টাই আহোম সকলৰ ঔষধি উদ্ভিদৰ এটি আভাস



🖊  অভিজিত মাৰ্ঘেৰিটা

টাই আহোম সকলে বিভিন্ন ধৰণৰ উদ্ভিদৰ ছাল , ফুল,শিপা আদি বিভিন্নৰোগৰ ঔষধ হিচাপে ব্যবহাৰ কৰে ..|বৰ্তমান সময়ত প্ৰায়বোৰ উদ্ভিদ পোৱা সম্ভব নহয় তথাপিতো তেনেধৰণৰ ঔষধী গুণ সম্পন্ন উদ্ভিদৰ এটি আভাস আগবঢাইছো ...

1.শেৱালি ফুল

সাধাৰণতে শেৱালি ফুল শৰতৰ সেমেকা ৰাতি ফুলে আৰু ৰাতিপুৱালৈ গছৰ পৰা সৰি পৰে | শুকান শেৱালি ফুল সৰু আই ওলোৱা মানুহক খুৱালে সোণকালে আৰোগ্য হয় বুলি টাই আহোম সকলে বিশ্বাস কৰে | পালজ্বৰ হলে টাই আহোম সকলে শেৱালি ফুলৰ ৰস ঔষধ হিচাপে ৰোগীক খুৱাই |

2.কলডিল

পূৰ্বৰে পৰা টাই আহোম সকলৰ এক অন্যতম প্ৰিয় খাদ্য হল কলডিল ।সাধাৰণতে পাৰ , হাঁ‌হ আদি মঙহৰ লগত ইয়াক খোৱা হয় । নিম্ন ৰক্তচাপ , পিত্ত আদিৰ দৰে ৰোগত আহোমসকলে কলডিল খালে আৰোগ্য হয় বুলি বিশ্বাস কৰে। কৃমি ,মূৰ্ছা যোৱা ,লিভাৰ আদি ৰোগৰ প্ৰতিকাৰৰ বাবেও কলডিল ব্যৱহাৰ কৰা হয় ।

3.বক ফুল

কুকুৰীকণাৰ দৰে ৰোগৰ এক অন্যতম প্ৰতিকাৰক হল বক ফুল । বক ফুল ঘিউৰ লগত ভাজি খালে মানুহৰ কুকুৰীকণা ৰোগ ভাল হয় বুলি আহোমসকলে বিশ্বাস কৰে । শুকান বক ফুল গুৰি কৰি ছাল ফটাত লগালে সেই ৰোগৰ পৰা আৰোগ্য লাভ কৰা হয় । তিতিকি তিতিকি লগা এইবিধ ফুল কণীৰ লগতো ভাজি খোৱা হয় ।

4.চজিনা ফুল

বসন্ত ঋতুত ওলোৱা বসন্ত ৰোগৰ প্ৰতিষেধক হিচাপে এইবিধ ফুল ব্যৱহাৰ কৰা হয় । বসন্তৰ লগতে কৃমি, বায়ুৰোগ, ধনুষ্টংকাৰ দৰে ৰোগো চজিনা ফুল খালে নিৰাময় হয় বুলি টাই আহোম সকলে বিশ্বাস কৰে ।

অসম মুলুকত প্ৰচলিত তিতাফুলক ৰঙা বাহাকা ফুল বুলিও কোৱা হয় ।এইবিধ বনৰীয়া গছ যদিও আহোম সকলে বাৰীৰ ঢাপত ৰোৱা দেখা যায় ।বাত বিষ ,ৰক্তহীনতা ,সৰু লৰা ছোৱালীৰ উশাহ লওতে অসুবিধাহলে ঔষধ হিচাপে আহোম সকলে ৰোগীক খুৱাই ।

অনিচ্ছাকৃত ভাবে কিবা ভুল ক্ৰটি ৰৈ গলে আঙুলিয়াই দিব । ধন্যবাদ ।



Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব