ফুলাম বা মেছাগড়



✍ দীপজ্যোতি বৰগোঁহাই , মাদুৰী

আতীজতে মেছাগড়ৰ নাম ফুলাম আছিল । মেছাগড়ৰ বিষয়ে বুৰঞ্জীৰ পাতত এইদৰে আছে - "আহোম আৰু কোঁচৰ যুদ্ধত কোঁচৰ সেনাপতি চিলাৰায়ে দিখৌমুখেদি সোমাই আহি আহোমক পৰাস্ত কৰি দিখৌৰ কাষত কোঠ মাৰিলে । তাত আগৰে পৰা থকা ১৩ ঘৰ মেছ কছাৰী মানুহক আঁতৰি যাবলৈ কলে । মেছ কছাৰী সকলে মেছাগড়ত ঘৰ সাজিলে , ঘৰৰ মাৰলি বোৰ মেছা হৈ ৰল । সেয়ে ঠাই খনৰ নাম ফুলামৰ সলনি মেছাগড় হ'ল । (হেমচন্দ্ৰ গোস্বামীৰ অসম বুৰঞ্জী , ড° সূৰ্য কুমাৰ ভূঞাৰ সাতসৰী বুৰঞ্জীৰ মতে ১৪৮৪ শক ১৫৬২ খ্ৰীঃ) চিলাৰায়ে দিহিং পাৰ হৈ সাদিন যুদ্ধ কৰি গাঁও-ভূঁই ভাঙি মেছাগড়ত কোঠ দি নৰনাৰায়ণ সহিতে আছিলহি । মেছাগড়ত বাস কৰা বৰগোঁহাই সকলক মেছঘৰীয়া বৰগোঁহাই বোলা হয় । এই মেছাগড়তে স্বৰ্গদেউ প্ৰতাপ সিংহই মাতৃ মেছলৌ কুঁৱৰীৰ মেছলৌ পুখুৰী খন্দাই দিছিল । মেছাগড়ত আহোম বৰগোঁহাই (সম্ভ্ৰান্ত) ডা-ডাঙৰীয়া সকলে বাস কৰা এখন ঐতিহাসিক পুৰণি চহৰ । দুই এজন বুৰঞ্জী লেখকে ঐতিহাসিক বাঁহ গড়টো মেছাঘৰৰ পোনতে দেখি মেছাগড় হ'ল বুলিও লিখা দেখা যায় । কিন্তু ৰাজঅজ্ঞাত নিৰ্মাণ কৰা ৰাজধানী সুৰক্ষাৰ গড় ওখ-চাপৰ মেছাকৈ নিৰ্মাণ কৰিবই নোৱাৰে ।

Post a Comment

Previous Post Next Post