১/ অৰ্থনৈতিক ভূগোল কাক বোলে?
উত্তৰ:- ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম প্ৰধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে।
২/ নৱীকৰণৰযোগ্য আৰু অনৱীকৰণৰযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰ:- পৃথিৱীত উপলভ্য প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে শেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণৰযোগ্য বা পুনঃপূৰ্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়। যেনে - সূৰ্য্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।
আনহাতে, যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে। যেনে - কয়লা, খনিজ তেল, খনিজ পদাৰ্থ (তাম, সোণ, চূণশিল, লো, ৰূপ আদি), প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।
৩/ প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰ:- যিবোৰ সম্পদ যেনে - সূৰ্য্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়। প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়।
৪/ মানৱ-সৃষ্ট সম্পদ কাক বোলে?
উত্তৰ:- প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহৰ পৰা যেনে - বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰৱৰ, মম আদি, গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী আদিৰ কথা ক'ব পাৰি। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱ সৃষ্ট সম্পদ বোলা হয়।
৫/ মানৱ সম্পদ কাক বোলে?
উত্তৰ:- প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা,শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকৰ্তা। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দেশবোৰ প্ৰয়োজনীয় বহু প্ৰাকৃতিক সম্পদ তথা উদ্যোগৰ বাবে প্ৰয়োজনীয় নিজা কেঁচা সামগ্ৰীৰ অভাৱতো আজি পৃথিৱীৰ একো একোখন অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হৈছে।
৬/ ব্যক্তিগত সম্পদ কাক বোলে?
উত্তৰ:- মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে - ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।
৭/ জাতীয় সম্পদ কাক বোলে?
উত্তৰ:- এখন দেশৰ তত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে - ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।
৮/ আন্তৰ্জাতিক বা বিশ্ব সম্পদ কাক বোলে?
উত্তৰ:- সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে - সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ু-মণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলা হয়।
৯/ সম্পদ সংৰক্ষণ কাক বোলে?
উত্তৰ:- সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা কাৰ্যকে নুবুজায়। উদাহৰণস্বৰূপে - খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।
১০/ চিৰ বিৰাজমান সম্পদ কাক বোলে?
উত্তৰ:- প্ৰাকৃতিক সম্পদবোৰ কিছুমান যেনে - সূৰ্য্যৰ ৰশ্মি, বায়ু, পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য। এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলে।
১১/ স্থানিক সম্পদ কাক বোলে?
উত্তৰ:- প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰক স্থানিক সম্পদ বোলা হয়। যেনে - কয়লা, পেট্ৰ'লিয়াম, লো, ইউৰেণিয়াম আদি বিভিন্ন খনিজ পদাৰ্থ, উদ্ভিদ শ্ৰেণী, শস্য ইত্যাদি।
১২/ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে?
উত্তৰ:- সম্পদ পৰিৱৰ্তনশীল। আজি এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সমগ্ৰীয়েই মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনোধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়।
১৩/ প্ৰতিৰোধক কাক বোলে?
উত্তৰ:- যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। যেনে - অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোটা প্ৰতিৰোধক।
১৪/ জীৱীয় আৰু অজীৱীয় সম্পদ কাক বোলে?
উত্তৰ:- প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে। উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। আনহাতে, মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি অজীৱীয় সম্পদ। (কিন্তু জানিবলগীয়া কথা যে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰ পৰা জীৱীয় মূলৰ। কিন্তু বৰ্তমান অৱস্থাত নিৰ্জীৱ হোৱা বাবে এইবোৰক অজীৱীয় সম্পদৰ শ্ৰেণীত ধৰা হয়।)
১৫/ প্ৰাথমিক বৃত্তি কাক বোলে?
উত্তৰ:- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। যেনে - কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
১৬/ দ্বিতীয়ক বৃত্তি কাক বোলে?
উত্তৰ:- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে - শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।
১৭/ তৃতীয়ক বৃত্তি কাক বোলে?
উত্তৰ:- যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে - যাতায়ত, বজাৰ, পৰিবহন, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ।
১৮/ চতুৰ্থক বৃত্তি কাক বোলে?
উত্তৰ:- যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সূচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে। যেনে - বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা - গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।
RibbuL Hussain
ReplyDeleteHi
ReplyDeleteHello
Delete