অসমত হস্তীকুলৰ সাৰথিৰ ৰূপত ‘গজমিত্র’



গজমিত্র কি হয়?

হস্তী-মানৱ সংঘাতৰ বৰ্ধিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। গজমিত্র অসমৰ হাতী আৰু স্থানীয় লোকৰ সুৰক্ষা কৱচ বুলিব পাৰি। গজমিত্ৰ পদক্ষেপটিৰ জৰিয়তে হাতী প্ৰাকৃতিক বিচৰণভূমিৰ সুৰক্ষিত কৰা, মানুহ-হাতীৰ সংঘৰ্ষ হ্ৰাস কৰা আৰু সম্প্ৰদায়ৰ সৈতে ব্যাপকভাৱে সম্পৰ্ক স্থাপন কৰি সজাগতা সৃষ্টি কৰাৰ বাবে আৰম্ভ কৰা হৈছে। গজমিত্রসকল এই সেৱাৰ আৰম্ভণিৰ পৰা এতিয়ালৈ অসমৰ ৫ খন জিলাত কাম কৰি আছে। জিলা কেইখন হৈছে - গোৱালপাৰা, বাক্সা, ওদালগুৰি, নগাঁও, শোণিতপুৰ। 

গজমিত্ৰৰ ভূমিকা - 

• সেউজ অৰণ্য : হাতীৰ সুৰক্ষিত বাসস্থান আৰু খাদ্যৰ বাবে নিৰাপদ আশ্ৰয় স্থল।

• স্মার্ট পর্যবেক্ষণ : এ আই চালিত কেমেৰাৰে হাতীৰ গতি-বিধি নিৰীক্ষণ, নিকটৰ জনবসতি অঞ্চলত সঠিক সময়ত তাৎক্ষণিক সতর্ক বাণী আদি প্ৰেৰণ।

• খাদ্য শস্য সুৰক্ষা : হাতীৰ দ্বাৰা পথাৰ ক্ষতিগ্ৰস্ত হোৱাৰ পৰা কৃষকসকল যাতে অধিক প্ৰভাৱিত নহয়, তাৰ বাবে অতি বিপদাশংকা থকা অঞ্চলৰ পৰা ধান ক্ৰয় বৃদ্ধিত গুৰুত্ব।

• জন অংশীদাৰী : প্রশিক্ষিত গজমিত্ৰৰ দলসমূহে সন্মুখৰ পৰা নেতৃত্ব বহন কৰি বিপদৰ সময়ত সহায় কৰা, সজাগতা বৃদ্ধি কৰা তথা বনাঞ্চল আৰু জনাঞ্চলৰ মাজৰ সেতু হিচাপে কাম কৰিব।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব