নিছাৰ অৰ্থাৎ NISAR (NASA-ISRO Synthetic Aperture Radar) উপগ্ৰহ আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰোৰ যৌথভাৱে কৰা এক প্ৰকল্প। এই নিছাৰ উপগ্ৰহৰ দ্বাৰা নাছা আৰু ইছৰোয়ে যৌথভাৱে পৃথিৱী পৰ্যবেক্ষণ অভিযান আৰম্ভ কৰিব। নিছাৰ উপগ্ৰহ ২০২৫ চনৰ ৩০ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সন্ধিয়া ৫ বাজি ৪০ মিনিটত উৎক্ষেপন কৰা হয়। ইছৰোৰ দ্বাৰা নিৰ্মিত GSLV-F16 ৰকেটে উৎক্ষেপণ কৰে নিছাৰ উপগ্ৰহ।
নিছাৰ উপগ্ৰহ পৃথিৱী পৰ্যবেক্ষণৰ উপগ্ৰহ। ইয়াৰ মূল উদ্দেশ্য হৈছে পৃথিৱীৰ প্ৰাকৃতিক পৰিঘটনা - জলবায়ু, মাটিৰ বিকৃতি, মাটিৰ আৰ্দ্ৰতাৰ পৰিৱৰ্তন, সম্পদ ব্যৱস্থাপনা, দুৰ্যোগৰ সঁহাৰি, আগ্নেয়গিৰি, ভূমিকম্প, হিমবাহ, ভূমিৰ পৰিৱৰ্তন আদিৰ ওপৰত নিৰীক্ষণ ৰখা। নিছাৰ উপগ্ৰহে প্ৰতি ১২ দিনৰ মূৰে মূৰে সমগ্ৰ পৃথিৱী স্কেন কৰিব, উচ্চ ৰিজ’লিউচনৰ বাবে উপগ্ৰহটোৱে ১২ মিটাৰ (৩৯ ফুট) ব্যাসৰ বৃহৎ ৰাডাৰ ৰিফ্লেক্টৰ এণ্টিনা কঢ়িয়াই লৈ ফুৰে, যিয়ে উচ্চ ৰিজ’লিউচন ইমেজিং সক্ষম কৰে। নিছাৰ উপগ্ৰহে সকলো বতৰ, দিন আৰু ৰাতিৰ তথ্য প্ৰদান কৰিব।
নিছাৰ উপগ্ৰহৰ ওজন হৈছে ২,৩৮০ কিলোগ্ৰাম (৫,২৫০ পাউণ্ড)। নিছাৰে ১০ ইঞ্চি তৰংগদৈৰ্ঘ্যৰ এল-বেণ্ড আৰু ৪ ইঞ্চি তৰংগদৈৰ্ঘ্যৰ এছ-বেণ্ড দুয়োটা ৰাডাৰ ব্যৱহাৰ কৰে।
নিছাৰ উপগ্ৰহে SweepSAR প্ৰযুক্তি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে আৰু ২৪২ কিলোমিটাৰ দৈৰ্ঘ্য আৰু উচ্চ ৰিজ’লিউচনৰ সৈতে পৃথিৱী পৰ্যবেক্ষণ কৰিব। নিছাৰ উপগ্ৰহে প্ৰতিদিনে ৮০ TB (টেৰাবাইট) ডাটা উৎপাদন কৰিব। তথ্য সমূহ ক্লাউডত সংৰক্ষণ আৰু সকলোৰে বাবে প্ৰৱেশযোগ্যও হব। নাছা আৰু ইছৰোৰ এই নিছাৰ উপগ্ৰহ প্ৰকল্পৰ বাবে ১.৫ বিলিয়ন ডলাৰ ব্যয় হৈছে।