১১১+ জানিবলগীয়া কিছু কথা ৩


১/ শিশু দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- শিশু দিৱস ১৪ নৱেম্বৰ তাৰিখে পালন কৰা হয় (ভাৰতত) আৰু সমগ্র বিশ্বতে ২০ নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয়।

২/ ভাৰতৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- নতুন দিল্লী।

৩/ বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন?
উত্তৰ:- শ্ৰী শক্তিকান্ত দাস, আই এ এছ / Shri Shaktikanta Das, IAS. ।

৪/ ভাৰতৰ জাতীয় পতাকাৰ ৰং কেইটা আৰু কি কি?
উত্তৰ:- ভাৰতৰ জাতীয় পতাকাৰ ৰং তিনিটা। সেই কেইটা হ'ল - গেৰুৱা, বগা আৰু সেউজীয়া।

৫/ ভাৰতৰ জাতীয় পতাকাৰ অশোক স্তম্ভৰ দণ্ড কেইডাল?
উত্তৰ:- চৌব্বিশডাল (২৪) ।

৬/ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ নাম কি?
উত্তৰ:- নৰেন্দ্ৰ মোদী। সম্পূৰ্ণ নাম - নৰেন্দ্ৰ দামোদৰদাস মোদী (Narendra Damodardas Modi) ।

৭/ ভাৰতৰ গৃহ মন্ত্ৰীৰ নাম কি?
উত্তৰ:- অমিত শ্বাহ। সম্পূৰ্ণ নাম - অমিত অনিলচন্দ্ৰ শ্বাহ (Amit Anil Chandra Shah) ।

৮/ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা?
উত্তৰ:- ত্রিৰঙ্গা।

৯/ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক?
উত্তৰ:- অশোক স্তম্ভ।

১০/ ভাৰতৰ ৰাষ্ট্ৰীয় ফল?
উত্তৰ:- আম।

১১/ অসমৰ ৰাজ্যিক ভাষা কি?
উত্তৰ:- অসমীয়া।

১২/ বৰ্তমান অসমৰ কৃষি মন্ত্ৰী কোন?
উত্তৰ:- অতুল বৰা।

১৩/ বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰী কোন?
উত্তৰ:- চন্দ্ৰ মোহন পাটোৱাৰী।

১৪/ বৰ্তমান অসমৰ বিত্ত মন্ত্ৰী কোন?
উত্তৰ:- অজন্তা নেওঁগ।

১৫/ বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী কোন?
উত্তৰ:- কেশৱ মহন্ত।

১৬/ বৰ্তমান অসমৰ যোগান মন্ত্ৰী কোন?
উত্তৰ:- ৰঞ্জিত কুমাৰ দাস।

১৭/ বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰীৰ নাম কি?
উত্তৰ:- ৰনোজ পেগু।

১৮/ ঋতু কেইটা আৰু কি কি?
উত্তৰ:- ঋতু ছয়টা (৬) । সেই কেইটা হ'ল - গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

১৯/ অসমৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- দিছপুৰ।

২০/ বৰ্তমান অসমৰ বিধান সভাৰ অধ্যক্ষ কোন?
উত্তৰ:- বিশ্বজিৎ দৈমাৰী।



২১/ বংশগতিৰ এককটোৰ নাম কি?
উত্তৰ:- জিন।

২২/ মহাদেশ কেইখন আৰু কি কি?
উত্তৰ:- মহাদেশ সাত খন (৭) । সেই কেইখন হ'ল - এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া, এণ্টাৰ্কটিকা মহাদেশ।

২২/ মহাসাগৰ কেইখন আৰু কি কি?
উত্তৰ:- মহাসাগৰ পাঁচ খন (৫) । সেই কেইখন হ'ল - প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ।

২৩/ টেনিছ খেলৰ জন্মস্থান ক'ত?
উত্তৰ:- ফ্ৰান্সত। 

২৪/ আধুনিক কম্পিউটাৰৰ জনক কোন?
উত্তৰ:- চাৰ্লছ বেবেজ।

২৫/ ভাৰতৰ বৃহত্তম মছজিদটোৰ নাম কি?
উত্তৰ:- জামা মছজিদ, দিল্লী।

২৬/ বেদ কেইখন আৰু কি কি?
উত্তৰ:- বেদ চাৰি খন (৪) । সেই কেইখন হ'ল - ঋক, যজু, সাম, আৰু অথৰ্ব।

২৭/ স্বৰ বৰ্ণ কেইটা?
উত্তৰ:- ১১ টা।

২৮/ ব্যঞ্জন বৰ্ণ কেইটা?
উত্তৰ:- ৪১ টা।

২৯/ বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম কি?
উত্তৰ:- জ' বাইডেন।

৩০/ প্ৰথমে কৰণা ভাইৰাছ ক'ত উদ্ভৱ হৈছিল?
উত্তৰ:- উহান, চীন।

৩১/ বাণ ৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল?
উত্তৰ:- অনিৰুদ্ধই।

৩২/ প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- নতুন দিল্লীত, ১৯৫১ চনত।

৩৩/ ৰেখা কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ:- ৰেখা ২ প্ৰকাৰৰ। সৰল ৰেখা আৰু বক্র ৰেখা।

৩৪/ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী অসম কন্যাৰ নাম কি আছিল?
উত্তৰ:- লাভলীনা বৰগোহাঁই।

৩৫/ দেশভক্ত বুলি কাক জনা যায়?
উত্তৰ:- তৰুণৰাম ফুকন।

৩৬/ গীতিকবি বুলি কাক জনা যায়?
উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা।

৩৭/ কলাগুৰু বুলি কাক জনা যায়?
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।

৩৮/ ৰূপকোঁৱৰ বুলি কাক জনা যায়?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

৩৯/ বৰ্তমান অসমৰ জিলা কেইখন?
উত্তৰ:- ৩৫ খন।

৪০/ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন?
উত্তৰ:- ড° হিমন্ত বিশ্ব শৰ্মা।

৪১/ বৰ্তমান অসমৰ মাটিকালি কিমান?
উত্তৰ:- ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।

৪২/ কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল?
উত্তৰ:- ডিমাপুৰ।

৪৩/ অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি আছিল?
উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা।

৪৪/ বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিৰ নাম কি?
উত্তৰ:- ড° সূৰ্যকান্ত হাজৰিকা।

৪৫/ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য খনৰ নাম কি?
উত্তৰ:- অৰুণাচল প্ৰদেশ।

৪৬/ অজগৰ কোন গৰাকী অসমীয়া সাহিত্যিকৰ ছদ্ম নাম?
উত্তৰ:- চৈয়দ আব্দুল মালিক।

৪৭/ নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ:- কাৰ্বি আংলং জিলাত অৱস্থিত।

৪৮/ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে?
উত্তৰ:- ডিব্ৰুগড় জিলাত আছে। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় "অসম চিকিৎসা মহাবিদ্যালয়" ৩ নৱেম্বৰ, ১৯৪৭ চনত স্থাপন কৰা হৈছিল।

৪৯/ অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে?
উত্তৰ:- ৰহা।

৫০/ ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত।

লগতে চাওক:-
অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে কিছুমান প্ৰশ্নোত্তৰ

৫১/ প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল?
উত্তৰ:- প্ৰাগজ্যোতিষপুৰ।

৫২/ ড° ভূপেন হাজৰিকাক কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল?
উত্তৰ:- আনন্দচন্দ্ৰ বৰুৱা।

৫৩/ গুৱাহাটীত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি?
উত্তৰ:- অসম মিহিৰ (Assam Mihir) ।

৫৪/ কোনখন নগৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়?
উত্তৰ:- যোৰহাট জিলা।

৫৫/ অসমৰ ক'ত একমাত্ৰ সাৰ কাৰখানাটো আছে?
উত্তৰ:- নামৰূপ।

৫৬/ অসমৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম কি?
উত্তৰ:- বৰাইল পৰ্বত (Borail Range) ।

৫৭/ প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল?
উত্তৰ:- হেম সৰস্বতী।

৫৮/ বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

৫৯/ গোপীনাথ বৰদলৈয়ে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৯৯ চনত।

৬০/ আহোম ৰাজ্যত কোনে পাইক প্ৰথা প্ৰচলন কৰিছিল?
উত্তৰ:- মোমাই তামূলী বৰবৰুৱা।

৬১/ কোনজন আহোম ৰজাৰ ৰাজত্ব কালত পাইক প্ৰথা প্ৰচলন হৈছিল?
উত্তৰ:- প্ৰতাপ সিংহ।

৬২/ কোনজন শাসক চিলাৰায় নামেৰে পৰিচিত আছিল?
উত্তৰ:- শুক্লধ্বজ।

৬৩/ প্ৰাচীন মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত?
উত্তৰ:- তেজপুৰ।

৬৪/ ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিল?
উত্তৰ:-  ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল।

৬৫/ ১৮৮৪ চনত যোৰহাট সাৰ্বজনিক সভা কোনে গঠন কৰিছিল?
উত্তৰ:- জগন্নাথ বৰুৱা।

৬৬/ বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- ৱাশ্বিংটন ডি.চি (আমেৰিকা) [Washington DC, United States.]

