নষ্টালজিয়া



 ঋতু আহে ঋতু যায়


চ'ত-ব'হাগত ঋতু বসন্ত
বিৰিখে সলায় পাত,
জেঠ-আহাৰত গ্ৰীষ্ম ঋতু
ফল পকে নানা জাত।

শাওন-ভাদত বৰ্ষা ঋতু
খেতিৰ বাবে ভাল,
আহিন-কাতিত শৰত ঋতু
ভৰে শেৱালিৰ ডাল।

আঘোণ-পুহত ঋতু হেমন্ত
নিয়ৰ-কুঁৱলী পৰে,
মাঘ-ফাগুনত শীত ঋতু
গছৰ পাত সৰে।

বোন্দাৰ বিলৈ


নিশাৰ ভাগত নিগনি ওলাল
কান্ধত জোলোঙা আৰি;
ভঁৰালৰ পৰা কিজানি এমুঠি
খুদ-কণ গোটাব পাৰি।

বোন্দা আছিল ডুলিৰ আঁৰত
চিকাৰ ধৰিবলৈ;
আহাৰ বিচাৰি পিলিঙা নিগনি
তাতেই ওলাল গৈ।

সমুখতে দেখি নিশাৰ ভোজন
জিভা কৰে লৰফৰ;
থাপ মাৰোতেই তৰা-নৰা ছিঙি
নিগনি মাৰে লৰ।

নিগনিক ধৰোঁ বুলি বোন্দাই
মাৰিলে দীঘল জাঁপ;
চূণৰ চৰুত পৰি বপুৰাই
সুঁৱৰিলে বাপ বাপ।

জেউতি


মোৰ নাম জেউতি
কণ মোৰ ভাই,
তেওঁ মোৰ দেউতা
এওঁ মোৰ আই।

সৌৱা মোৰ আইতা
এইয়া মোৰ ককা,
গাৰ ছাল শোটোৰা
ডাঢ়ি-চুলি পকা।

খুৰা হ'ল বাঢ়ৈ
পেহীয়ে বয় তাঁত,
খুৰীয়ে পাক-ঘৰত
বাঢ়ি দিয়ে ভাত।

গছে - পাতে


সৰু-সুৰা বেমাৰত
নকৰিবা ভয়,
গছ-পাতে নানা ৰোগ
কৰে নিৰাময়।

মৌৰ লগত তুলসী খালে
কাহ নাথাকে,
মানিমুনি ভেদাইলতাত
পেট ভালে থাকে।

কটা-ছিঙাত নাৰ্জী পাতে
তেজ বন্ধ কৰে,
নিম-পাতত ছালৰ ৰোগ
ততালিকে এৰে।

Post a Comment

Previous Post Next Post