অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হল কুলধৰ শইকীয়া

অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আগন্তুক অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশনত  সভাপতিত্ব কৰিব কুলধৰ শইকীয়াই। ভোটগণনা অনুষ্ঠিত হৈছিল হোজাইৰ বাণীকান্ত কাকতি ক্ষেত্ৰৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত। সভাপতিৰ আসনত ৭ জন প্ৰাৰ্থীৰ ভিতৰত জয়ী কুলধৰ শইকীয়া। কুলধৰ শইকীয়াই লাভ কৰা ভোটৰ সংখ্যা সৰ্বমুঠ ২৬৯ টা। কুলধৰ শইকীয়া এগৰাকী সু-সাহিত্যিক, গল্পকাৰ। ২০১৫ চনত সাহিত্য অকাডেমিৰ সন্মান লাভ কৰিছিল। আকাশৰ ছবি আৰু বিভিন্ন গল্পৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমিৰ সন্মান। কুলধৰ শইকীয়া নাট্যকাৰো আছিল। ১৯৮৮ চনত মুনিন বৰকটকী বঁটা, ২০০০ চনত কথা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কুলধৰ শইকীয়া অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপেও দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰে। অসম সাহিত্য সভাৰ ২০২০ বর্ষৰ নৱ নিৰ্বাচিত উপ সভাপতিৰ পদত জয়ী হোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে লাভ কৰে সৰ্বমুঠ ৩০৮ টা ভোট।

Post a Comment

Previous Post Next Post