অসম চৰকাৰৰ 'গ্ৰন্থবৰ্ষ ২০২৫' চনত ৪০ বছৰৰ অনুৰ্ধৰ ৮১৮ গৰাকী উদীয়মান লেখক-লেখিকাক এই সন্মান প্ৰদান কৰিছে। প্ৰতি গৰাকী লেখক-লেখিকাক উৎসাহ জনোৱাৰ উদ্দেশ্যে ২৫ হাজাৰকৈ টকা এককালীন আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰে। এই 'গ্ৰন্থবৰ্ষ ২০২৫' চনত প্ৰদান কৰা 'যুৱ লেখক সন্মান' বঁটাৰ উদ্দেশ্য হৈছে উদীয়মান লেখক-লেখিকাক সাহিত্য চৰ্চাৰ বাবে উৎসাহী কৰি তোলা আৰু আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগোৱা।
অসমীয়া, বাংলা, বড়ো, নেপালী, মিচিং, কাৰ্বি আৰু অন্যান্য জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা যুৱ লেখকলৈ সন্মান প্ৰদান কৰা হৈছে।
এই সন্মান ২৪ ডিচেম্বৰ ২০২৫ চনত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত 'অসম গ্ৰন্থমেলা'ৰ প্ৰাংগণত প্ৰদান কৰে।
