Godaddy ৰ পৰা Domain Name কেনেকৈ কিনিব আৰু গুগল ব্লগাৰত Godaddy ৰ Custom Domain Name কেনেকৈ সংযোগ কৰিব

Godaddy ৰ পৰা ডোমেইন Name কেনেকৈ কিনিব আৰু গুগল ব্লগাৰত Godaddy ৰ Custom ডোমেইন Name কেনেকৈ সংযোগ কৰিব


Godaddy কি ?

Godaddy হৈছে আমেৰিকান ব্যৱসায়িক ইণ্টাৰনেট সংস্থা, যত Web Hosting আৰু Domain পঞ্জীয়ন কৰা হয়। Godaddy ৰ মুখ্য কাৰ্যালয় স্কটসডেল, আৰিজনা আৰু দেলাওৱাৰেত অন্তৰ্ভুক্ত কৰা হৈছে। ২০১৯ চনৰ মাৰ্চ পৰ্যন্ত Godaddy ৰ বিশ্বব্যাপী ১৮.৫ মিলিয়ন গ্ৰাহক আৰু ৯,০০০ কৰ্মচাৰী আছে।

Domain Name কি ?

Domain Name হৈছে এক চিনাক্তকৰণ প্ৰক্ৰিয়া, যত কৰ্তৃত্ব প্ৰদান কৰা হয় আৰু ইণ্টাৰনেটত নিয়ন্ত্ৰণত ৰখা হয়। Domain Name নিৰ্দিষ্ট নামকৰণৰ উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। Domain Name চিনাক্ত কৰা হয় এটি Network Domain, Internet Protocol ৰ যোগেদি। চমুকৈ কবলৈ গলে Web Hosting এটা Domain Name ৰ যোগেদি ইণ্টাৰনেটত তথ্য যোগান, আদান-প্ৰদান কৰা হয়। ২০১৭ চন পৰ্যন্ত ৩৩০.৬ মিলিয়ন Domain Name পঞ্জীয়ন কৰা হৈছে।

কেইটামান Domain Name হৈছে - 

.com - ব্যৱসায়িক
.org - সংগঠন
.net - নেটৱৰ্ক
.edu - শিক্ষা



Godaddy ৰ পৰা Domain Name কেনেকৈ কিনিব ?

Step 1 - প্ৰথমে Godaddy official ৱেবছাইট https://in.godaddy.com ত Visit কৰি Sign in ক্লিক কৰি new customer ত create a my account ত ক্লিক কৰিব। নতুন godaddy account ফেচবুক, গুগল একাউণ্টৰ পৰাও খুলিব পাৰিব অন্যথা ই-মেইল, User Name, password দি Godaddy Create Account কৰিব।


             
Step 2 - তাৰ পিছত Domains ত Search for a new domain ত আপোনাৰ প্ৰয়োজনীয় domain name search কৰি domain extensions যি লাগে যেনে .com, .in, .org, .net আদি বাচি add to cart কৰিব।


Step 3 - add to cart কৰা পিছত 1 domain selected বুলি দেখাব, continue to cart ক্লিক কৰিব।


Step 4 - (a) Domain Name ৰ সৈতে মিলা professional ই-মেইল লব পাৰে ২৯ টকা/মাহেকীয়া দি বা No Thanks ক্লিক কৰিব পাৰে।

(b) Linux Web Hosting লব পাৰে যদিহে WordPress বা অন্যান্য Web Hosting প্ৰয়োজন হোৱা ৱেবচাইট খুলিবলৈ হলে। 


Linux Web Hosting ৰ প্লেন বোৰ হল - 


যদিহে গুগল ব্লগাৰৰ বাবে Custom Domain Name লব বিচাৰিছে তেন্তে Linux Web Hosting Options ত No Thanks ক্লিক কৰিব।

Step 5 - ত Continue to cart ক্লিক কৰিব।

Step 6 - ত Billing Information দিব

তাৰ পিছত Save কৰিব।

Step 7 - Billing Information Save কৰা পিছত Payment Options আহিব


Payment দিয়াৰ পিছত সেই নিৰ্দিষ্ট Domain Name আপোনাৰ হৈ যাব।



গুগল ব্লগাৰত Godaddy ৰ Custom Domain Name কেনেকৈ সংযোগ কৰিব ?

Step 1 - গুগল ব্লগাৰত থকা ব্লগৰ Setting Options ত ক্লিক কৰি Basic ত Blog Address ত Subdomain name ৰ তলত থকা + set up a third party URL for your blog ত ক্লিক কৰিব।

Step 2 - Third party domain setting ত http:// .............. (বক্সত) Godaddy ৰ পৰা ক্ৰয় কৰা Domain name দি দিব, তাৰ পিছত Save option ত ক্লিক কৰি দিব।

Step 3 - তাৰ পিছত আপুনি দিয়া Domain name ৰ তলত we have not been able to verify your authority to this domain বুলি ওলাব, Domain Verify কৰিবলৈ কৈছে, তাৰ বাবে Godaddy Domain Name ৰ DNS setting ত গৈ CNAME ত দুটা Record অন্তৰ্ভুক্ত কৰিব লাগিব।

Step 4 - Godaddy Account লগ ইন কৰি My Products লৈ গৈ কিনি থোৱা Domains ৰ DNS ক্লিক কৰি Records ত ADD ক্লিক কৰি Type select কৰি CNAME options ক্লিক কৰি - গুগল ব্লগাৰত Name, Label or Host field আৰু Destination, Target or Points to field ত থকা Record CNAME ত Copy কৰি অন্তৰ্ভুক্ত কৰিব লাগিব।



CNAME ৰ Host ত www আৰু points to ত ghs.google.com দি save কৰিব লাগিব বা কিছুমান domain name ত CNAME ত www পূৰ্বৰে পৰা Domain name ৰ লগতে records থাকে তেতিয়া কেৱল ghs.google.com দি save কৰিব লাগিব।


ব্লগাৰত থকা Second Record প্ৰথম records ADD কৰাৰ দৰে CNAME ত অন্তৰ্ভুক্ত কৰি save কৰিব লাগিব।

Step 5 - তাৰ পিছত ব্লগাৰলৈ আহি save options ত ক্লিক কৰিব, Blog Address ত Domain Name Add হৈ যাব, তাৰ পিছত নতুন Domain name ত Edit option ত ক্লিক কৰি view settings instructions ত ক্লিক কৰিব।


Step 6 - View settings instructions ত ক্লিক কৰাৰ পিছত Set up a custom domain page লৈ আহি step 3 ত Add www. to your domain ত থকা চাৰিটা Google IPs -
● 216.239.32.21
● 216.239.34.21
● 216.239.36.21
● 216.239.38.21 

Godaddy ৰ domain name ৰ DNS setting ত ক্লিক কৰি পুনৰ Records লৈ গৈ ADD options ত ক্লিক কৰি A Record Select কৰি Host ত @ দি points to ত Google IPs point ক্ৰমে 216.239.32.21 দি Save কৰিব লাগিব। A Records ত প্ৰথম এইটোৰ দৰে আটাইকেইটা Google IPs Save কৰিব লাগিব।



Step 7 - তাৰ পিছত Google Blogger লৈ আহি Redirect (আপোনাৰ domain name ex: xyz.com to www.xyz.com ৰ Redirect ক্লিক কৰি Save কৰিব।

Step 8 - ত View Blog ক্লিক কৰি domain name আপোনাৰ গুগল ব্লগাৰৰ সৈতে সংযোগ হল নে পৰীক্ষা কৰিব।

2 Comments

  1. সুন্দৰ লেখনি

    ReplyDelete
    Replies
    1. ধন্যবাদ জনালোঁ ককাইদেউ

      Delete
Previous Post Next Post