"পিতৃৰ দৃষ্টিত জুবিন" কপিল ঠাকুৰে পুত্ৰ জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা গ্ৰন্থখনৰ কিছু অনুভৱ- ঋতুপৰ্ণ বৰা

    (ফটো:- দেউতাকৰ কোলাত জুবিন আৰু জংকি)


                       কপিল ঠাকুৰে পুত্ৰ জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা "পিতৃৰ দৃষ্টিত জুবিন" গ্ৰন্থখন পঢ়ি যথেষ্ট ভাল লাগিলে। ১৯৭২ চনৰ শীতকালৰ নবেম্বৰ মাহৰ ১৮ তাৰিখে ঢলপুৱাতে তুৰাৰ চিভিল হস্পিতালত জুবিন গাৰ্গৰ জন্ম হোৱাৰ পৰা আৰম্ভ কৰি তেওঁৰ জীৱনৰ বিভিন্ন সৰু ডাঙৰ ঘটনা আৰু বহু ন-পুৰণি ফটোৰে সজোৱা গ্ৰন্থখন পঢ়ি জুবিন গাৰ্গৰ ব্যক্তিক আৰু অলপ গভীৰ ভাৱে জানিলোঁ। পিতৃয়ে লিখিছে জুবিন গাৰ্গৰ স্বভাৱ ফকীৰৰ দৰে। মানুহক মুক্ত হস্তে দান কৰে। তাৰ পাছ মুহূৰ্ততে কিছু টকাৰ প্ৰয়োজন হ'লে দেখা যায় তেওঁৰ হাতত টকা নাই। তেওঁ অতীত বা ভৱিষ্যত ভাবি মূৰ কামৰণি নলয়। বুদ্ধদেৱৰ দৰে গুৰুসকলে কোৱা-'বৰ্তমানত জীয়াই থাকা' কথাষাৰ তেওঁ নিত্যই পালন কৰে। গ্ৰন্থ খনৰ এটি অধ্যায়ত জুবিন গাৰ্গৰ গায়িকী আৰু অভিনয় শৈলীৰ ওপৰত পিতৃৰ দৃষ্টিভংগী বিষয়ে পঢ়ি ভাল লগা কথাখিনি তলত শ্বেয়াৰ কৰিলোঁ।
"আৰু এটা বিশেষ কথা জুবিনৰ গায়কীৰ বিষয়ে সোধে। জুবিনে উচ্চাঙ্গ সংগীত ক'ত শিকিলে? আগতেই কৈ আহিছোঁ আৰু এই বিষয়ে অনেক লিখাও হৈছে যে জুবিনে আনুষ্ঠানিকভাৱে কোনো গুৰুৰ ওচৰত ৰাগপ্ৰধান সংগীত শিকা নাই। ঘৰতে হাৰমনিয়ামখন লৈ ৰেৱাজ কৰি থাকে আৰু প্ৰচলিত হিন্দী, অসমীয়া আৰু বাংলা গানবোৰ সাধনা কৰি থাকে। তেনেতে এটা ঘটনা ঘটিল। তেওঁ প্ৰথমবাৰ মুম্বাইৰপৰা অহাৰ পাছত শেখৰ কাপুৰৰ আলোড়নকাৰী ছবি 'বেন্দিত কুইনে' মুক্তি পালে। গানৰ কেছেটটো যোগাৰ কৰিলে। জুবিন ঘৰলৈ আহি কেছেটটো বজাবলৈ ধৰিলে। সংগীত দিছিল আৰু গানকেইটা গাইছিল ওস্তাদ ফটেহ আলি খানে। জুবিনে গান কেইটা শুনি ইমান মুগ্ধ আৰু মোহিত হ'ল যে তেওঁ কান্দি পেলালে আৰু সেই গোটেই নিশা সেই কেছেটটো উৰাই ঘূৰাই শুনি থাকিলে। বাৰে বাৰে কোৱাৰ স্বত্বেও শুবলৈ নগ'ল। সেয়ে প্ৰথম মই জুবিনক কন্দা দেখিলো।

সেই নিশা বোধহয় তেওঁ খান চাহাবৰ গায়ক শৈলী আয়ত্ত কৰিবলৈ উপৰ্যুপৰি গানকেইটা শুনিলে। তেওঁৰ কষ্ট ফলবতীও হ'ল। তাৰ পাছত তেওঁৰ কণ্ঠত সুৰৰ উচ্চ, নিম্ন গ্ৰামৰ ভাঁজবোৰ সলনি হ'বলৈ ধৰিলে। হিন্দী চিনেমাত 'য়া-আলি'কে ধৰি কেইবাটাও ৰাগ-প্ৰধান চুফী গীত সফলতাৰে পৰিবেশন কৰিলে। মোৰ বোধেৰে সেই 'বেন্দিত কুইন'ৰ গান শুনা নিশাই জুবিনে ফতেহ আলি খান চাহাবক মনে মনে গুৰুৰ আসনত অভিষেক কৰিলে। সেয়ে খান চাহাবেই জুবিনৰ উচ্চাঙ্গ সংগীতৰ গুৰু। ঘটনাটো একলব্যই দ্ৰোণাচাৰ্যক গুৰু মানি লোৱাৰ দৰে। সিদিনা তেওঁৰ আকাংক্ষা, যৌৱনৰ শুদ্ধতা আৰু গানৰ সত্যতা তেওঁৰ আত্মাত একাকাৰ হৈ গৈছিল।
আৰু এটা বিশেষত্ব লক্ষ্য কৰিছিল যে বৰগীত ৰেকৰ্ডিং কৰোতে তেওঁ ধুতী পিন্ধি গামোচা লৈ মাটিত বহি গাইছিল।এই কথাটোও হয়তো পৰম্পৰাগত ভক্তিৰ এটা প্ৰকাশ ঘটিছিল। কিন্তু আমি ভাবো কথাটোত Method Acting বোলা প্ৰণালীটো নিহিত হৈ আছে। এই পদ্ধতিৰ নিৰ্দেশ হ'ল যে অভিনেতা বা গায়কজন অভীষ্ট চৰিত্ৰটো হৈ ল'ব লাগে অন্তৰে-বাহিৰে। এইদৰে সর্বান্তঃকৰণে নিজ ভক্ত নহ'লে ভক্তি নিসিজে, বৰগীত গাওঁতে প্ৰয়োজনীয় আন্তৰিক পৰশ দিব নোৱাৰি। জুবিনে 'মন যায়' কথাছবিখনত নায়কৰ ভাওটো কৰোতে সেই পদ্ধতিকে অনুসৰণ কৰিছিল। সেয়ে দৰ্শকে ছবিখন চাওঁতে নায়ক জনকহে দেখি আছিল, জুবিন গাৰ্গক নহয়।"

Post a Comment

Previous Post Next Post