ASSAM COVID19 SOP DATED-12/05/2021



- দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ ঘোষণা
- দিনৰ ১ বজাৰ পৰা দোকান-পোহাৰ বন্ধ
- সাপ্তাহিক হাট-বজাৰ ১৫ দিনৰ বাবে নিষিদ্ধ
- ৰেষ্টুৰেণ্ট, হোটেল, ৰিজৰ্টত ১ বজাৰৰ পিছত বাহিৰৰ গ্ৰাহকৰ প্ৰবেশ নিষিদ্ধ
- ১৫ দিনৰ বাবে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় বন্ধ
- সকলো শিক্ষানুষ্ঠান ১৫ দিনৰ বাবে বন্ধ ঘোষণা
- বিবাহ, ধৰ্মীয় অনুষ্ঠানত মাত্ৰ ১০জন লোকৰহে অনুমতি
- পাতিব নোৱাৰিব কোনো ধৰণৰ অভ্যৰ্থনা অনুষ্ঠান
- শেষকৃত্য অনুষ্ঠানত কেৱল ১০জন লোকৰ উপস্থিতিতহে অনুমতি
- সকলো ধমীয় স্থান ১৫ দিনৰ বাবে বন্ধ
- সকলো ৰাজহুৱা পৰিবহণত মাত্ৰ ৩০ শতাংশ যাত্ৰীৰহে অনুমতি
- মহিলা আৰু শিশুৰ বাদে দুচকীয়া বাহনত দুজন উঠা নিষিদ্ধ
- কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ'ব নতুন কোভিড SOP
- ই-কমাৰ্চৰ হোম ডেলিভাৰী অব্যাহত থাকিব
- পুৱা ৫-২ বজালৈ বাহনত চলাচলত যুগ্ম, অযুগ্ম নীতি প্ৰযোজ্য হ’ব
- স্বাস্থ্যজনিত কাৰণত অহা-যোৱা কৰা ব্যক্তিগত বাহনত এই নীতি নাথাকিব
- এই নতুন SOP বলৱত্ হোৱাৰ সময়ত অধিক কঠোৰ হ'ব আৰক্ষী
- সাৱধানবাণী শুনাই দিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই
- "অনাহকত ঘূৰি ফুৰিলে অফিচাৰকো ৰেহাই দিয়া নহ'ব'
- “গোপনে পাৰ্টি, ফাংছন পাতিলে ৰুজু হ'ব হত্যাৰ গোচৰ'
- "কোভিড ৰোগীৰ সংখ্যা ৫ শতাংশ হ’লেই হ'ব কণ্টেইনমেণ্ট জ'ন’

 যুগ্ম-অযুগ্ম পদ্ধতিত যান-বাহন চলাচলৰ ক্ষেত্ৰত ১৩ মে' বৃহস্পতিবাৰে চলিব অযুগ্ম নম্বৰৰ বাহন, ১৪ মে'ত শুক্ৰবাৰে চলিব যুগ্ম নম্বৰৰ বাহন, এনেকৈ যুগ্ম-অযুগ্ম পদ্ধতিত যান-বাহন চলাচলৰ নিৰ্দেশ।




Post a Comment

Previous Post Next Post