিব?
(A) 1000
(B) 1500
(C) 2500
(D) 5000
Ans:- (A) 1000
১৫৮/ কোনো এটা সংখ্যা প্রথমে 40% বৃদ্ধি কৰা হ'ল আৰু তাৰ পিছত 40% হ্ৰাস কৰা হ'ল। শতাংশৰ পৰিমাণত সংখ্যাটোৰ মুঠ পৰিৱৰ্তন হৈছে -
(A) 16% increase
(B) 16% decrease
(C) 12% decrease
(D) No change
Ans:- (B) 16% decrease
১৫৯/ কোনো এটা সংখ্যা প্রথমে 30% বৃদ্ধি কৰা হ'ল আৰু তাৰ পিছত 30% হ্ৰাস কৰা হ'ল। মুঠ পৰিৱৰ্তনটো কিমান?
(A) 9% increase
(B) 9% decrease
(C) 28% decrease
(D) No change
Ans:- (B) 9% decrease
১৬০/ -43 ক 5 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষ কিমান হ'ব?
(A) 2
(B) 3
(C) -2
(D) 1
Ans:- (A) 2
১৬১/ -76 ক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষ হৈছে -
(A) -1
(B) 1
(C) 2
(D) -2
Ans:- (C) 2
১৬২/ কবিসকলক তেওঁলোকৰ উপাধিৰ সৈতে মিলোৱা:-
কবি:
a. কমলাকান্ত ভট্টাচাৰ্য
b. পাৰ্বতি প্ৰসাদ বৰুৱা
c. ৰত্নকান্ত বৰকাকতী
d. ৰঘুনাথ চৌধাৰী
e. ৰুদ্ৰ বৰুৱা
f. বিনন্দ চন্দ্ৰ বৰুৱা
উপাধি:
1. শেৱালি কবি
2. বিহগী কবি
3. লুইত কোঁৱৰ
4. গীতি কবি
5. ধ্বনি কবি
6. অগ্নিকবি
তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো বাছনি কৰক :-
(A) a-6, b-4, c-1, d-2, e-3, f-5
(B) a-5, b-3, c-1, d-2, e-4, f-6
(C) a-4, b-5, c-6, d-3, e-1, f-2
(D) a-3, b-2, c-5, d-1, e-6, f-4
উত্তৰ:- (A) a-6, b-4, c-1, d-2, e-3, f-5
১৬৩/ স্বাধীনতা সংগ্ৰামীসকলক তেওঁলোকৰ উপাধিৰ সৈতে শুদ্ধকৈ মিলোৱা :-
স্বাধীনতা সংগ্ৰামী:
a. তৰুণ ৰাম ফুকন
b. অমিয় কুমাৰ দাস
c. নবীন চন্দ্ৰ বৰদলৈ
d. ডাঃ ভুৱনেশ্বৰ বৰুৱা
উপাধি:
1. লোকনায়ক
2. কৰ্মবীৰ
3. লোকবন্ধু
4. দেশভক্ত
তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো বাছনি কৰক :-
(A) a-4, b-1, c-2, d-3
(B) a-4, b-3, c-2, d-1
(C) a-3, b-4, c-1, d-2
(D) a-2, b-3, c-4, d-1
উত্তৰ:- (A) a-4, b-1, c-2, d-3
১৬৪/ অসমীয়া শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ নিম্নলিখিত ব্যক্তিসকলক (তালিকা-I) তেওঁলোকৰ সন্মানীয় উপাধিসমূহৰ (তালিকা-II) সৈতে মিলোৱা :-
তালিকা-I:
a. লক্ষ্মীনাথ বেজবৰুৱা
b. জ্যোতিপ্ৰসাদ আগৰৱালা
c. বিষ্ণুপ্ৰসাদ ৰাভা
d. ফণী শৰ্মা
তালিকা-II:
1. নটসূৰ্য
2. ৰসৰাজ
3. কলাগুৰু
4. ৰূপকোঁৱৰ
তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো বাছনি কৰক :-
(A) a-2, b-1, c-3, d-4
(B) a-1, b-4, c-3, d-2
(C) a-2, b-4, c-3, d-1
(D) a-4, b-1, c-3, d-2
উত্তৰ:- (C) a-2, b-4, c-3, d-1
১৬৫/ অসমত 'লোককল্যাণ দিৱস' কাৰ মৃত্যু বার্ষিকীত পালন কৰা হয়?
(A) গোপীনাথ বৰদলৈ
(B) তৰুণ ৰাম ফুকন
(C) নবীনচন্দ্র বৰদলৈ
(D) ভুৱনেশ্বৰ বৰুৱা
উত্তৰ:- (A) গোপীনাথ বৰদলৈ
১৬৬/ 'অসম সাহিত্য সভা'ৰ পূৰ্বসূৰী কি আছিল?
(A) অসমীয়া ভাষা উন্নতি সাধিনী সভা
(B) অসম সাহিত্য সভা পৰিষদ
(C) যোৰহাট জিলা সাহিত্য সভা পৰিষদ
(D) আছামিজ লিটাৰেচাৰ চ'চাইটি
উত্তৰ:- (A) অসমীয়া ভাষা উন্নতি সাধিনী সভা
১৬৭/ এখন গাড়ীয়ে 60 কিঃমিঃ/ঘণ্টা বেগত এটা দূৰত্ব অতিক্ৰম কৰে আৰু 40 কিঃমিঃ/ঘণ্টা বেগত ঘূৰি আহে। গড় গতিবেগ?
A) 48 km/h
B) 50 km/h
C) 45 km/h
D) 52 km/h
উত্তৰ:- A) 48 km/h
১৬৮/ এজন মানুহে 20 কিঃমিঃ/ঘণ্টা বেগত অফিচলৈ যায় আৰু 30 কিঃমিঃ/ঘণ্টা বেগত ঘূৰি আহে। তেওঁৰ গড় গতিবেগ কিমান?
A) 25 km/h
B) 24 km/h
C) 26 km/h
D) 22 km/h
উত্তৰ:- B) 24 km/h
১৬৯/ 60 ৰ 40% ৰ সৈতে 40 ৰ 60% যোগ কৰিলে ফলাফল হব :-
(A) 40
(B) 48
(C) 60
(D) 64
উত্তৰ:- (B) 48
১৭০/ কোনো দুটা সংখ্যা 3 : 4 অনুপাতত আছে আৰু সিহঁতৰ যোগফল হৈছে 49। সংখ্যা দুটা হ'ল :-
(A) 16, 33
(B) 18, 31
(C) 21, 28
(D) 24, 25
উত্তৰ:- (C) 21, 28
১৭১/ কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2 : 3 । বৃত্তদুটাৰ কালিৰ অনুপাত হৈছে :-
(A) 3 : 2
(B) 4 : 9
(C) 9 : 4
(D) 2 : 3
উত্তৰ:- (B) 4 : 9
১৭২/ উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ সন্দৰ্ভত ভাৰতীয় সংবিধানৰ 32 নং দফাত উচ্চতম ন্যায়ালয়ৰ ওচৰ চপাৰ সুবিধা আছে। ই নিম্নলিখিত কোনটো ক্ষেত্ৰাধিকাৰৰ ভিতৰত পৰে ?
(A) প্ৰাথমিক ক্ষেত্ৰাধিকাৰ
(B) পৰামৰ্শমূলক ক্ষেত্ৰাধিকাৰ
(C) আপীলযুক্ত ক্ষেত্ৰাধিকাৰ
(D) সমাধানৰ প্ৰকৃতিৰ ওপৰত ই নিৰ্ভৰশীল
উত্তৰ:- (A) প্ৰাথমিক ক্ষেত্ৰাধিকাৰ
১৭৩/ Fill up the blank with the correct tense of the bracketed verb from the given options :
"He said he ____ (see) the Taj Mahal already."
(A) saw
(B) had seen
(C) have seen
(D) see
উত্তৰ:- (B) had seen
১৭৪/ ব্ৰহ্মপুত্ৰৰ যি অংশ অসম অতিক্ৰম কৰি বাংলাদেশত সোমাইছে তাৰ নাম হৈছে -
(A) মেঘনা
(B) পদ্মা
(C) যমুনা
(D) বৰাক
উত্তৰ:- (C) যমুনা
১৭৫/ কনকলতা বৰুৱাই কোন পুলিচ ষ্টেচনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল?
(A) শোণিতপুৰ
(B) তেজপুৰ
(C) গহপুৰ
(D) বেহৰামপুৰ
উত্তৰ:- (C) গহপুৰ
১৭৬/ চানডুবি হ্ৰদ ভূঁইকঁপৰ কাৰণে কেতিয়া সৃষ্টি হৈছিল?
(A) 12 জুন, 1897
(B) 12 জুন, 1987
(C) 9 চেপ্তেম্বৰ, 1923
(D) 3 জুলাই, 1930
উত্তৰ:- (A) 12 জুন, 1897
১৭৭/ দুটা সংখ্যাৰ ল.সা.গু. সংখ্যা দুটাৰ গ.সা.উ.ৰ 12 গুণ। ল.সা.গু. আৰু গ.সা.উ.ৰ যোগফল 403. যদি দুয়োটা সংখ্যা ল.সা.গু.ৰ মানতকৈ সৰু হয়, তেনেহ'লে সংখ্যা দুটাৰ যোগফল নিৰ্ণয় কৰা।
(A) 403
(B) 217
(C) 248
(D) 372
উত্তৰ:- (B) 217
১৭৮/ Fill up the blank with the correct option :
Prizes will be given to ____ of the players.
(A) all
(B) each
(C) every
(D) individual
উত্তৰ:- (B) each
১৭৯/ তলৰ কোনগৰাকী অসমীয়া গায়িকাক 'নাইটিংগেল অৱ আছাম' নামেৰে জনা যায় ?
(A) দীপালি বৰঠাকুৰ
(B) প্ৰতিমা বৰুৱা পাণ্ডে
(C) অনিমা চৌধুৰী
(D) ইয়াৰ এগৰাকীও নহয়
উত্তৰ:- (A) দীপালি বৰঠাকুৰ
১৮০/ এজন গুৱালৰ লগত 25 লিটাৰ বিশুদ্ধ গাখীৰ আছিল। এই বিশুদ্ধ গাখীৰখিনিৰ প্ৰতি লিটাৰৰ ক্ৰয়মূল্য 63 টকা। তেওঁ এই 25 লিটাৰ গাখীৰত 5 লিটাৰ পানী (বিনামূল্যৰ) মিহলি কৰিলে। অৱশেষত গুৱালজনে সেই 30 লিটাৰ পানী-মিহলি গাখীৰ ক্ৰয়মূল্যত বিক্ৰি কৰিলে লাভ বা লোকচানৰ শতাংশ নিৰ্ণয় কৰা।
(A) 25% লাভ
(B) 25% লোকচান
(C) 20% লাভ
(D) লাভ বা লোকচান নাই
উত্তৰ:- (C) 20% লাভ
১৮১/ Fill up the blank with the correct option :
A stream runs ____ our house.
(A) by
(B) over
(C) across
(D) on
উত্তৰ:- (A) by
১৮২/ Choose the option with the correct narration of the given sentence :
He says, "I am ill today."
(A) He says that he is ill today.
(B) He said that he is ill today.
(C) He said that he was ill today.
(D) None of these
উত্তৰ:- (A) He says that he is ill today.
১৮৩/ এটা শ্ৰেণীৰ 24 জন ছাত্ৰৰ গড় বয়স 14 বছৰ 3 মাহ। নতুনকৈ নাম ভৰ্তি হোৱা 6 জন ছাত্ৰক লৈ 30 জন ছাত্ৰৰ গড় বয়স 13 বছৰ 4 মাহ। নতুনকৈ অহা ছাত্ৰকেইজনৰ ভিতৰত এজন ছাত্ৰৰ বয়স 12 বছৰ 7 মাহ। তেনেহ'লে নতুনকৈ অহা বাকী 5 জন ছাত্ৰৰ গড় বয়স কিমান ?
(A) 10 বছৰ 1 মাহ
(B) 10 বছৰ 5 মাহ
(C) 12 বছৰ 3 মাহ
(D) 9 বছৰ 1 মাহ
উত্তৰ:- (D) 9 বছৰ 1 মাহ
১৮৪/ A আৰু B-এ একেলগে এটা কাম 12 দিনত সম্পূৰ্ণ কৰিব পাৰে, সেই কামটো B আৰু C-এ একেলগে 15 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু সেই একেটা কাম C আৰু A-এ একেলগে সম্পূৰ্ণ কৰিবলৈ 20 দিন সময় লাগে। তেনেহ'লে C-এ অকলে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব?
(A) 25 দিন
(B) 40 দিন
(C) 30 দিন
(D) 60 দিন
উত্তৰ:- (D) 60 দিন
১৮৫/ নৰ্মদা বচাও আন্দোলনৰ মূল নেতৃত্ব কোনে লৈছিল?
(A) সুন্দৰলাল বহুগুণা
(B) মেধা পাটকাৰ
(C) আন্না হাজাৰে
(D) বিনোৱা ভাৱে
উত্তৰ:- (B) মেধা পাটকাৰ
১৮৬/ কোন চনত আৰু কিহৰ কাৰণে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল ?
(A) 1930, উজনি অসমত ভাৰত ত্যাগ আন্দোলনৰ গুৰি ধৰা কাৰণে।
(B) 1921, শিৱসাগৰত অসহযোগ আন্দোলন আৰু সত্যাগ্ৰহত আগভাগ লোৱা কাৰণে।
(C) 1943, গোলাঘাটৰ সমীপত ৰেল লাইনচ্যুত কৰাৰ অভিসন্ধিৰ কাৰণে।
(D) ইয়াৰ এটাও নহয়
উত্তৰ:- (C) 1943, গোলাঘাটৰ সমীপত ৰেল লাইনচ্যুত কৰাৰ অভিসন্ধিৰ কাৰণে।
১৮৭/ এটা নিৰ্বাচনত দুজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। মুঠ ভোটাৰৰ 10% ভোটাৰে ভোটদান নকৰিলে আৰু 3300 জন ভোটাৰে NOTA (অবৈধ)ত ভোট দিলে। যদি জয়লাভ কৰা প্ৰাৰ্থীজনে বৈধ ভোটৰ 60% ভোট লাভ কৰি 6000 ভোটত জয়লাভ কৰে, তেনেহ'লে সেই নিৰ্বাচনৰ ভোটাৰ তালিকাত কিমান ভোটাৰ আছিল নিৰ্ণয় কৰা।
(A) 37000
(B) 25000
(C) 33300
(D) 30000
উত্তৰ:- (A) 37000
১৮৮/ Fill up the blank with the correct option :
_____ the beginning they sang and later they all danced.
(A) In
(B) At
(C) For
(D) To
উত্তৰ:- (A) In
১৮৯/ শিক্ষাৰ্থীৰ জ্ঞান বিকাশৰ কাৰণে শিক্ষকে কিহৰ ওপৰত গুৰুত্ব দিব লাগে?
(A) শিক্ষাৰ্থীয়ে যাতে সকলো মুখস্থ কৰে সেয়া নিশ্চিত কৰা।
(B) শিক্ষাৰ্থীয়ে পোৱা নম্বৰৰ নথি প্ৰস্তুত কৰা।
(C) সক্ৰিয় অংশগ্ৰহণৰ বাবে শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰা।
(D) শিক্ষাৰ্থীৰ ধাৰণাসমূহ আয়ত্ত কৰাত তত্তাবধান কৰা।
উত্তৰ:- (D) শিক্ষাৰ্থীৰ ধাৰণাসমূহ আয়ত্ত কৰাত তত্তাবধান কৰা।
১৯০/ বশিষ্ঠাশ্ৰমৰ কাৰণে যদি সন্ধ্যাচল হয়, চিত্ৰাচল পাহাৰ যদি নৱগ্ৰহ মন্দিৰৰ কাৰণে হয়, গড়ুৰাচল পাহাৰ যদি পোৱা মক্কাৰ কাৰণে হয়, তেন্তে মণিকূট পাহাৰ কিহৰ লগত জড়িত ?
(A) শ্ৰী সূৰ্য মন্দিৰ
(B) দীৰ্ঘেশ্বৰী মন্দিৰ
(C) মদন কামদেৱৰ মন্দিৰ
(D) হয়গ্ৰীৱ মাধৱ মন্দিৰ
উত্তৰ:- (D) হয়গ্ৰীৱ মাধৱ মন্দিৰ
১৯১/ কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ কোনজন আহোম ৰজাই দখল কৰিছিল ?
(A) ৰুদ্ৰ সিংহ
(B) গদাধৰ সিংহ
(C) চুহুংমুং
(D) ৰাজেশ্বৰ সিংহ
উত্তৰ:- (C) চুহুংমুং
১৯২/ 'ভগাৰজা' বুলি খ্যাত শাসকজন আছিল?
(A) চুতীয়াংফা
(B) চুতাম্লা
(C) চুৰাম্ফা
(D) চ্যুন্যেংফা
উত্তৰ:- (C) চুৰাম্ফা
১৯৩/ 'ভগনীয়া ৰজা' বুলি কোনগৰাকী আহোম স্বৰ্গদেউক কোৱা হৈছিল?
(A) চুৰাম্ফা (জয়াদিত্য সিংহ)
(B) চুলিক্ফা (ৰত্নধ্বজ সিংহ)
(C) চুতাম্লা (জয়ধ্বজ সিংহ)
(D) চুপাংমুং (চক্ৰধ্বজ সিংহ)
উত্তৰ:- (C) চুতাম্লা (জয়ধ্বজ সিংহ)
১৯৪/ কোনগৰাকী আহোম ৰজাক 'ল'ৰা ৰজা' বুলি জনা যায়?
(A) চুচেংফা (প্ৰতাপ সিংহ)
(B) চুলিক্ফা (ৰত্নধ্বজ সিংহ)
(C) চুক্লাম্ফা (ৰামধ্বজ সিংহ)
(D) চুহুংমুং (স্বৰ্গনাৰায়ণ)
উত্তৰ:- (B) চুলিক্ফা (ৰত্নধ্বজ সিংহ)
১৯৫/ বুৰঞ্জীত 'নৰীয়া ৰজা' বুলি কোনজন আহোম ৰজাক কোৱা হয়?
(A) চুত্যিনফা
(B) চুৰাম্ফা
(C) চুতাম্লা
(D) চুন্যাতফা
উত্তৰ:- (A) চুত্যিনফা
১৯৬/ কোনজন আহোম স্বৰ্গদেউক 'দিহিঙীয়া ৰজা' বুলি জনা গৈছিল?
(A) চুখ্ৰংফা (ৰুদ্ৰ সিংহ)
(B) চুহুংমুং (স্বৰ্গনাৰায়ণ)
(C) চুচেংফা (প্ৰতাপ সিংহ)
(D) চুপাতফা (গদাধৰ সিংহ)
উত্তৰ:- (B) চুহুংমুং (স্বৰ্গনাৰায়ণ)
১৯৭/ ১৯৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনত জয়ী হোৱা অসমৰ একমাত্ৰ মহিলা কোন আছিল?
(A) বনিলি খংমেন
(B) ৰাণী মঞ্জুলা দেৱী
(C) মফিদা আহমেদ
(D) ৰেণুকা দেৱী বৰকটকী
উত্তৰ:- (A) বনিলি খংমেন
১৯৮/ Fill up the blank with the correct option:
Macbeth is a tragedy of a man who was ______ with great qualities.
(A) empowered
(B) endowed
(C) obsessed
(D) possessed
উত্তৰ:- (B) endowed
১৯৯/ 'লিংগ' হ'ল এক-
(A) জৈৱিক সত্তা
(B) শাৰীৰিক গঠন
(C) জন্মগত বৈশিষ্ট্য
(D) সামাজিক গঠন
উত্তৰ:- (D) সামাজিক গঠন
২০০/ এটা পানীৰ টেংকি 10 লিটাৰ/ঘণ্টা বেগত এটা টেপেৰে পূৰ্ণ কৰিব পাৰে। সেই টেংকিটোৰ তলৰ অংশত থকা নিৰ্গমন টেপৰ সহায়ত টেংকিটো 12 ঘণ্টাত খালী কৰিব পাৰি। যদি দুয়োটা টেপ খুলি দিয়া হয়, তেনেহ'লে সম্পূৰ্ণ টেংকিটো খালী হ'বলৈ 20 ঘণ্টা সময় লাগে। টেংকিটোৰ ধাৰণক্ষমতা নিৰ্ণয় কৰা।
(A) 600 লিটাৰ
(B) 300 লিটাৰ
(C) 75 লিটাৰ
(D) 60 লিটাৰ
উত্তৰ:- (B) 300 লিটাৰ
২০১/ বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কাৰ শাসনৰ সময়ত বিকশিত হৈছিল?
(A) ধৰ্মনাৰায়ণ
(B) নৰনাৰায়ণ
(C) দুৰ্লভনাৰায়ণ
(D) বৈদ্যদেৱ
উত্তৰ:- (C) দুৰ্লভনাৰায়ণ
২০২/ Fill up the blank with the correct tense of the bracketed verb from the given options :
"It is time you ______ (answer) their letter."
(A) answer
(B) answered
(C) gave answer
(D) should answer
উত্তৰ:- (B) answered
২০৩/ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ মতে অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ বুলি নিৰ্ধাৰণ কৰা হৈছে?
(A) অনুচ্ছেদ 181
(B) অনুচ্ছেদ 172
(C) অনুচ্ছেদ 161
(D) অনুচ্ছেদ 150
উত্তৰ:- (B) অনুচ্ছেদ 172
২০৪/ বিভিন্ন সময়ত আহোমসকলৰ তিনিখন ৰাজধানীৰ নাম হ'ল -
(A) টিপাম, নামৰূপ, গড়গাঁও
(B) মৰাণ, ভোগদৈ, চাৰিং
(C) চৰাইদেউ, গড়গাঁও, যোৰহাট
(D) ইয়াৰ কোনোটোৱেই নহয়
উত্তৰ:- (C) চৰাইদেউ, গড়গাঁও, যোৰহাট
২০৫/ G20 ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
(A) ফ্ৰান্স
(B) আমেৰিকা যুক্তৰাষ্ট্ৰ
(C) ভাৰত
(D) ইয়াৰ কোনোটোৱেই নহয়
উত্তৰ:- (D) ইয়াৰ কোনোটোৱেই নহয়
২০৬/ পেৰিছ অলিম্পিক 2024ত মনু ভাকেৰে নিম্নলিখিত কোনবোৰ ইভেণ্টত ব্ৰঞ্জৰ পদক জিকিছিল?
1. মহিলাৰ 25 মি. পিষ্টল
2. মহিলাৰ 10 মি. এয়াৰ পিষ্টল
3. মিশ্ৰ 10 মি. এয়াৰ পিষ্টল দল
4. মহিলাৰ 10 মি. এয়াৰ ৰাইফল
তলত দিয়া কোড ব্যৱহাৰ কৰি সঠিক উত্তৰটো বাছনি কৰক :-
(A) 2 আৰু 4
(B) 1 আৰু 3
(C) 2 আৰু 3
(D) 1 আৰু 2
উত্তৰ:- (C) 2 আৰু 3
২০৭/ অসমৰ একমাত্ৰ ৰামচাৰ স্থান কোনটো?