৬৭/ ১৯০৩ চনত অসম এছ'চিয়েচন কোনে গঠন কৰিছিল?
উত্তৰ:- মাণিক চন্দ্ৰ বৰুৱা।

৬৮/ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ঘন বসতিৰ ৰাজ্য খনৰ নাম কি?
উত্তৰ:- অসম।

৬৯/ উত্তৰ পূব ভাৰতৰ আটাইতকৈ পাতল বসতিৰ ৰাজ্য খনৰ নাম কি?
উত্তৰ:- অৰুণাচল প্ৰদেশ।

৭০/ মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:- ৮ ছেপ্টেম্বৰ, ২০১৬ চনত।

৭১/ কোনখন ঠাইক "স্কট লেণ্ড অফ দ্যা ইষ্ট" [scotland of the east] বুলি কোৱা হয়?
উত্তৰ:- শ্বিলং।

৭২/ হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যৰ জাতীয় উৎসৱ?
উত্তৰ:- নাগালেণ্ড।

৭৩/ প্ৰথম অসমীয়া সামাজিক নাটক খনৰ নাম কি?
উত্তৰ:- ৰাম নৱমী (গুণাভিৰাম বৰুৱা)।

৭৪/ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?
উত্তৰ:- দৈনিক বাতৰি।

৭৫/ ২০২১ বৰ্ষত জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া ভাষাৰ কবি, অধ্যাপক, কলা-সমালোচক, সাহিত্যিক জনৰ নাম কি?
উত্তৰ:- নীলমণি ফুকন। নীলমণি ফুকন জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয় জন অসমীয়া ব্যক্তি। [জ্ঞানপীঠ বঁটা লাভ কৰিছিল প্ৰথমে ১৯৭৯ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য - 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে। দ্বিতীয়তে - ২০০০ চনত মামণি ৰয়ছম গোস্বামী, তৃতীয়তে ২০২১ চনত নীলমণি ফুকন দেৱে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

৭৬/ অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ কৰা হয়?
উত্তৰ:- ২০০১ চনত।

৭৭/ অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি জনৰ নাম কি আছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা। (১৯৬৬)

৭৮/ অভিৰুচি দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ৩ ছেপ্টেম্বৰ তাৰিখে অভিৰুচি দিৱস পালন কৰা হয়।

৭৯/ কোনজন আহোম ৰজা বামুণী কোঁৱৰ নামেৰেও জনাজাত আছিল?
উত্তৰ:- চুডাংফা।

৮০/ অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত কোন হৈছিল?
উত্তৰ:- শৰিশংকৰ ব্ৰহ্ম।

৮১/ উত্তৰ পূব সীমান্ত ৰেলৱেৰ (NFR - North East Frontier Railway) মুখ্য কাৰ্যালয় ক'ত আছে?
উত্তৰ:- মালিগাঁও, গুৱাহাটী।

৮২/ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ কিমানতম ৰাষ্ট্ৰীয় উদ্যান?
উত্তৰ:- সপ্তম।

৮৩/ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
উত্তৰ:- জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। (১৯৩৬) [Jim Corbett National Park]

৮৪/ অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯১৭ চনত।

৮৫/ প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি আছিল?
উত্তৰ:- জয়মতী।

৮৬/ দ্বিতীয় অসমীয়া বোলছবি খনৰ নাম কি আছিল?
উত্তৰ:- ইন্দ্ৰমালতী।

৮৭/ প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
উত্তৰ:- ভানুমতী। (১৮৯০) পদ্মনাথ গোহাঞি বৰুৱা।

৮৮/ অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধান খনৰ নাম কি?
উত্তৰ:- চন্দ্ৰকান্ত অভিধান। (১৯৩৩)

৮৯/ ইটাখুলি যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৬৮২ চনত।

৯০/ ৰাজ্য সভালৈ অসমৰ পৰা কিমানজন সদস্য নিৰ্বাচিত কৰা হয়?
উত্তৰ:- ৭ জন।

৯১/ কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত।

৯২/ অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।

৯৩/ অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায়?
উত্তৰ:- ভট্টদেৱ।

৯৪/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি আছিল?
উত্তৰ:- ইয়াৰুইঙ্গম (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) ১৯৬১ চনত বঁটা লাভ কৰে।

৯৫/ মাউন্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল?
উত্তৰ:- তৰুণ শইকীয়া।

৯৬/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন?
উত্তৰ:- মৃত্যুঞ্জয়। (১৯৭৯) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৯৭/ নামদাঙৰ শিলৰ সাঁকো কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৭০৩ চনত।

৯৮/ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা (NEFA) বুলি জনা গৈছিল?
উত্তৰ:- অৰুণাচল প্ৰদেশ।

৯৯/ NEFA ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- North-East Frontier Agency.

১০০/ ভাৰতৰ আটাইতকৈ বেছি বৰষুণ কোন ঠাইত হয়?
উত্তৰ:- মৌছিনৰাম (Mawsynram) । { Māwsynrām
Town in Meghalaya }

১০১/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ:- ৩.১১ কোটি। (৩১,১৬৯২৭২) ।

১০২/ বৰদলৈ ট্ৰফী কিমান চনত আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৫২ চনত।

১০৩/ কোনজন ৰাজনীতিকক অসমৰ লৌহ মানৱ বুলি কোৱা হয়?
উত্তৰ:- বিষ্ণুৰাম মেধি।

১০৪/ কোনজন ভাইচৰয়ে ১৯০৫ চনত বংগৰ পূবৰ জিলা সমূহ অসমৰ অন্তৰ্গত কৰিছিল?
উত্তৰ:- লৰ্ড কাৰ্জন। (Lord Curzon)

১০৫/ নোবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম কি?
উত্তৰ:- ছুইডেন।

১০৬/ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- জেনেভা (ছুইজাৰলেণ্ড)। (Geneva, Switzerland)

১০৭/ অসমক কেতিয়া বংগৰ পৰা পৃথক কৰি এখন মুখ্য আয়োগৰ অন্তৰ্ভুক্ত কৰা হৈছিল?
উত্তৰ:- ১৮৭৪ চনত। (1874)

১০৮/ অসমৰ প্ৰথম সাপ্তাহিক ইংৰাজী বাতৰি কাকত "দ্যা টাইমছ অফ আছাম" (The Times of Assam) কিমান চনত ছপা হৈছিল?
উত্তৰ:- ১৮৯৫ চনত। (1895)

১০৯/ অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম অলিম্পিয়ান জন কোন?
উত্তৰ:- দীপাংকৰ ভট্টাচাৰ্য। (Dipankar Bhattacharjee)

১১০/ ইউনেস্কোৰ (UNESCO) দ্বাৰা কেতিয়া কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:- ১৯৮৫ চনত। (UNESCO → United Nations Educational, Scientific and Cultural Organization)

১১১/ প্ৰথম অসমীয়া উপন্যাস ভানুমতী কোনখন আলোচনীত প্ৰকাশ হৈছিল?
উত্তৰ:- বিজুলী।

১১২/ জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

১১৩/ অসমৰ প্ৰথম ছপাশাল ক'ত স্থাপন কৰা হৈছিল?
উত্তৰ:- শিৱসাগৰ।

১১৪/ যাদৱ পায়েং দেৱে অকলে বনোৱা হাবি খনৰ নাম কি?
উত্তৰ:- মোলাই কাঠনি (Molai forest)।

১১৫/ কছাৰী ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল?
উত্তৰ:- ডিমাপুৰ।

১১৬/ টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯১১ চনত।

১১৭/ কোনখন চুক্তিৰ দ্বাৰা অসমত বাৰ্মিজ শাসনৰ অন্ত পৰিছিল?
উত্তৰ:- Treaty of Yandaboo. (১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।)

১১৮/ অসমৰ ৰাজ্যিক পক্ষী কি (জাতীয় পক্ষী) ?
উত্তৰ:- দেওহাঁহ।

১১৯/ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোন ঠাইত আছে?
উত্তৰ:- জাগীৰোড।

১২০/ ঢলা-শদিয়া দলং (ড৹ ভূপেন হাজৰিকা সেতু)ৰ দৈঘ্য কিমান?
উত্তৰ:- ৯.১৫ কিলোমিটাৰ।

১২১/ ভাৰতৰ কোনখন ৰাজ্যক সূৰ্যোদয়ৰ ভূমি (Land of sunrise) বুলি কোৱা হয়?
উত্তৰ:- অৰুণাচল প্ৰদেশ।

১২২/ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১ এপ্ৰিল, ১৯৬৯ চনত।

১২৩/ শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ১০ ডিচেম্বৰত।

১২৪/ অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ:- আৰ. এফ. লজ. (Sir R.F. Lodge) ।

১২৫/ পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথম মহিলা কোন আছিল?
উত্তৰ:- অমলপ্রভা দাস।

১২৬/ মাদাৰ টেৰেছাই কোন চনত ভাৰতৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৮০ চনত।

১২৭/ আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- দীননাথ শৰ্মা।

১২৮/ বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ কেতিয়া স্থাপন হৈছিল?
উত্তৰ:- ২০০৩ চনত।

