বিজয় কিৰিতি


ৰূপজ্যোতি চাংমাই

যেনেকৈ সৰু-বৰ নৈ সাগৰত গৈ একত্ৰিত হ’য়
তেনেকৈয়ে আৰ্য, অনাৰ্য্য, অষ্টিক- মঙ্গোলীয়
ইয়াতে বিলিন হ’ল
এক সমুদ্ৰ-গভীৰ সভ্যতাৰ নিৰৱচ্ছিন্ন সোঁত .... ।
আমিয়েই সজাই আহিছো
যুগে যুগে
সভ্যতা-সংস্কৃতি, সমন্বয়ৰ
নৱ-নৱ হেতু ।
কেতিয়াবা যদি ন্যায়ৰ বাবে কৰা যুঁজত
পৰাজয় হৈ বীৰগতি লাভ কৰিছো,
কেতিয়াবা ভৱিষ্যতৰ প্ৰজন্মৰ বাবে বীৰগাঠা লিখিছো,
কাল্পনীক কাহিনী নহয়
তেজেৰে বুৰঞ্জী লিখিছো ।
কি লুইতৰ বগা পানী ৰঙা কৰি মাথো
ৰাজপথ, দেশৰ সীমান্ত কিম্বা ঘন-অৰণ্যটো
স্বদেশ - বিদেশৰ মাটি সেমেকাই
আমাৰ বুকুৰ তেজেৰেই প্ৰাণৰো আপোন
মাতৃভূমিৰ নাম লিখিছো ।
সুউচ্চ পাটকাই পৰ্বতমালাই যেন
স্থিতপ্ৰজ্ঞ হ’বলৈ মন্ত্ৰ গাইছে....
বশিষ্ট , কামাখ্যা, কেঁচাইখাতিয়েও
বিজয় তিলক পিন্ধাইছে
পৰিও নপৰা, মৰিও নমৰা আমি ।
হাজাৰ আক্ৰমণৰ পিছতো
যি ভূখণ্ডক বাৰে বাৰে খণ্ড খণ্ড কৰাৰ অভিসন্ধি আক্ৰমণকাৰীৰ
লক্ষ-লক্ষ বীৰগতি, বলিদানৰ পিছতো
আজিও আৰ্তনাদ
আজিও আমাৰ দুহাতত একেই তেজৰ বোল ।
হে ! অহংকাৰী দূৰ্যোধন - দূশাসন
তোমালোকৰ আজি অন্তত শুভবুদ্ধি উদয় হওঁক ,
প্ৰতিজ্ঞা আমিও কৰিছো 
আইক পূজাৰ বেদিত ... ।
আকৌ নতুন প্ৰভাত হ’ব
আকৌ নতুন প্ৰভাত হ’ব ...... ।




Amazon Shopping Site ~ https://amzn.to/30U93am

Post a Comment

Previous Post Next Post