বিলাহীৰ উপকাৰিতা



১/ বিলাহীত ভিটামিন A, B1, B2, B3, B5, B6, B9, B12, C, D, K থাকে।




২/ বিলাহীত যিহেতু ভিটামিন A থাকে সেয়ে চকুৰ দৃষ্টি শক্তিৰ বাবে অতি উপকাৰী। চকুৰ ৰোগ সমূহ চকুৰ অসুখ, কুকুৰীকণা আদি প্ৰতিৰোধ কৰে।




৩/ বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমাই (JOURNEL OF AMERICAN MEDICAL ASSOCIATION) ।




৪/ বিলাহীত থকা প'টেচিয়ামে ৰক্তচাপ কমাই, প'টেচিয়ামে তেজৰ নলী বহলাই ৰাখে, সেয়ে বিলাহী খালে উচ্চ ৰক্তচাপ (BLOOD PRESSURE) কমাই ।





৫/ বিলাহীত যিহেতু এন্টিঅক্সিডেন্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে সেয়ে চুলিৰ বাবেও উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে।




৬/ বিলাহী খালে তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।




৭/ বিলাহী খালে স্তনৰ কেন্সাৰ প্ৰতিৰোধ, পাকস্থলী, বৃহদান্ত্ৰ, বদহজম, জণ্ডিচ ৰোগ আৰু ছালৰ খজুৱতি দূৰ কৰে।




৮/ বিলাহী খালে শৰীৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।



বিঃদ্ৰঃ - এই লিখনিটো সাধাৰণ তথ্যৰ ভিত্তিত দিয়া হৈছে। অধিক তথ্য আৰু সহায়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। 

Post a Comment

Previous Post Next Post