১২৯/ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত?
উত্তৰ:- নীলাচল পাহাৰত।

১৩০/ অসমৰ কোনখন ঠাইক "মানচেষ্টাৰ অৱ আছাম" বুলি কোৱা হয়?
উত্তৰ:- শুৱালকুচি।

১৩১/ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি?
উত্তৰ:- অসম চিকিৎসা মহাবিদ্যালয়।(৩ নৱেম্বৰ, ১৯৪৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল) ।

১৩২/ অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৭৯ চনত।

১৩৩/ অসমীয়া নাট্য সাহিত্যৰ জনক কোন?
উত্তৰ:- শংকৰদেৱ।

১৩৪/ অসমীয়া ভাষাত ৰচিত প্ৰথম আলোচনীখনৰ নাম কি?
উত্তৰ:- অৰুণোদই। (১৮৪৬ চন)

১৩৫/ শ্ৰীসূৰ্য্য পাহাৰ ক'ত অৱস্থিত?
উত্তৰ:- গোৱালপাৰা।

১৩৬/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি আছিল?
উত্তৰ:- বনফুল (যতীন্দ্ৰ নাথ দুৱৰা, ১৯৫৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ) ।

১৩৭/ মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৭ বাৰ।

১৩৮/ 'অগ্নিকবি' বুলি কোনজন কবিক জনা যায়?
উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য্য।

১৩৯/ অসমৰ কোনখন ঠাইক 'অসমৰ সাংস্কৃতিক ৰাজধানী' বুলি কোৱা হয়?
উত্তৰ:- যোৰহাট।

১৪০/ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৭০ চনত।

১৪১/ হস্তীবিদ্যাৰ্ণৱ পুথি কাৰ দিনত আৰু কোনে লিখিছিল?
উত্তৰ:- স্বৰ্গদেউ শিৱসিংহৰ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাইথে ১৭৩৪ খ্ৰীষ্টাব্দত ৰচনা কৰিছিল।

১৪২/ তিস্তা নদীৰ লগত সংযোগ হোৱাৰ পাছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়?
উত্তৰ:- যমুনা।

১৪৩/ প্ৰত্যেক বছৰে অসমৰ কোন জিলাত জোন বিল মেলা অনুষ্ঠিত হয়?
উত্তৰ:- মৰিগাঁও।

১৪৪/ কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীৰ দিছ্পুৰলৈ নিয়া হৈছিল?
উত্তৰ:- ১৯৭৩ চনত।

১৪৫/ চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ:- অঘৰী আত্মাৰ কাহিনী (১৯৭২) ।

১৪৬/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- শিৱসাগৰ (১৯১৭ চনত) ।

১৪৭/ উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে?
উত্তৰ:- শ্বিলং।

১৪৮/ কেতিয়া বিশ্ব গঁড় দিৱস পালন কৰা হয়?
উত্তৰ:- ২২ ছেপ্টেম্বৰত।

১৪৯/ কোনজন অসমৰ ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল?
উত্তৰ:- ছাৰ চৈয়দ মহম্মদ ছাদুল্লা।

১৫০/ অসমৰ কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:- মাজুলী।

১৫১/ ২০২৪ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বটাঁ কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল?  
উত্তৰ:- আদিল হুছেইন।

স্বাস্থ্য সম্পৰ্কীয় কিছু জানিবলগীয়া কথা:-

BMI ৰ Full Form কি?
উত্তৰ:- Body Mass Index

HIV ৰ Full form কি?
উত্তৰ:- Human immunodeficiency virus

MRI ৰ Full form কি?
উত্তৰ:- Magnetic Resonance Imaging

O.P.D. ৰ Full form কি?
উত্তৰ:- Out Patient Department

HCU ৰ Full form কি?
উত্তৰ:- High Care Unit

I.C.U. ৰ Full form কি?
উত্তৰ:- Intensive Care Unit

BP ৰ Full form কি?
উত্তৰ:- Blood Pressure

MR ৰ Full form কি?
উত্তৰ:- Medical Representative

MBBS ৰ Full form কি?
উত্তৰ:- Bachelor of Medicine and Bachelor of Surgery

O.T. ৰ Full form কি?
উত্তৰ:- Operation Theatre

ADHD ৰ Full form কি?
উত্তৰ:- Attention Deficit Hyperactivity Disorder

AIDS ৰ Full form কি?
উত্তৰ:- Acquired Immune Deficiency Syndrome

CT SCAN ৰ Full form কি?
উত্তৰ:- Computed Tomography Scan

ICCU ৰ Full form কি?
উত্তৰ:- Intensive Coronary Care Unit
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব