ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত Sarvam AI য়ে মুকলি কৰিলে ভাৰতৰ নিজা AI Chatbot - Indus (ইন্দুচ)। Sarvam AI এই ভাৰতীয় Artificial Intelligence কোম্পানীটো ২০২৩ চনত বিবেক ৰাঘৱন আৰু প্ৰত্যুষ কুমাৰৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁলোক দুয়োজন পূৰ্বতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাছৰ (IIT Madras) 'AI4Bharat' প্ৰকল্পৰ সৈতে জড়িত আছিল। Sarvam AI নামৰ কোম্পানীটো প্ৰতিষ্ঠা কৰিবলৈ ৪১ নিযুত আমেৰিকান ডলাৰৰ বিনিয়োগ লাভ কৰিছিল যিটো বৰ্তমান ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৩৭২ কোটি টকা।
পিছলৈ ২০২৫ চনৰ এপ্ৰিল মাহত ভাৰত চৰকাৰৰ MeitY ৰ 'IndiaAI Mission'ৰ অধীনত ভাৰতৰ নিজা AI মডেল বনাবলৈ Sarvam AI ক বাছনি কৰে। ইয়াৰ বাবে চৰকাৰে Sarvam AI কোম্পানীটোক হাজাৰ হাজাৰ GPU সমৃদ্ধ শক্তিশালী কম্পিউটাৰৰ আন্তঃগাঁথনি ব্যৱহাৰৰ সুবিধা কৰি দিয়ে, যাতে তেওঁলোকে বিশ্বমানৰ থলুৱা AI প্ৰযুক্তি প্ৰস্তুত কৰিব পাৰে।
২০২৬ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা India AI Impact Summit 2026 ত Sarvam-30B আৰু Sarvam-105B এই দুটা উন্নতমানৰ LLM (Large Language Models) মুকলি কৰিছে।
Sarvam-105B মডেলত AI Chatbot Indus (ইন্দুচ) পৰিচালিত হয়। এই Indus AI Chatbot ৰ মূল লক্ষ্য হ’ল ভাৰতীয় পৰিৱেশ আৰু সংস্কৃতিৰ সৈতে খাপ খোৱাকৈ সঠিক আৰু উপযোগী তথ্য যোগান ধৰা। Indus AI Chatbot য়ে Google Gemini, ChatGPT ৰ দৰে সেৱা আগবঢ়াব। বৰ্তমান AI Chatbot - Indus ত ২২ টা ভাৰতীয় ভাষাত মত-বিনিময় কৰিবলৈ সক্ষম হোৱা বুলি Sarvam AI প্ৰতিষ্ঠানে জানিবলৈ দিছে।
Sarvam AI Chatbot - Indus ত অসমীয়া, বাংলা, বড়ো, ডোগ্ৰী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কোংকণী, মৈথিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, চাঁওতালি, সিন্ধী, তামিল, তেলেগু, উৰ্দু ইত্যাদি ভাষা সমৰ্থন কৰে।
বৰ্তমানলৈকে অর্থাৎ ২২/০২/২০২৬ তাৰিখ, এই ব্লগ লিখা পৰ্যন্ত Sarvam AI ৰ AI Chatbot - Indus ত Voice আৰু Text লিখা এই দুটা সুবিধা আছে। আমি আশা কৰিম পিছৰ পৰ্যায়ত Image, Video, Document আদি সমৰ্থন কৰিব।
Sarvam AI ৰ Indus AI Chatbot ব্যৱহাৰ কৰিবলৈ লিংক - https://indus.sarvam.ai/
![]() |
| ১ |
![]() |
| ২ |


