পৰিৱেশ সজাগতা অভিযান
"প্লাষ্টিক বেগৰ ব্যৱহাৰ বন্ধ কৰক”
প্লাষ্টিক বেগ নগৰীয়া জীৱন আৰু পৰিৱেশৰ একপ্ৰকাৰ এৰাব
নোৱাৰা অথন্তৰ প্ৰায় হৈ পৰিছে। মানুহৰ জীৱন-যাপন প্ৰণালীৰ পৰিৱৰ্তনৰ লগে লগে তুলনামূলকভাৱে পাতল, সস্তীয়া, সহজে নষ্ট নোহোৱা আৰু লৈ ফুৰিব পৰা প্লাষ্টিক বেগৰ ব্যৱহাৰ দ্রুত হাৰত বাঢ়িব লাগিছে। মানুহৰ দৈনন্দিন জীৱন-যাপন বহুক্ষেত্রত সহজ কৰি তোলা এই প্লাষ্টিক বেগবোৰৰ সহজে পচন নঘটে (পচন ঘটিবলৈ ৫০ মানৰ পৰা ২৫০ বছৰৰ প্ৰয়োজন)। এইবোৰ ব্যৱহাৰৰ পিছত অইন পেলনীয়া সামগ্ৰীৰ লগত বা অকলে বিবেচনাহীনভাৱে নিজৰ সুবিধামতে য'তে ত'তে পেলাই দিয়াৰ ফলত সৃষ্টি
হ'ব লাগিছে ভয়ংকৰ পৰিৱেশজনিত সমস্যা।
পেলনীয়া প্লাষ্টিক বেগে সৃষ্টি কৰা পৰিৱেশ আৰু জনস্বাস্থ্যজনিত
সমস্যাটো আমাৰ অভ্যাস আৰু বহুবোৰ বিবেচনাহীন কামৰ লগত
প্রত্যক্ষভাৱে জড়িত। আমি অভ্যাস পৰিৱৰ্তনেৰে বা পৰিৱেশ মিত্র অভ্যাস গঠনেৰে এই সমস্যাৰ প্রকোপ বহু পৰিমাণে কমাব পাৰো। যদি আমি ভাবি থাকো যে প্লাষ্টিক বেগ অবিহনে আমাৰ জীৱনলৈ হাহাকাৰ নামি আহিব, তেন্তে সেইটো সম্পূর্ণ সত্য নহয়। কিয়নো ইয়াৰ বিকল্প ব্যৱহাৰেৰে আমি সুন্দৰ জীৱন-যাপন কৰিব পাৰো। অৱশ্যে ইয়াৰবাবে প্রয়োজন সজাগতা আৰু অভ্যাস পৰিৱৰ্তন কৰিব পৰা মানসিক দৃঢ়তা।
পেলনীয়া প্লাষ্টিক বেগে সৃষ্টি কৰা সমস্যা -
• মাটি প্রদূষণ ঘটাই ইয়াৰ উৰ্বৰা শক্তি কমাই আনে।
• পানীত পেলালেই পানী প্রদূষণ ঘটায়।
• বতাহ-বৰষুণত উটি গৈ নলা-নর্দমাত আৱদ্ধ হৈ কৃত্রিম বান সৃষ্টিত অৰিহণা যোগায়।
• মুকলিত দহন কৰিলে নিৰ্গত হোৱা বিষাক্ত আৰু বিপদজনক ছালফাৰ ডাই-অক্সাইড, কার্বনমনোক্সাইড, হাইড্রোজেন ছাইনাইড, ডায়ক্সিন আৰু ফিউৰেন আদি গেছবোৰে বায়ু প্ৰদূষণ ঘটোৱাৰ লগতে ইয়াৰ সঘন সংস্পৰ্শলৈ অহা মানুহৰ কেন্সাৰকে আদি কৰি আন বহুতো দুৰাৰোগ্য ৰোগ হোৱাৰ সম্ভাৱনা বেছি।
• যেনিয়ে তেনিয়ে পৰি থকা প্লাষ্টিক বেগে ঠাই ডোখৰৰ নান্দনিক সৌন্দর্য্য হ্রাস কৰে।
আমি কি কৰাৰ প্ৰয়োজন -
• প্লাটিক বেগৰ ব্যৱহাৰ বন্ধ কৰক আৰু আনকো বুজাওক।
• বজাৰ কৰিবলৈ যাওঁতে লগত কাপোৰ, কাগজ বা মৰাপাট আদিৰে
তৈয়াৰী আৰু বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা মোনা নিয়াৰ অভ্যাস কৰক।
• বিক্রেতাই প্লাষ্টিকৰ বেগত দিয়া বস্তু ক্রেতাই লবলৈ অস্বীকাৰ কৰক।
• বিক্রেতাক বস্তুবোৰ কাগজ বা মৰাপাট নাইবা কাপোৰৰ মোনাত দিবলৈ অনুৰোধ কৰক।
• প্লাষ্টিকৰ মুক্ত দহনৰ পৰা বিৰত থাকক।
• উপায়হীন বা জৰুৰী ক্ষেত্ৰত ব্যৱহৃত প্লাষ্টিক বেগৰ পূৰ্নব্যৱহাৰ বা
পুনৰাৱৰ্তন নিশ্চিত কৰক।
• কেতিয়াও ৰঙীণ প্লাষ্টিক বেগ (বিশেষকৈ ক'লা, ৰঙা, নীলা আদি)
ব্যৱহাৰ নকৰিব।
• প্লাষ্টিক বেগে সৃষ্টি কৰা সমস্যা আৰু ইয়াৰ ব্যৱহাৰ বন্ধ কৰাৰ
প্রয়োজনীয়তা আদিৰ বিষয়ে আনৰ লগত আলোচনা কৰক।
কাগজ, কাপোৰ বা মৰাপাট আদিৰে তৈয়াৰী বেগ ব্যৱহাৰ কৰক
জানি থোৱা ভাল -
• ভাৰত চৰকাৰে ইতিমধ্যে প্লাষ্টিক বেগৰ উৎপাদন, জমা কৰি থোৱা, ব্যৱহাৰ আদি
দিশৰ ওপৰত প্ৰযোজ্য হোৱাকৈ ২০১১ চনৰ জুলাই মাহৰ ২ তাৰিখে Plastic Waste (Management and Handling) (Amendment) Rules, 2011 নামৰ এখন বিধি প্রণয়ন কৰিছে।
• উক্ত বিধিমতে কোনো ধৰণৰ ধঁপাত জাতীয় সামগ্ৰীৰ পেকিঙৰ বাবে প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব।
• এই বিধি অনুসৰি ৪০ মাইক্রন বা তাতোকৈ অধিক ডাঠ প্লাষ্টিক বেগ উৎপাদন, জমা কৰি থ'ব বা ব্যৱহাৰ কৰিব পাৰিব।
• প্লাষ্টিক বেগৰ ব্যৱহাৰ বা উৎপাদনৰ সকলো দিশত নগৰ প্ৰশাসনে ইয়াৰ উৎপাদক সকলকো জড়িত কৰি পৰিচালনা কৰিব লাগে।
আৱৰ্জনা মুক্ত পৰিৱেশ গঢ়াৰ হকে জনসজাগতা সৃষ্টিৰ লক্ষ্যেৰে
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত।