১/ শিশু দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- শিশু দিৱস ১৪ নৱেম্বৰ তাৰিখে পালন কৰা হয় (ভাৰতত) আৰু সমগ্র বিশ্বতে ২০ নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয়।
২/ ভাৰতৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- নতুন দিল্লী।
৩/ বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন?
উত্তৰ:- শ্ৰী শক্তিকান্ত দাস, আই এ এছ / Shri Shaktikanta Das, IAS. ।
৪/ ভাৰতৰ জাতীয় পতাকাৰ ৰং কেইটা আৰু কি কি?
উত্তৰ:- ভাৰতৰ জাতীয় পতাকাৰ ৰং তিনিটা। সেই কেইটা হ'ল - গেৰুৱা, বগা আৰু সেউজীয়া।
৫/ ভাৰতৰ জাতীয় পতাকাৰ অশোক স্তম্ভৰ দণ্ড কেইডাল?
উত্তৰ:- চৌব্বিশডাল (২৪) ।
৬/ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ নাম কি?
উত্তৰ:- নৰেন্দ্ৰ মোদী। সম্পূৰ্ণ নাম - নৰেন্দ্ৰ দামোদৰদাস মোদী (Narendra Damodardas Modi) ।
৭/ ভাৰতৰ গৃহ মন্ত্ৰীৰ নাম কি?
উত্তৰ:- অমিত শ্বাহ। সম্পূৰ্ণ নাম - অমিত অনিলচন্দ্ৰ শ্বাহ (Amit Anil Chandra Shah) ।
৮/ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা?
উত্তৰ:- ত্রিৰঙ্গা।
৯/ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক?
উত্তৰ:- অশোক স্তম্ভ।
১০/ ভাৰতৰ ৰাষ্ট্ৰীয় ফল?
উত্তৰ:- আম।
১১/ অসমৰ ৰাজ্যিক ভাষা কি?
উত্তৰ:- অসমীয়া।
১২/ বৰ্তমান অসমৰ কৃষি মন্ত্ৰী কোন?
উত্তৰ:- অতুল বৰা।
১৩/ বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰী কোন?
উত্তৰ:- চন্দ্ৰ মোহন পাটোৱাৰী।
১৪/ বৰ্তমান অসমৰ বিত্ত মন্ত্ৰী কোন?
উত্তৰ:- অজন্তা নেওঁগ।
১৫/ বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী কোন?
উত্তৰ:- কেশৱ মহন্ত।
১৬/ বৰ্তমান অসমৰ যোগান মন্ত্ৰী কোন?
উত্তৰ:- ৰঞ্জিত কুমাৰ দাস।
১৭/ বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰীৰ নাম কি?
উত্তৰ:- ৰনোজ পেগু।
১৮/ ঋতু কেইটা আৰু কি কি?
উত্তৰ:- ঋতু ছয়টা (৬) । সেই কেইটা হ'ল - গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।
১৯/ অসমৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- দিছপুৰ।
২০/ বৰ্তমান অসমৰ বিধান সভাৰ অধ্যক্ষ কোন?
উত্তৰ:- বিশ্বজিৎ দৈমাৰী।
২১/ বংশগতিৰ এককটোৰ নাম কি?
উত্তৰ:- জিন।
২২/ মহাদেশ কেইখন আৰু কি কি?
উত্তৰ:- মহাদেশ সাত খন (৭) । সেই কেইখন হ'ল - এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া, এণ্টাৰ্কটিকা মহাদেশ।
২২/ মহাসাগৰ কেইখন আৰু কি কি?
উত্তৰ:- মহাসাগৰ পাঁচ খন (৫) । সেই কেইখন হ'ল - প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ।
২৩/ টেনিছ খেলৰ জন্মস্থান ক'ত?
উত্তৰ:- ফ্ৰান্সত।
২৪/ আধুনিক কম্পিউটাৰৰ জনক কোন?
উত্তৰ:- চাৰ্লছ বেবেজ।
২৫/ ভাৰতৰ বৃহত্তম মছজিদটোৰ নাম কি?
উত্তৰ:- জামা মছজিদ, দিল্লী।
২৬/ বেদ কেইখন আৰু কি কি?
উত্তৰ:- বেদ চাৰি খন (৪) । সেই কেইখন হ'ল - ঋক, যজু, সাম, আৰু অথৰ্ব।
২৭/ স্বৰ বৰ্ণ কেইটা?
উত্তৰ:- ১১ টা।
২৮/ ব্যঞ্জন বৰ্ণ কেইটা?
উত্তৰ:- ৪১ টা।
২৯/ বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম কি?
উত্তৰ:- জ' বাইডেন।
৩০/ প্ৰথমে কৰণা ভাইৰাছ ক'ত উদ্ভৱ হৈছিল?
উত্তৰ:- উহান, চীন।
৩১/ বাণ ৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল?
উত্তৰ:- অনিৰুদ্ধই।
৩২/ প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- নতুন দিল্লীত, ১৯৫১ চনত।
৩৩/ ৰেখা কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ:- ৰেখা ২ প্ৰকাৰৰ। সৰল ৰেখা আৰু বক্র ৰেখা।
৩৪/ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী অসম কন্যাৰ নাম কি আছিল?
উত্তৰ:- লাভলীনা বৰগোহাঁই।
৩৫/ দেশভক্ত বুলি কাক জনা যায়?
উত্তৰ:- তৰুণৰাম ফুকন।
৩৬/ গীতিকবি বুলি কাক জনা যায়?
উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা।
৩৭/ কলাগুৰু বুলি কাক জনা যায়?
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।
৩৮/ ৰূপকোঁৱৰ বুলি কাক জনা যায়?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।
৩৯/ বৰ্তমান অসমৰ জিলা কেইখন?
উত্তৰ:- ৩৫ খন।
৪০/ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন?
উত্তৰ:- ড° হিমন্ত বিশ্ব শৰ্মা।
৪১/ বৰ্তমান অসমৰ মাটিকালি কিমান?
উত্তৰ:- ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।
৪২/ কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল?
উত্তৰ:- ডিমাপুৰ।
৪৩/ অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি আছিল?
উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা।
৪৪/ বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিৰ নাম কি?
উত্তৰ:- ড° সূৰ্যকান্ত হাজৰিকা।
৪৫/ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য খনৰ নাম কি?
উত্তৰ:- অৰুণাচল প্ৰদেশ।
৪৬/ অজগৰ কোন গৰাকী অসমীয়া সাহিত্যিকৰ ছদ্ম নাম?
উত্তৰ:- চৈয়দ আব্দুল মালিক।
৪৭/ নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ:- কাৰ্বি আংলং জিলাত অৱস্থিত।
৪৮/ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে?
উত্তৰ:- ডিব্ৰুগড় জিলাত আছে। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় "অসম চিকিৎসা মহাবিদ্যালয়" ৩ নৱেম্বৰ, ১৯৪৭ চনত স্থাপন কৰা হৈছিল।
৪৯/ অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে?
উত্তৰ:- ৰহা।
৫০/ ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত।
৫১/ প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল?
উত্তৰ:- প্ৰাগজ্যোতিষপুৰ।
৫২/ ড° ভূপেন হাজৰিকাক কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল?
উত্তৰ:- আনন্দচন্দ্ৰ বৰুৱা।
৫৩/ গুৱাহাটীত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি?
উত্তৰ:- অসম মিহিৰ (Assam Mihir) ।
৫৪/ কোনখন নগৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়?
উত্তৰ:- যোৰহাট জিলা।
৫৫/ অসমৰ ক'ত একমাত্ৰ সাৰ কাৰখানাটো আছে?
উত্তৰ:- নামৰূপ।
৫৬/ অসমৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম কি?
উত্তৰ:- বৰাইল পৰ্বত (Borail Range) ।
৫৭/ প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল?
উত্তৰ:- হেম সৰস্বতী।
৫৮/ বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
৫৯/ গোপীনাথ বৰদলৈয়ে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৯৯ চনত।
৬০/ আহোম ৰাজ্যত কোনে পাইক প্ৰথা প্ৰচলন কৰিছিল?
উত্তৰ:- মোমাই তামূলী বৰবৰুৱা।
৬১/ কোনজন আহোম ৰজাৰ ৰাজত্ব কালত পাইক প্ৰথা প্ৰচলন হৈছিল?
উত্তৰ:- প্ৰতাপ সিংহ।
৬২/ কোনজন শাসক চিলাৰায় নামেৰে পৰিচিত আছিল?
উত্তৰ:- শুক্লধ্বজ।
৬৩/ প্ৰাচীন মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত?
উত্তৰ:- তেজপুৰ।
৬৪/ ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিল?
উত্তৰ:- ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল।
৬৫/ ১৮৮৪ চনত যোৰহাট সাৰ্বজনিক সভা কোনে গঠন কৰিছিল?
উত্তৰ:- জগন্নাথ বৰুৱা।
৬৬/ বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- ৱাশ্বিংটন ডি.চি (আমেৰিকা) [Washington DC, United States.]
৬৭/ ১৯০৩ চনত অসম এছ'চিয়েচন কোনে গঠন কৰিছিল?
উত্তৰ:- মাণিক চন্দ্ৰ বৰুৱা।
৬৮/ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ঘন বসতিৰ ৰাজ্য খনৰ নাম কি?
উত্তৰ:- অসম।
৬৯/ উত্তৰ পূব ভাৰতৰ আটাইতকৈ পাতল বসতিৰ ৰাজ্য খনৰ নাম কি?
উত্তৰ:- অৰুণাচল প্ৰদেশ।
৭০/ মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:- ৮ ছেপ্টেম্বৰ, ২০১৬ চনত।
৭১/ কোনখন ঠাইক "স্কট লেণ্ড অফ দ্যা ইষ্ট" [scotland of the east] বুলি কোৱা হয়?
উত্তৰ:- শ্বিলং।
৭২/ হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যৰ জাতীয় উৎসৱ?
উত্তৰ:- নাগালেণ্ড।
৭৩/ প্ৰথম অসমীয়া সামাজিক নাটক খনৰ নাম কি?
উত্তৰ:- ৰাম নৱমী (গুণাভিৰাম বৰুৱা)।
৭৪/ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?
উত্তৰ:- দৈনিক বাতৰি।
৭৫/ ২০২১ বৰ্ষত জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া ভাষাৰ কবি, অধ্যাপক, কলা-সমালোচক, সাহিত্যিক জনৰ নাম কি?
উত্তৰ:- নীলমণি ফুকন। নীলমণি ফুকন জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয় জন অসমীয়া ব্যক্তি। [জ্ঞানপীঠ বঁটা লাভ কৰিছিল প্ৰথমে ১৯৭৯ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য - 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে। দ্বিতীয়তে - ২০০০ চনত মামণি ৰয়ছম গোস্বামী, তৃতীয়তে ২০২১ চনত নীলমণি ফুকন দেৱে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
৭৬/ অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ কৰা হয়?
উত্তৰ:- ২০০১ চনত।
৭৭/ অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি জনৰ নাম কি আছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা। (১৯৬৬)
৭৮/ অভিৰুচি দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ৩ ছেপ্টেম্বৰ তাৰিখে অভিৰুচি দিৱস পালন কৰা হয়।
৭৯/ কোনজন আহোম ৰজা বামুণী কোঁৱৰ নামেৰেও জনাজাত আছিল?
উত্তৰ:- চুডাংফা।
৮০/ অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত কোন হৈছিল?
উত্তৰ:- শৰিশংকৰ ব্ৰহ্ম।
৮১/ উত্তৰ পূব সীমান্ত ৰেলৱেৰ (NFR - North East Frontier Railway) মুখ্য কাৰ্যালয় ক'ত আছে?
উত্তৰ:- মালিগাঁও, গুৱাহাটী।
৮২/ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ কিমানতম ৰাষ্ট্ৰীয় উদ্যান?
উত্তৰ:- সপ্তম।
৮৩/ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
উত্তৰ:- জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। (১৯৩৬) [Jim Corbett National Park]
৮৪/ অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯১৭ চনত।
৮৫/ প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি আছিল?
উত্তৰ:- জয়মতী।
৮৬/ দ্বিতীয় অসমীয়া বোলছবি খনৰ নাম কি আছিল?
উত্তৰ:- ইন্দ্ৰমালতী।
৮৭/ প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
উত্তৰ:- ভানুমতী। (১৮৯০) পদ্মনাথ গোহাঞি বৰুৱা।
৮৮/ অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধান খনৰ নাম কি?
উত্তৰ:- চন্দ্ৰকান্ত অভিধান। (১৯৩৩)
৮৯/ ইটাখুলি যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৬৮২ চনত।
৯০/ ৰাজ্য সভালৈ অসমৰ পৰা কিমানজন সদস্য নিৰ্বাচিত কৰা হয়?
উত্তৰ:- ৭ জন।
৯১/ কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত।
৯২/ অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।
৯৩/ অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায়?
উত্তৰ:- ভট্টদেৱ।
৯৪/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি আছিল?
উত্তৰ:- ইয়াৰুইঙ্গম (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) ১৯৬১ চনত বঁটা লাভ কৰে।
৯৫/ মাউন্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল?
উত্তৰ:- তৰুণ শইকীয়া।
৯৬/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন?
উত্তৰ:- মৃত্যুঞ্জয়। (১৯৭৯) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৯৭/ নামদাঙৰ শিলৰ সাঁকো কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৭০৩ চনত।
৯৮/ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা (NEFA) বুলি জনা গৈছিল?
উত্তৰ:- অৰুণাচল প্ৰদেশ।
৯৯/ NEFA ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- North-East Frontier Agency.
১০০/ ভাৰতৰ আটাইতকৈ বেছি বৰষুণ কোন ঠাইত হয়?
উত্তৰ:- মৌছিনৰাম (Mawsynram) । { Māwsynrām
Town in Meghalaya }
১০১/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ:- ৩.১১ কোটি। (৩১,১৬৯২৭২) ।
১০২/ বৰদলৈ ট্ৰফী কিমান চনত আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ১৯৫২ চনত।
১০৩/ কোনজন ৰাজনীতিকক অসমৰ লৌহ মানৱ বুলি কোৱা হয়?
উত্তৰ:- বিষ্ণুৰাম মেধি।
১০৪/ কোনজন ভাইচৰয়ে ১৯০৫ চনত বংগৰ পূবৰ জিলা সমূহ অসমৰ অন্তৰ্গত কৰিছিল?
উত্তৰ:- লৰ্ড কাৰ্জন। (Lord Curzon)
১০৫/ নোবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম কি?
উত্তৰ:- ছুইডেন।
১০৬/ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- জেনেভা (ছুইজাৰলেণ্ড)। (Geneva, Switzerland)
১০৭/ অসমক কেতিয়া বংগৰ পৰা পৃথক কৰি এখন মুখ্য আয়োগৰ অন্তৰ্ভুক্ত কৰা হৈছিল?
উত্তৰ:- ১৮৭৪ চনত। (1874)
১০৮/ অসমৰ প্ৰথম সাপ্তাহিক ইংৰাজী বাতৰি কাকত "দ্যা টাইমছ অফ আছাম" (The Times of Assam) কিমান চনত ছপা হৈছিল?
উত্তৰ:- ১৮৯৫ চনত। (1895)
১০৯/ অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম অলিম্পিয়ান জন কোন?
উত্তৰ:- দীপাংকৰ ভট্টাচাৰ্য। (Dipankar Bhattacharjee)
১১০/ ইউনেস্কোৰ (UNESCO) দ্বাৰা কেতিয়া কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:- ১৯৮৫ চনত। (UNESCO → United Nations Educational, Scientific and Cultural Organization)
১১১/ প্ৰথম অসমীয়া উপন্যাস ভানুমতী কোনখন আলোচনীত প্ৰকাশ হৈছিল?
উত্তৰ:- বিজুলী।
১১২/ জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।
১১৩/ অসমৰ প্ৰথম ছপাশাল ক'ত স্থাপন কৰা হৈছিল?
উত্তৰ:- শিৱসাগৰ।
১১৪/ যাদৱ পায়েং দেৱে অকলে বনোৱা হাবি খনৰ নাম কি?
উত্তৰ:- মোলাই কাঠনি (Molai forest)।
১১৫/ কছাৰী ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল?
উত্তৰ:- ডিমাপুৰ।
১১৬/ টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯১১ চনত।
১১৭/ কোনখন চুক্তিৰ দ্বাৰা অসমত বাৰ্মিজ শাসনৰ অন্ত পৰিছিল?
উত্তৰ:- Treaty of Yandaboo. (১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।)
১১৮/ অসমৰ ৰাজ্যিক পক্ষী কি (জাতীয় পক্ষী) ?
উত্তৰ:- দেওহাঁহ।
১১৯/ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোন ঠাইত আছে?
উত্তৰ:- জাগীৰোড।
১২০/ ঢলা-শদিয়া দলং (ড৹ ভূপেন হাজৰিকা সেতু)ৰ দৈঘ্য কিমান?
উত্তৰ:- ৯.১৫ কিলোমিটাৰ।
১২১/ ভাৰতৰ কোনখন ৰাজ্যক সূৰ্যোদয়ৰ ভূমি (Land of sunrise) বুলি কোৱা হয়?
উত্তৰ:- অৰুণাচল প্ৰদেশ।
১২২/ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১ এপ্ৰিল, ১৯৬৯ চনত।
১২৩/ শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:- ১০ ডিচেম্বৰত।
১২৪/ অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ:- আৰ. এফ. লজ. (Sir R.F. Lodge) ।
১২৫/ পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথম মহিলা কোন আছিল?
উত্তৰ:- অমলপ্রভা দাস।
১২৬/ মাদাৰ টেৰেছাই কোন চনত ভাৰতৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৮০ চনত।
১২৭/ আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:- দীননাথ শৰ্মা।
১২৮/ বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ কেতিয়া স্থাপন হৈছিল?
উত্তৰ:- ২০০৩ চনত।
১২৯/ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত?
উত্তৰ:- নীলাচল পাহাৰত।
১৩০/ অসমৰ কোনখন ঠাইক "মানচেষ্টাৰ অৱ আছাম" বুলি কোৱা হয়?
উত্তৰ:- শুৱালকুচি।
১৩১/ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি?
উত্তৰ:- অসম চিকিৎসা মহাবিদ্যালয়।(৩ নৱেম্বৰ, ১৯৪৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল) ।
১৩২/ অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৭৯ চনত।
১৩৩/ অসমীয়া নাট্য সাহিত্যৰ জনক কোন?
উত্তৰ:- শংকৰদেৱ।
১৩৪/ অসমীয়া ভাষাত ৰচিত প্ৰথম আলোচনীখনৰ নাম কি?
উত্তৰ:- অৰুণোদই। (১৮৪৬ চন)
১৩৫/ শ্ৰীসূৰ্য্য পাহাৰ ক'ত অৱস্থিত?
উত্তৰ:- গোৱালপাৰা।
১৩৬/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি আছিল?
উত্তৰ:- বনফুল (যতীন্দ্ৰ নাথ দুৱৰা, ১৯৫৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ) ।
১৩৭/ মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৭ বাৰ।
১৩৮/ 'অগ্নিকবি' বুলি কোনজন কবিক জনা যায়?
উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য্য।
১৩৯/ অসমৰ কোনখন ঠাইক 'অসমৰ সাংস্কৃতিক ৰাজধানী' বুলি কোৱা হয়?
উত্তৰ:- যোৰহাট।
১৪০/ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৭০ চনত।
১৪১/ হস্তীবিদ্যাৰ্ণৱ পুথি কাৰ দিনত আৰু কোনে লিখিছিল?
উত্তৰ:- স্বৰ্গদেউ শিৱসিংহৰ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাইথে ১৭৩৪ খ্ৰীষ্টাব্দত ৰচনা কৰিছিল।
১৪২/ তিস্তা নদীৰ লগত সংযোগ হোৱাৰ পাছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়?
উত্তৰ:- যমুনা।
১৪৩/ প্ৰত্যেক বছৰে অসমৰ কোন জিলাত জোন বিল মেলা অনুষ্ঠিত হয়?
উত্তৰ:- মৰিগাঁও।
১৪৪/ কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীৰ দিছ্পুৰলৈ নিয়া হৈছিল?
উত্তৰ:- ১৯৭৩ চনত।
১৪৫/ চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ:- অঘৰী আত্মাৰ কাহিনী (১৯৭২) ।
১৪৬/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- শিৱসাগৰ (১৯১৭ চনত) ।
১৪৭/ উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে?
উত্তৰ:- শ্বিলং।
১৪৮/ কেতিয়া বিশ্ব গঁড় দিৱস পালন কৰা হয়?
উত্তৰ:- ২২ ছেপ্টেম্বৰত।
১৪৯/ কোনজন অসমৰ ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল?
উত্তৰ:- ছাৰ চৈয়দ মহম্মদ ছাদুল্লা।
১৫০/ অসমৰ কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:- মাজুলী।
১৫১/ ২০২৪ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বটাঁ কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল?
উত্তৰ:- আদিল হুছেইন
- স্বাস্থ্য সম্পৰ্কীয় কিছু জানিবলগীয়া কথা:-
BMI ৰ Full Form কি?
উত্তৰ:- Body Mass Index
HIV ৰ Full form কি?
উত্তৰ:- Human immunodeficiency virus
MRI ৰ Full form কি?
উত্তৰ:- Magnetic Resonance Imaging
O.P.D. ৰ Full form কি?
উত্তৰ:- Out Patient Department
HCU ৰ Full form কি?
উত্তৰ:- High Care Unit
I.C.U. ৰ Full form কি?
উত্তৰ:- Intensive Care Unit
BP ৰ Full form কি?
উত্তৰ:- Blood Pressure
MR ৰ Full form কি?
উত্তৰ:- Medical Representative
MBBS ৰ Full form কি?
উত্তৰ:- Bachelor of Medicine and Bachelor of Surgery
O.T. ৰ Full form কি?
উত্তৰ:- Operation Theatre
ADHD ৰ Full form কি?
উত্তৰ:- Attention Deficit Hyperactivity Disorder
AIDS ৰ Full form কি?
উত্তৰ:- Acquired Immune Deficiency Syndrome
CT SCAN ৰ Full form কি?
উত্তৰ:- Computed Tomography Scan
ICCU ৰ Full form কি?
উত্তৰ:- Intensive Coronary Care Unit
লগতে চাওক -
Tags:
জানিবলগীয়া কিছু কথা