আকৌ নতুন প্ৰভাত হ'ব

✍ ৰূপজ্যোতি চাংমাই


এৰি অহা পদুলিটোত

সৰুতে খেলা

ধুলিবোৰৰ কেচা সুৱাসত লিখি আহিছিলো "যি বাটেৰে ওলাই 

আহিছো, সেইবাটেৰে কেতিয়াও উভতি নাযাও!"

দিহিঙৰ পাৰতে পিতাই এটা


সপোন পুহি থৈছিল।


সেই সপোনটোকে খেদি খেদি


পাৰহৈ গল মোৰ শৈসৱ, কৈশোৰ আৰু


এইয়া যৌৱন।


তোৰ সৈতে এদিন


নীলা হোৱাৰ বাসনা এটা


থাকি গল,


সেউজীয়া হোৱাৰ হেপাহ এটিও ৰৈ গল।


সময়যেই নিষ্ঠুৰ অ'!


খহিবলৈ ধৰা আপোন বাৰীখনৰ


ভেটিতোকে খামুচি ধৰাৰ তাৰনাত


সিঁহতৰ সৈতে ময়ো


এদিন হেৰাই গলো


তেজে ধুৱা বাটত..।


এতিয়া মাথো বুকুত


সপোন হেৰুৱাৰ বেদনা,


মুক্ত হোৱাৰ তাৰনা।


এদিন আকৌ


এৰি অহা বাটেৰে


এটা নতুন জানাকী সপোনলৈ


উভতি যাম,


সেই পণ আৰু সপোনতোৰ বাবেই


যি বাটেৰে ওলাই আহিছো


সেইবাটেৰে কেতিয়াও উভতি নাযাও....
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব