ফুলাম বা মেছাগড়



✍ দীপজ্যোতি বৰগোঁহাই , মাদুৰী

আতীজতে মেছাগড়ৰ নাম ফুলাম আছিল । মেছাগড়ৰ বিষয়ে বুৰঞ্জীৰ পাতত এইদৰে আছে - "আহোম আৰু কোঁচৰ যুদ্ধত কোঁচৰ সেনাপতি চিলাৰায়ে দিখৌমুখেদি সোমাই আহি আহোমক পৰাস্ত কৰি দিখৌৰ কাষত কোঠ মাৰিলে । তাত আগৰে পৰা থকা ১৩ ঘৰ মেছ কছাৰী মানুহক আঁতৰি যাবলৈ কলে । মেছ কছাৰী সকলে মেছাগড়ত ঘৰ সাজিলে , ঘৰৰ মাৰলি বোৰ মেছা হৈ ৰল । সেয়ে ঠাই খনৰ নাম ফুলামৰ সলনি মেছাগড় হ'ল । (হেমচন্দ্ৰ গোস্বামীৰ অসম বুৰঞ্জী , ড° সূৰ্য কুমাৰ ভূঞাৰ সাতসৰী বুৰঞ্জীৰ মতে ১৪৮৪ শক ১৫৬২ খ্ৰীঃ) চিলাৰায়ে দিহিং পাৰ হৈ সাদিন যুদ্ধ কৰি গাঁও-ভূঁই ভাঙি মেছাগড়ত কোঠ দি নৰনাৰায়ণ সহিতে আছিলহি । মেছাগড়ত বাস কৰা বৰগোঁহাই সকলক মেছঘৰীয়া বৰগোঁহাই বোলা হয় । এই মেছাগড়তে স্বৰ্গদেউ প্ৰতাপ সিংহই মাতৃ মেছলৌ কুঁৱৰীৰ মেছলৌ পুখুৰী খন্দাই দিছিল । মেছাগড়ত আহোম বৰগোঁহাই (সম্ভ্ৰান্ত) ডা-ডাঙৰীয়া সকলে বাস কৰা এখন ঐতিহাসিক পুৰণি চহৰ । দুই এজন বুৰঞ্জী লেখকে ঐতিহাসিক বাঁহ গড়টো মেছাঘৰৰ পোনতে দেখি মেছাগড় হ'ল বুলিও লিখা দেখা যায় । কিন্তু ৰাজঅজ্ঞাত নিৰ্মাণ কৰা ৰাজধানী সুৰক্ষাৰ গড় ওখ-চাপৰ মেছাকৈ নিৰ্মাণ কৰিবই নোৱাৰে ।
Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব