যোগ ব্যায়াম: শৰীৰৰ সুস্থতা আৰু মনৰ প্ৰশান্তিৰ চাবিকাঠি

Image Source Link - https://freepngimg.com/png/19511-yoga-png-picture




দৈনন্দিন জীৱনত যোগ শিক্ষাৰ প্ৰভাৱ


পাঁচ হাজাৰ বছৰতকৈ আগতে ভাৰতত যোগৰ উৎপত্তি হৈছিল। যোগৰ উল্লেখ ঋগবেদত পোৱা যায়। ঋগবেদত ঋষি মুনি সকলৰ সৈতে জড়িত চেতনা আৰু ধাৰণাৰ সৈতে একত্ৰিত কৰি আধ্যাত্মিক ভাবে উপস্থাপন কৰা হৈছে। ভাৰতত ঋষি মুনি সকলে ৰোগমুক্ত শৰীৰ সৃষ্টিৰ লক্ষ্যৰে ঘণ্টাৰ পিছত ঘন্টা ধ্যান কৰিছিল, ফলত সুস্বাস্থ্য অটুট থাকিছিল। যোগ শব্দটো সংস্কৃত শব্দ 'যুজ' ৰ পৰা উদ্ভৱ হৈছে, ইয়াৰ অৰ্থ হৈছে - সংযোগ কৰা, একত্ৰিত কৰা। সংস্কৃত শব্দ 'যুজ' ৰ পৰা উৎপত্তি হোৱা শব্দৰ অৰ্থ - শৰীৰ আৰু আত্মাৰ মিলনৰ দ্বাৰা সুস্থ জীৱন যাপনৰ পথ বুলিব পাৰি।

শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে - " যোগঃ কৰ্মসু কৌশলম্ "॥ ২/৫০ ॥  অৰ্থাৎ যোগৰ দ্বাৰাই কৰ্মৰ কুশলতা বৃদ্ধি হয়।

চিকিৎসা বিজ্ঞানেও যোগ চর্চাক স্বীকৃতি দিছে, শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্যত যোগে গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। কঁকালৰ বিষৰ দৰে সমস্যা, মানসিক চাপ, উদ্বেগ, হতাশা ইত্যাদি নানান শাৰিৰীক সমস্যা নিৰাময়ৰ ক্ষেত্ৰত যোগ চৰ্চায়ে সহায় কৰে। যোগক সেয়ে বিজ্ঞান বুলিব পাৰি, কাৰণ যোগ পদ্ধতিগত প্ৰমাণভিত্তিক শাখা।


ভাৰত চৰকাৰে (Graduate Medical Education Regulations, 2023) স্নাতক চিকিৎসা শিক্ষা নিয়মাৱলী, ২০২৩ ত যোগ অন্তৰ্ভুক্ত কৰিছে। যাৰ ফলত চিকিৎসা বিজ্ঞানৰ বিভিন্ন ব্যৱস্থাৰ অন্তৰ্গত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত যোগ প্ৰশিক্ষক নিযুক্তি দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে। 

(বেমাৰ-আজাৰ হলে, মাহেকীয়া সময়ত যোগ ব্যায়াম কৰিব নালাগে/ টান ৰোগ হলে সম্পূৰ্ণৰূপে আৰোগ্য লাভ নকৰালৈকে যোগাসন কৰাৰ পৰা বিৰত থাকিব লাগে/ শীৰ্ষাসন, শশাংগাসন, পদহস্তাসন, পশ্চিমোত্তানাসন, সৰ্বাংগসন, হলাসন আৰু বিভিন্ন মুদ্ৰা আসন সমূহ হাৰ্টৰ ৰোগী, হাই ব্লাড প্ৰেচাৰত ভুগি থকা সকলে কৰাৰ পৰা বিৰত থাকিব লাগে। টিবি, জণ্ডিচ ৰোগীয়ে ভাল নোহোৱা পৰ্যন্ত কোনো ব্যায়াম, আসন, মুদ্ৰা কৰিব নালাগে।)

দৈনন্দিন জীৱনত যোগ চৰ্চাই আমাক বহুতো সহায় কৰিব পাৰে। যোগাসনে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰিব পাৰে, যোগাসনে বাত বিষৰ লক্ষণ সমূহ লাঘৱ কৰিব পাৰে, যোগাসনে শৰীৰত ভাৰসাম্য, শক্তি বৃদ্ধি কৰে, যোগাসনে আমাৰ মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাৰ ফলত হৃদযন্ত্রৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে, যোগাসনে মনৰ উৎসাহ বৃদ্ধি কৰাত সহায় কৰে আৰু মনৰ নেতিবাচক অনুভৱ সমূহ কম কৰাত সহায় কৰে, যোগাসনে টোপনিৰ মান উন্নত কৰে। 

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব