শিক্ষক দিৱসৰ তাৎপর্য

 

শিক্ষক দিৱস প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয়।  ৫ ছেপ্টেম্বৰ দিনটো ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন, তেখেতৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল, সেই সময়ত তেওঁৰ কিছুমান ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীয়ে তেওঁক তেওঁৰ জন্মদিন ৫ ছেপ্টেম্বৰত উদযাপন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল। 

তেতিয়া তেওঁ উত্তৰ দিছিল - মোৰ জন্মদিন উদযাপনৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰক শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে সেয়া মোৰ সৌভাগ্য হ'ব।

তাৰ পিছৰ পৰাই অৰ্থাৎ ১৯৬২ চনৰ পৰা প্ৰতিবছৰে ৫ ছেপ্টেম্বৰ তাৰিখত  ড° সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্মদিনত ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু ১৩ মে’ ১৯৬২ চনৰ পৰা ১৩ মে’ ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল।
তেওঁ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ কৰ্মজীৱন দৰ্শনৰ অধ্যাপক, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ অধ্যক্ষ, ইউনেস্ক’ৰ কাৰ্যবাহী মণ্ডলীৰ অধ্যক্ষ আছিল। তেওঁ বহুতো গ্ৰন্থ ৰচনা কৰিছিল তাৰে কেইখনমান গ্ৰন্থ হৈছে - Indian Philosophy, The Philosophy of Rabindranath Tagore, An Idealist View of Life, The Hindu View of Life, Eastern Religions and Western Thought, The Principal Upanishads, The Reign of Religion in Contemporary Philosophy ইত্যাদি।

শিক্ষক সকল হৈছে সমাজৰ মেৰুদণ্ড স্বৰূপ। তেওঁলোকৰ শিক্ষাৰ পোহৰেৰে অনুপ্ৰাণিত হৈ সমাজ, ৰাজ্য, দেশ পৰিচালিত হয়, শিক্ষক সকলৰ অবিহনে আধৰুৱা।
শিক্ষক সকলৰ ভৱিষ্যতৰ সমাজ নিৰ্মাণত  গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিক্ষক সকলৰ এই দায়িত্বক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু
গুৰু দেৱো মহেশ্বৰ।
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম
তস্মৈশ্ৰী গুৰুৱে নমঃ।।

গুৰু আদি, গুৰু অন্ত, গুৰু আমাৰ বাবে ব্ৰহ্মাণ্ড। গুৰু আমাৰ পথ প্ৰদৰ্শক। গুৰু অবিহনে আমাৰ জীৱন নিৰৰ্থক।


Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব