প্ৰথমবাৰৰ বাবে অসমত নিৰ্মিত উপগ্ৰহ লাচিত-১: ISRO ৰ সহায়ত মহাকাশলৈ যাব অসমৰ উপগ্ৰহ




 অহা ১২ জানুৱাৰী, ২০২৬ তাৰিখে অসমৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ’বলৈ গৈ আছে। প্ৰথমবাৰৰ বাবে অসমত নিৰ্মিত কৃত্রিম উপগ্ৰহ 'লাচিত-১' (LACHIT-1) মহাকাশলৈ উৰা মাৰিব। গুৱাহাটীৰ ডনবস্কো বিশ্ববিদ্যালয়ৰ (Assam Don Bosco University) ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে এই উপগ্ৰহটো নিৰ্মাণ কৰি উলিয়াইছে।

বীৰ সেনাপতি লাচিত বৰফুকনৰ নামেৰে নামাকৰণ কৰা এই উপগ্ৰহটোৱে সমগ্ৰ বিশ্বৰ আগত অসমৰ প্ৰযুক্তিগত সামৰ্থ্য প্ৰদৰ্শন কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত হায়দৰাবাদৰ ধ্ৰুৱ স্পেচ (Dhruva Space) নামৰ প্ৰতিষ্ঠানটোৰ 'পলাৰ এক্সেছ' (PA-1) অভিযানৰ অধীনত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে


লাচিত-১ উপগ্ৰহটো ১২ জানুৱাৰীৰ পুৱা ১০:১৭ বজাত অন্ধ্রপ্রদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ISRO ৰ শক্তিশালী ৰকেট PSLV-DL-C62 ৰ জৰিয়তে কক্ষপথলৈ উৎক্ষেপণ কৰা হ'ব। লাচিত-১ কেৱল এটা নাম নহয়, ইয়াৰ আঁৰত আছে এক বিশেষ অৰ্থ- LACHIT-1 ৰ সম্পূৰ্ণ নামটো হৈছে - 'Live Amateur Communication Hub for Innovative Technologies – One'। ইয়াৰ মূল লক্ষ্য হৈছে মহাকাশৰ পৰা আধুনিক যোগাযোগ প্ৰযুক্তিৰ (Amateur Radio/Satellite Communication) সফল ব্যৱহাৰ আৰু নতুন উদ্ভাৱনীমূলক কাৰিকৰী কৌশলৰ পৰীক্ষণ কৰা। 

লাচিত-১ উপগ্ৰহটোক Amateur Radio Frequency ব্যৱহাৰ কৰি এটা Store-and-Forward যোগাযোগ ব্যৱস্থা প্ৰদৰ্শন কৰিবলৈ সাজু কৰা হৈছে। ইয়াৰ জৰিয়তে পৃথিৱীৰ পৰা প্ৰেৰণ কৰা চুটি বাৰ্তাসমূহ উপগ্ৰহটোৱে প্ৰথমে নিজৰ মেমৰীত জমা কৰি ৰাখিব, পিছৰ পৰ্যায়ত সুবিধাজনক কক্ষপথত উপস্থিত হোৱাৰ পাছত সেই বাৰ্তাসমূহ পুনৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব।

Image source link - https://www.dhruvaspace.com/polar-access-1

এনে কামে প্ৰমাণ কৰিলে যে যদি সুযোগ দিয়া হয়, তেন্তে অসমৰ ছাত্ৰ-ছাত্ৰীয়েও নাছা (NASA) বা ইছৰো (ISRO) ৰ দৰে মহাকাশ কেন্দ্ৰত কাম কৰিব পাৰিব। মাঘৰ বিহুৰ উৰুকাৰ ঠিক আগদিনা এয়া আমাৰ বাবে এক ডাঙৰ উপহাৰ।

এই মহাকাশলৈ অসমৰ পৰা বিকশিত কৰা কৃত্রিম উপগ্ৰহ যাত্ৰাই বিশ্বৰ মহাকাশ মানচিত্ৰত অসমক এক বিশেষ স্থান দিবলৈ সক্ষম হ'ব।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব