বিজয় কিৰিতি


ৰূপজ্যোতি চাংমাই

যেনেকৈ সৰু-বৰ নৈ সাগৰত গৈ একত্ৰিত হ’য়
তেনেকৈয়ে আৰ্য, অনাৰ্য্য, অষ্টিক- মঙ্গোলীয়
ইয়াতে বিলিন হ’ল
এক সমুদ্ৰ-গভীৰ সভ্যতাৰ নিৰৱচ্ছিন্ন সোঁত .... ।
আমিয়েই সজাই আহিছো
যুগে যুগে
সভ্যতা-সংস্কৃতি, সমন্বয়ৰ
নৱ-নৱ হেতু ।
কেতিয়াবা যদি ন্যায়ৰ বাবে কৰা যুঁজত
পৰাজয় হৈ বীৰগতি লাভ কৰিছো,
কেতিয়াবা ভৱিষ্যতৰ প্ৰজন্মৰ বাবে বীৰগাঠা লিখিছো,
কাল্পনীক কাহিনী নহয়
তেজেৰে বুৰঞ্জী লিখিছো ।
কি লুইতৰ বগা পানী ৰঙা কৰি মাথো
ৰাজপথ, দেশৰ সীমান্ত কিম্বা ঘন-অৰণ্যটো
স্বদেশ - বিদেশৰ মাটি সেমেকাই
আমাৰ বুকুৰ তেজেৰেই প্ৰাণৰো আপোন
মাতৃভূমিৰ নাম লিখিছো ।
সুউচ্চ পাটকাই পৰ্বতমালাই যেন
স্থিতপ্ৰজ্ঞ হ’বলৈ মন্ত্ৰ গাইছে....
বশিষ্ট , কামাখ্যা, কেঁচাইখাতিয়েও
বিজয় তিলক পিন্ধাইছে
পৰিও নপৰা, মৰিও নমৰা আমি ।
হাজাৰ আক্ৰমণৰ পিছতো
যি ভূখণ্ডক বাৰে বাৰে খণ্ড খণ্ড কৰাৰ অভিসন্ধি আক্ৰমণকাৰীৰ
লক্ষ-লক্ষ বীৰগতি, বলিদানৰ পিছতো
আজিও আৰ্তনাদ
আজিও আমাৰ দুহাতত একেই তেজৰ বোল ।
হে ! অহংকাৰী দূৰ্যোধন - দূশাসন
তোমালোকৰ আজি অন্তত শুভবুদ্ধি উদয় হওঁক ,
প্ৰতিজ্ঞা আমিও কৰিছো 
আইক পূজাৰ বেদিত ... ।
আকৌ নতুন প্ৰভাত হ’ব
আকৌ নতুন প্ৰভাত হ’ব ...... ।




Amazon Shopping Site ~ https://amzn.to/30U93am
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব