✍ ৰূপজ্যোতি চাংমাই
এৰি অহা পদুলিটোত
সৰুতে খেলা
ধুলিবোৰৰ কেচা সুৱাসত লিখি আহিছিলো "যি বাটেৰে ওলাই
আহিছো, সেইবাটেৰে কেতিয়াও উভতি নাযাও!"
দিহিঙৰ পাৰতে পিতাই এটা
সপোন পুহি থৈছিল।
সেই সপোনটোকে খেদি খেদি
পাৰহৈ গল মোৰ শৈসৱ, কৈশোৰ আৰু
এইয়া যৌৱন।
তোৰ সৈতে এদিন
নীলা হোৱাৰ বাসনা এটা
থাকি গল,
সেউজীয়া হোৱাৰ হেপাহ এটিও ৰৈ গল।
সময়যেই নিষ্ঠুৰ অ'!
খহিবলৈ ধৰা আপোন বাৰীখনৰ
ভেটিতোকে খামুচি ধৰাৰ তাৰনাত
সিঁহতৰ সৈতে ময়ো
এদিন হেৰাই গলো
তেজে ধুৱা বাটত..।
এতিয়া মাথো বুকুত
সপোন হেৰুৱাৰ বেদনা,
মুক্ত হোৱাৰ তাৰনা।
এদিন আকৌ
এৰি অহা বাটেৰে
এটা নতুন জানাকী সপোনলৈ
উভতি যাম,
সেই পণ আৰু সপোনতোৰ বাবেই
যি বাটেৰে ওলাই আহিছো
সেইবাটেৰে কেতিয়াও উভতি নাযাও....
সৰুতে খেলা
ধুলিবোৰৰ কেচা সুৱাসত লিখি আহিছিলো "যি বাটেৰে ওলাই
আহিছো, সেইবাটেৰে কেতিয়াও উভতি নাযাও!"
দিহিঙৰ পাৰতে পিতাই এটা
সপোন পুহি থৈছিল।
সেই সপোনটোকে খেদি খেদি
পাৰহৈ গল মোৰ শৈসৱ, কৈশোৰ আৰু
এইয়া যৌৱন।
তোৰ সৈতে এদিন
নীলা হোৱাৰ বাসনা এটা
থাকি গল,
সেউজীয়া হোৱাৰ হেপাহ এটিও ৰৈ গল।
সময়যেই নিষ্ঠুৰ অ'!
খহিবলৈ ধৰা আপোন বাৰীখনৰ
ভেটিতোকে খামুচি ধৰাৰ তাৰনাত
সিঁহতৰ সৈতে ময়ো
এদিন হেৰাই গলো
তেজে ধুৱা বাটত..।
এতিয়া মাথো বুকুত
সপোন হেৰুৱাৰ বেদনা,
মুক্ত হোৱাৰ তাৰনা।
এদিন আকৌ
এৰি অহা বাটেৰে
এটা নতুন জানাকী সপোনলৈ
উভতি যাম,
সেই পণ আৰু সপোনতোৰ বাবেই
যি বাটেৰে ওলাই আহিছো
সেইবাটেৰে কেতিয়াও উভতি নাযাও....
Tags:
কবিতা