(A) সোণবিল
(B) চানডুবি
(C) দীপৰ বিল
(D) ধীৰবিল
উত্তৰ:- (C) দীপৰ বিল
২০৮/ Choose the one-word substitution for the given expression:
"That which cannot be understood or known"
(A) Inexorable
(B) Inscrutable
(C) Impregnable
(D) Impenetrable
উত্তৰ:- (B) Inscrutable
২০৯/ বহুৱা নাচ অসমৰ কোন জনজাতিৰ পৰম্পৰাগত নৃত্য?
(A) দেউৰী
(B) কাৰ্বি
(C) মিচিং
(D) সোণোৱাল কছাৰী
উত্তৰ:- (D) সোণোৱাল কছাৰী
২১০/ From the options given below, choose the word that is most nearly opposite to the word 'Succinct'.
(A) Curt
(B) Pithy
(C) Terse
(D) Lengthy
উত্তৰ:- (D) Lengthy
২১১/ এজন শিক্ষকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি? (TET)
(A) শ্ৰেণীত অনুশাসন বৰ্তাই ৰখা
(B) শ্ৰেণীত সময়নিষ্ঠ হোৱা
(C) ছাত্ৰ-ছাত্ৰীৰ অসুবিধাসমূহ দূৰ কৰা
(D) এজন ভাল বক্তা হোৱা
উত্তৰ:- (C) ছাত্ৰ-ছাত্ৰীৰ অসুবিধাসমূহ দূৰ কৰা
২১২/ 'নামঘোষা'ত কিমানটা 'ঘোষা' আছে?
(A) 500
(B) 1000
(C) 1500
(D) 2000
উত্তৰ:- (B) 1000
২১৩/ 'নামঘোষা' পুথিখন কোনে ৰচনা কৰিছিল?
(A) শ্ৰীমন্ত শংকৰদেৱ
(B) ৰাম সৰস্বতী
(C) শ্ৰীশ্ৰী মাধৱদেৱ
(D) অনন্ত কন্দলি
উত্তৰ:- (C) শ্ৰীশ্ৰী মাধৱদেৱ
২১৪/ 'হেজাৰী ঘোষা' বুলি কোনখন পুথিক জনা যায়?
(A) নামঘোষা
(B) ভক্তি ৰত্নাৱলী
(C) কীৰ্তন ঘোষা
(D) দশম স্কন্ধ
উত্তৰ:- (A) নামঘোষা
২১৫/ 'টেন্টালাম' হ'ল -
(A) পঞ্জাবৰ চুটলেজ নদীৰ পাৰত পোৱা এক বিৰল ধাতু
(B) এল'ন মাস্কে প্ৰৱৰ্তন কৰা এক নতুন ক্ৰিপ্ট'কাৰেণ্সি
(C) মানুহৰ আৱেগ অনুকৰণ কৰিব পৰা এক কৃত্ৰিম বুদ্ধিমত্তা
(D) নাছাৰ জেমছ ৱেব স্পেচ দূৰবীণেৰে আৱিষ্কৃত নতুন গ্ৰহাণু
উত্তৰ:- (A) পঞ্জাবৰ চুটলেজ নদীৰ পাৰত পোৱা এক বিৰল ধাতু
২১৬/ 31 মাৰ্চ তাৰিখত কাৰ জন্মবাৰ্ষিকীৰ দিনটো অসমত 'ছাত্ৰ দিৱস' হিচাবে পালন কৰা হয়?
(A) কৃষ্ণকান্ত সন্দিকৈ
(B) উপেন্দ্ৰনাথ ব্ৰহ্ম
(C) আনন্দৰাম বৰুৱা
(D) বাণীকান্ত কাকতি
উত্তৰ:- (B) উপেন্দ্ৰনাথ ব্ৰহ্ম
২১৭/ প্ৰতি বছৰে মাঘ মাহ (ফেব্ৰুৱাৰী)ৰ পূৰ্ণিমাৰ দিনা কি দিৱস পালন কৰা হয়?
(A) সতী সাধনী দিৱস
(B) জয়মতী দিৱস
(C) বীৰ চিলাৰায় দিৱস
(D) চাহ দিৱস
উত্তৰ:- (C) বীৰ চিলাৰায় দিৱস
২১৮/ Choose the one-word substitution for the given expression:
"One who knows a lot about food and enjoys eating good food"
(A) Gourmet
(B) Curator
(C) Parasite
(D) Chaperone
উত্তৰ:- (A) Gourmet
২১৯/ মৌলিক কৰ্তব্য (Fundamental Duties) কাৰ পৰামৰ্শত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল?
(A) শ্বাহ কমিচন
(B) ফাৰ্ষ্ট এডমিনিচট্ৰেটিভ ৰিফৰ্মচ কমিচন অৱ ইণ্ডিয়া
(C) চানথনম কমিটি
(D) স্বৰণ সিং কমিটি
উত্তৰ:- (D) স্বৰণ সিং কমিটি
২২০/ নগা পাহাৰ আৰু কাৰ্বি আংলং উপত্যকা পৃথক কৰা নদীখন হৈছে -
(A) কপিলি
(B) বৰাক
(C) ধনশিৰি
(D) দৈয়াং
উত্তৰ:- (C) ধনশিৰি
২২১/ কোচ ৰাজ্যৰ প্ৰতিস্থাপক কোন আছিল?
(A) নৰনাৰায়ণ
(B) বিশ্ব সিংহ
(C) চিলাৰায়
(D) হৰিয়া মণ্ডল
উত্তৰ:- (B) বিশ্ব সিংহ
২২২/ ভাৰতীয় মুদ্ৰাৰ নোটৰ ভাষাৰ বাকচত কিমানটা ভাষা থাকে আৰু নোটখনত সৰ্বমুঠ কিমানটা ভাষা থাকে?
(A) ভাষাৰ বাকচত ১৫ টা, মুঠ ১৭ টা।
(B) ভাষাৰ বাকচত ১৪ টা, মুঠ ১৫ টা।
(C) ভাষাৰ বাকচত ১৫ টা, মুঠ ২২ টা।
(D) ভাষাৰ বাকচত ১৭ টা, মুঠ ২২ টা।
উত্তৰ:- (A) ভাষাৰ বাকচত ১৫ টা, মুঠ ১৭ টা।
২২৩/ কোনখন দেশক "Land of the Thunder Dragon" বা চমুকৈ "Land of Thunder" বুলি কোৱা হয়?
A) জাপান
B) থাইলেণ্ড
C) ভূটান
D) শ্ৰীলংকা
উত্তৰ:- C) ভূটান
২২৪/ অসমৰ গামোচাই কিমান চনত জি. আই. (GI) টেগ লাভ কৰিছিল?
A) 2019
B) 2022
C) 2017
D) 2020
উত্তৰ:- B) 2022
২২৫/ অসমৰ কাজি নেমুৱে কোন চনত জি. আই. (GI) টেগৰ স্বীকৃতি লাভ কৰিছিল?
A) 2016
B) 2018
C) 2024
D) 2019
উত্তৰ:- D) 2019
২২৬/ প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি?
A) পিয়লি ফুকন
B) ইন্দ্ৰমালতী
C) শকুন্তলা
D) চিৰাজ
উত্তৰ:- C) শকুন্তলা
২২৭/ প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি?
A) জয়মতী
B) শকুন্তলা
C) পিয়লি ফুকন
D) ভাইটি
উত্তৰ:- D) ভাইটি
২২৮/ 'কাৰ্গিল বিজয় দিৱস' কোন তাৰিখত পালন কৰা হয়?
A) ১৫ আগষ্ট
B) ২৬ জুলাই
C) ২১ জুন
D) ১৬ ডিচেম্বৰ
উত্তৰ:- B) ২৬ জুলাই
২২৯/ ভাৰত-পাক যুদ্ধৰ (১৯৭১) বিজয় উপলক্ষে 'বিজয় দিৱস' কেতিয়া পালন কৰা হয়?
A) ১৬ ডিচেম্বৰ
B) ২৬ জুলাই
C) ১৫ আগষ্ট
D) ২৬ জানুৱাৰী
উত্তৰ:- A) ১৬ ডিচেম্বৰ
২৩০/ নিম্নলিখিত কোন জন অসমীয়া ব্যক্তি ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য আছিল?
A) গোপীনাথ বৰদলৈ
B) ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
C) ছাৰ মহম্মদ চালেহ আকবৰ হায়দাৰী
D) বাবু বসন্ত কুমাৰ দাস
উত্তৰ:- B) ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
২৩১/ ১৯৩০ চনত লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজ মেলত অসমক প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন আছিল?
A) গোপীনাথ বৰদলৈ
B) নবীন চন্দ্ৰ বৰদলৈ
C) তৰুণ ৰাম ফুকন
D) চন্দ্ৰধৰ বৰুৱা
উত্তৰ:- D) চন্দ্ৰধৰ বৰুৱা
২৩২/ ২০১৮ চনত মেঘালয়ৰ শ্বিলঙত আৱিষ্কাৰ হোৱা আৰু শেহতীয়াকৈ ২১ জুলাই ২০২৬ তাৰিখে জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা নতুন আদা-জাতীয় ফুলৰ প্ৰজাতি যিটো Zingiberaceae উদ্ভিদৰ পৰিয়ালৰ অন্তৰ্গত বৈজ্ঞানিক নাম কি?
A) Osbeckia zubeengargiana
B) Hedychium zubeengargianum
C) Magnolia zubeeni
D) Orchid zubeengargii
উত্তৰ:- B) Hedychium zubeengargianum
২৩৩/ প্ৰতি বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে 'অভিৰুচি ক্ৰীড়া দিৱস' বা 'অসম ৰাজ্যিক ক্ৰীড়া দিৱস' হিচাপে ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত সোণৰ পদক বিজয়ী তথা অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী কোনগৰাকী খেলুৱৈৰ জন্মবাৰ্ষিকী পালন কৰা হয়?
(A) হিমা দাস
(B) ভোগেশ্বৰ বৰুৱা
(C) লাভলীনা বৰগোহাঁই
(D) শিৱ থাপা
উত্তৰ:- (B) ভোগেশ্বৰ বৰুৱা
২৩৪/ প্ৰথমবাৰৰ বাবে 'অভিৰুচি ক্ৰীড়া দিৱস' কেতিয়া পালন কৰা হৈছিল? (বৰ্তমান ২০২৬ চনত ৪৩ সংখ্যক হিচাপে পালন কৰা হৈছে)
(A) ৩ ছেপ্টেম্বৰ, ১৯৮০
(B) ৩ ছেপ্টেম্বৰ, ১৯৮২
(C) ৩ ছেপ্টেম্বৰ, ১৯৮৪
(D) ৩ ছেপ্টেম্বৰ, ১৯৮৬
উত্তৰ:- (C) ৩ ছেপ্টেম্বৰ, ১৯৮৪
২৩৫/ শেহতীয়াকৈ ২০২৬ চনত বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসম পশু চিকিৎসা আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টাত আই ভি এফ (IVF) পদ্ধতিৰে জন্ম দিয়া অসমৰ থলুৱা গৰুৰ জাতটোৰ নাম কি?
(A) কপিলী
(B) লখিমী
(C) ৰেড সিন্ধি
(D) গিৰ
উত্তৰ:- (B) লখিমী
২৩৬/ শেহতীয়াকৈ ২০২৬ চনৰ ২৯ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক'ত এদিনৰ বাবে 'গাঁওবুঢ়া' সন্মান প্ৰদান কৰা হৈছিল?
(A) গুৱাহাটীৰ আছাম ৰাইফলছৰ কাৰ্যালয়ত
(B) যোৰহাটৰ বায়ুসেনা ঘাটিত
(C) নতুন দিল্লীৰ সেনা মুখ্য কাৰ্যালয়ত
(D) শ্বিলঙৰ আছাম ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয়ত
উত্তৰ:- (D) শ্বিলঙৰ আছাম ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয়ত
২৩৭/ ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ কোনটো তাৰিখক 'আন্তঃৰাষ্ট্ৰীয় বাল্য, সময়পূৰ্ব আৰু বলপূৰ্ব বিবাহ বৰ্জন দিৱস' (International Day for the Elimination of Child, Early and Forced Marriage) হিচাপে ঘোষণা কৰিছে?
A) ১১ অক্টোবৰ
B) ১৪ নৱেম্বৰ
C) ২০ নৱেম্বৰ
D) ২৭ নৱেম্বৰ
উত্তৰ:- D) ২৭ নৱেম্বৰ
২৩৮/ প্ৰতি বছৰে বিশ্ব সাক্ষৰতা দিৱস (World Literacy Day) কেতিয়া পালন কৰা হয়?
A) ৮ ছেপ্টেম্বৰ
B) ৬ ছেপ্টেম্বৰ
C) ৯ ছেপ্টেম্বৰ
D) ৭ ছেপ্টেম্বৰ
উত্তৰ:- A) ৮ ছেপ্টেম্বৰ
২৩৯/ ২০২৬ বৰ্ষৰ বাবে বিশ্ব সাক্ষৰতা দিৱসৰ মূল বিষয় (Theme) কি নিৰ্ধাৰণ কৰা হৈছে?
A) Literacy for health, the future and technology
B) Literacy for people, the planet and prosperity
C) Literacy for youths, the culture and education
D) Literacy for adults, the society and economy
উত্তৰ:- B) Literacy for people, the planet and prosperity
২৪০/ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিল?
A) ৮ ছেপ্টেম্বৰ, ১৯২৬
B) ৫ ছেপ্টেম্বৰ, ১৯২৬
C) ৮ আগষ্ট, ১৯২৬
D) ১০ অক্টোবৰ, ১৯২৬
উত্তৰ:- A) ৮ ছেপ্টেম্বৰ, ১৯২৬
২৪১/ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল?
A) ভূপেন হাজৰিকা
B) হেমচন্দ্ৰ গোস্বামী
C) লক্ষ্মীনাথ বেজবৰুৱা
D) গোপীনাথ বৰদলৈ
উত্তৰ:- D) গোপীনাথ বৰদলৈ
২৪২/ এপলৰ নতুন CEO হিচাপে কাক ঘোষণা কৰা হৈছে?
A) John Ternus
B) Craig Federighi
C) Steve Wozniak
D) Jeff Williams
উত্তৰ:- A) John Ternus
