১০ ডিচেম্বৰ শ্বহীদ দিৱস: অসমীয়াৰ ত্যাগৰ স্মৃতি

 


অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু ৮৫৫ জন শ্বহীদৰ স্মৃতিত ১০ ডিচেম্বৰ দিনটোত সমগ্র অসমতে শ্বহীদ দিৱস উদযাপন কৰা হয়।

১৯৭৯ চনৰ ১০ ডিচেম্বৰত বৰপেটা জিলাৰ ভৱানীপুৰত অসম আন্দোলনৰ ছাত্ৰ নেতা খৰ্গেশ্বৰ তালুকদাৰ (২২) শ্বহীদ হৈছিল। অসম আন্দোলন ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে হৈছিল আৰু ৮৫৫ জন শ্বহীদ (শেহতীয়াকৈ আছুয়ে দাখিল কৰা অনুসৰি ৮৬০ জন শ্বহীদ) ৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল ১৪ আগষ্ট, ১৯৮৫ চনৰ মাজনিশা।

অসম আন্দোলন কিয় হৈছিল আৰু অসম চুক্তি স্বাক্ষৰ কি আছিল :-


অসম আন্দোলন ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত হৈছিল। ঐতিহাসিক অসম আন্দোলন আছিল অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন যত অবৈধ বিদেশী বহিস্কাৰ কৰাৰ আন্দোলন। অসমত সেই সময়ত অবৈধ বিদেশীৰ আগ্ৰাসনে মূলতঃ বাংলাদেশী সন্দেহযুক্ত লোকে অসমীয়া জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল। অসমৰ ভাষা,সংস্কৃতি, জাতি-মাটিৰ ৰক্ষাৰ স্বাৰ্থত অসম আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

  সেই সময়ত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ অসমৰ প্ৰতিজন লোকে সহযোগিতা আগবঢ়াইছিল। অসমৰ ভোটাৰ তালিকাত সেই সময়ত অবৈধ বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল, ভোটাৰ তালিকা সংশোধনীত প্ৰায় ৪৫ হেজাৰ সন্দেহজনক অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছিল। 

অসম আন্দোলনৰ মূল উদ্দেশ্য আছিল বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা অসমৰ পৰা বহিস্কাৰ কৰা। অসম আন্দোলন সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলিছিল, সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰফুল্ল কুমাৰ মহন্ত আছিল সভাপতি আৰু ভৃগু কুমাৰ ফুকন আছিল সাধাৰণ সম্পাদক। 

সদৌ অসম ছাত্ৰ সন্থাই ১৯৫১ চনত ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী বহিস্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছিল, সেই সময়ত কেন্দ্ৰত কংগ্ৰেছ দলৰ চৰকাৰ আছিল আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ আলোচনা হৈছিল। পিছলৈ অসম চুক্তি স্বাক্ষৰ অনুসৰি ২৫ মাৰ্চ, ১৯৭১ চন ভিত্তিবৰ্ষ হিচাপে লোৱা হয়। 

অসম চুক্তি অবৈধ বিদেশীৰ বিৰুদ্ধে ৬ বছৰ ধৰি কৰা আন্দোলন আৰু ৮৫৫ জন শ্বহীদ, হাজাৰজন লোক চিৰদিনৰ বাবে পংগু হোৱাৰ বিনিময়ত ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা অৰ্থাৎ ১৫ আগষ্ট, ১৯৮৫ দিনা অসম আন্দোলনৰ নেতৃত্ব লোৱা সদৌ অসম ছাত্ৰ সন্থা, অসম গণ সংগ্ৰাম পৰিষদ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল। অসম চুক্তি স্বাক্ষৰ কৰা সময়ত কেন্দ্ৰীয় চৰকাৰ কংগ্ৰেছ দলৰ আছিল আৰু প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী।

 অসম চুক্তিত উল্লেখ কৰা অনুসৰি ২৫ মাৰ্চ, ১৯৭১ চন বা তাৰ পিছত অসমলৈ অহা বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়া, বহিস্কাৰ আইনমতে চলি থাকিব। বিদেশী লোকৰ বহিস্কাৰৰ বাবে খৰতকীয়া ব্যৱস্থা লোৱা হব। অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ বাবে অসমীয়া ৰাইজৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যেনে ধৰণে প্ৰয়োজন সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা, ৰাইজৰ জীৱন যাপনৰ মান উন্নত আৰু অসমৰ অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰিবলৈ চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে। অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে শিক্ষা, বিজ্ঞান - প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব। নাগৰিকত্বৰ প্ৰমাণ পত্ৰ কেৱল কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃপক্ষৰ দ্বাৰাহে প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব, অনুপ্ৰৱেশত বাধা দিবলৈ সীমান্তৰ নদী অঞ্চল, আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা, মাটি বে-দখল ৰোধ, বিদেশীয়ে অসমত স্থাৱৰ সম্পত্তি গোটোৱাটো নিয়ন্ত্ৰণ কৰিবৰ বাবে কঠোৰ আইন বলবৎ কৰা।



Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

Good Samaritan আইনৰ বিষয়ে

আপুনি জানেনে কি আছে এইখন আইনত? Good Samaritan আইনে কোনসকল লোকক আইনী সুৰক্ষা প্ৰদান কৰে?

সম্পূৰ্ণ পঢ়ক →