ভগৱান ইন্দ্ৰৰ তৰোৱাল আইএনএছ তামাল INS Tamal


ভগৱান ইন্দ্ৰৰ তৰোৱাল আই এন এছ  তামাল INS Tamal এতিয়াৰে পৰা থাকিব ভাৰতীয় নৌসেনাৰ লগত, দিব ভাৰতবাসীক সুৰক্ষা। ২.৫ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাপে ভাৰতে ৰাছিয়াৰ পৰা লাভ কৰা চাৰিখন উন্নত চুৰিকাঘাত ফ্ৰিগেটৰ ভিতৰত অন্যতম হৈছে আই এন এছ তামাল INS Tamal। (চুৰিকাঘাত ফ্ৰিগেট  (Stealth frigate) হৈছে -  উন্নত প্ৰযুক্তিৰে ভৰপুৰ আৰু এনে যুদ্ধজাহাজ শত্ৰুৰ ৰাডাৰেৰে ধৰা পেলোৱাটো কঠিন হৈ পৰে। ২০১৬ চনৰ ভাৰত-ৰাছিয়াৰ চুক্তিৰ অংশ হিচাপে ৰাছিয়াত নিৰ্মিত এইখনেই শেষ যুদ্ধজাহাজ। 

আই এন এছ তামাল INS Tamal ৰ ওজন ৩৯০০ টন আৰু দৈৰ্ঘ্য ১২৫ মিটাৰ।
এই যুদ্ধজাহাজখনত থকা অন্যতম মূল বৈশিষ্ট্য হৈছে শক্তিশালী ব্ৰাহ্মছ ক্ৰুজ মিছাইল, যিয়ে সাগৰ আৰু স্থল দুয়োটা দিশতে দীৰ্ঘ দূৰত্বৰ পৰা লক্ষ্যত আঘাত কৰিব পাৰে।  জাহাজখনৰ ডেকৰ পৰা চলাচল কৰিব পৰাকৈ হেলিকপ্টাৰো সংযুক্ত হ’ব পাৰে।  এই যুদ্ধজাহাজখন ৰাছিয়াৰ কেলিনিংগ্ৰাডৰ য়াণ্টাৰ শ্বিপয়াৰ্ডত নিৰ্মাণ কৰা হৈছে যদিও আই এন এছ তামাল INS Tamal প্ৰায় ২৬%  ভাৰতত নিৰ্মিত। জাহাজখনৰ গতিবেগ ৩০ নটৰ অধিক (প্ৰায় ৫৫ কিলোমিটাৰ প্ৰতি ঘণ্টা)। এই যুদ্ধজাহাজখনৰ নামৰ অৰ্থ হৈছে -  তামাল, যি দেৱৰাজ ইন্দ্ৰই যুদ্ধৰ বাবে ব্যৱহাৰ কৰা পৌৰাণিক তৰোৱালৰ প্ৰতীক। 


জাহাজখনৰ মূলমন্ত্ৰ হৈছে ‘সৰ্বদা সৰ্বত্ৰ বিজয়’ অৰ্থাৎ সকলো সময়তে বিজয়ী (Victorious Always Everytime)।


২০২৫ চনৰ ১ জুলাই তাৰিখে ৰাছিয়াৰ কালিনিনগ্ৰাডত (kaliningrad ) ভাৰতীয় নৌসেনাৰ বাবে বিদেশত নিৰ্মিত শেষৰখন গাইডেড মিছাইল ফ্ৰিগেট Talwar-class frigate 'আইএনএছ  তামাল' INS Tamal - F 71 ৰ কমিচনিং অনুষ্ঠানৰ সময়ত ভাৰতীয় নৌসেনাৰ জোৱানসকল।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব