অসম চৰকাৰৰ ২০২৫ বৰ্ষৰ যুৱ লেখক সন্মান বঁটা প্ৰদান




অসম চৰকাৰৰ 'গ্ৰন্থবৰ্ষ ২০২৫' চনত ৪০ বছৰৰ অনুৰ্ধৰ ৮১৮ গৰাকী উদীয়মান লেখক-লেখিকাক এই সন্মান প্ৰদান কৰিছে। প্ৰতি গৰাকী লেখক-লেখিকাক উৎসাহ জনোৱাৰ উদ্দেশ্যে ২৫ হাজাৰকৈ টকা এককালীন আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰে। এই 'গ্ৰন্থবৰ্ষ ২০২৫' চনত প্ৰদান কৰা 'যুৱ লেখক সন্মান' বঁটাৰ উদ্দেশ্য হৈছে উদীয়মান লেখক-লেখিকাক সাহিত্য চৰ্চাৰ বাবে উৎসাহী কৰি তোলা আৰু আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগোৱা। 
অসমীয়া, বাংলা, বড়ো, নেপালী, মিচিং, কাৰ্বি আৰু অন্যান্য জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা যুৱ লেখকলৈ সন্মান প্ৰদান কৰা হৈছে।

এই সন্মান ২৪ ডিচেম্বৰ ২০২৫ চনত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত 'অসম গ্ৰন্থমেলা'ৰ প্ৰাংগণত প্ৰদান কৰে।

'গ্ৰন্থবৰ্ষ ২০২৫' আৰু 'যুৱ লেখক সন্মান' সম্পৰ্কীয় প্ৰশ্নোত্তৰ-


প্ৰশ্ন : 'গ্ৰন্থবৰ্ষ ২০২৫'ৰ অধীনত কিমানগৰাকী উদীয়মান লেখক-লেখিকাক সন্মান জনোৱা হৈছে?

উত্তৰ: ৮১৮ গৰাকী।

প্ৰশ্ন : এই সন্মানৰ বাবে লেখক-লেখিকাৰ বয়সৰ সীমা কিমান নিৰ্ধাৰণ কৰা হৈছিল?

উত্তৰ: ৪০ বছৰৰ অনুৰ্ধ।

প্ৰশ্ন : প্ৰতিগৰাকী লেখক-লেখিকাক এককালীন আৰ্থিক সাহায্য হিচাপে কিমান টকা প্ৰদান কৰা হৈছে?

উত্তৰ: ২৫ হাজাৰ টকাকৈ।

প্ৰশ্ন : 'যুৱ লেখক সন্মান' বঁটা প্ৰদানৰ মূল উদ্দেশ্য কি?

উত্তৰ: উদীয়মান লেখক-লেখিকাক সাহিত্য চৰ্চাৰ বাবে উৎসাহী কৰি তোলা আৰু আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগোৱা।

প্ৰশ্ন : কোন কোন ভাষাত সাহিত্য চৰ্চা কৰা লেখকক এই সন্মান প্ৰদান কৰা হৈছে?

উত্তৰ: অসমীয়া, বাংলা, বড়ো, নেপালী, মিচিং, কাৰ্বি আৰু অন্যান্য জনগোষ্ঠীয় ভাষা।

প্ৰশ্ন : এই বঁটা কেতিয়া আৰু ক'ত প্ৰদান কৰা হৈছিল?

উত্তৰ: ২৪ ডিচেম্বৰ ২০২৫ চনত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত 'অসম গ্ৰন্থমেলা'ৰ প্ৰাংগণত।

প্ৰশ্ন : 'যুৱ লেখক সন্মান বঁটা' ২০২৫ কোনে প্ৰদান কৰে?

উত্তৰ: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰশ্ন : 'যুৱ লেখক সন্মান বঁটা' কোনে প্ৰদান কৰে?

উত্তৰ: অসম চৰকাৰৰ উদ্যোগত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা 'যুৱ লেখক সন্মান' প্ৰদান কৰা হয়।

Post a Comment (0)
Previous Post Next Post